কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষা স্থগিত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 26 April 2021

কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষা স্থগিত




exam#cotton university# postponed


W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : কামৰূপ (ম) ত ক'ভিড-১৯ ৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কটন বিশ্ববিদ্যালয়ৰ বিএ লিবাৰেল আৰ্টছৰ লগতে স্নাতক প্ৰথম ষান্মাসিকৰ পৰীক্ষা ২৬-০৪-২০২১ৰ পৰা পৰৱৰ্তী অধিসূচনা জাৰি কৰালৈকে স্থগিত ৰখা হৈছে।

পৰৱৰ্তী সময়ত পৰিস্থিতি স্বাভাৱিক হ'লে বাকী থকা পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব আৰু যথা সময়ত জাননী দিয়া হ'ব। এই জাননী কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অনুমোদন অনুসৰি জাৰি কৰা হৈছে।

পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈ পৰীক্ষা অনুষ্ঠিত নহ’ব বুলি সোমবাৰে এক বিবৃতিযোগে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে জানিবলৈ দিয়ে। আনহাতে, পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ অহাৰ পিছত পৰৱৰ্তী পৰীক্ষাসূচীৰ বিষয়ে জাননীযোগে অৱগত কৰোৱা হ’ব বুলি উল্লেখ কৰে বিবৃতিটোত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here