'মহাশ্বতা আচৰ্যৰ আত্মলিপি' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 21 April 2021

'মহাশ্বতা আচৰ্যৰ আত্মলিপি' উন্মোচন






W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ:  'মহাশ্বতা আচাৰ্যৰ জীৱন সংগ্ৰাম দেখি অভিভূত হৈছোঁ। তেওঁ যি সময়ত স্বামীহাৰা হৈছিল সেই সময়ত সমাজখন  নিশ্চয়কৈ ৰক্ষণশীল আছিল। আজিৰ দৰে নাছিল। গতিকে 

মহাশ্বতা আচাৰ্যৰ সংগ্ৰামৰ কথা মই বুজিব পাৰিছোঁ।

তেওঁ এগৰাকী শক্তিশালী নাৰী- এইদৰে কয় বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে। বুধবাৰে অসম সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা ভৱনত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক, অনুবাদক মহাশ্বতা আচৰ্যৰ আত্মজীৱনী  'মহাশ্বতা আচৰ্যৰ আত্মলিপি' উন্মোচন কৰি এইদৰে কয় বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে।

তেওঁ লগতে কয় 'সাধনা, আত্মবিশ্বাস আৰু প্ৰতিভাৰে উজলি উঠা মহাশ্বতা আচৰ্যৰ এই আত্মজীৱনীখন নিশ্চয় উত্তৰসুৰীৰ বাবে হ'ব আদর্শ আৰু প্ৰেৰণাৰ উৎস। জীৱনৰ বিভিন্ন খলা-বমা নেওচি এগৰাকী নাৰীয়ে সংগ্ৰাম, সংঘাটৰ মাজেৰে কিদৰে জীৱনৰ প্ৰতিটো প্রত্যাহ্বান অতিক্ৰম কৰিব পৰাটো সুন্দৰ নিদৰ্শন। এই আত্মজীৱনী খনে পাঠকৰ বিশেষ সমাদৰ লাভ কৰিব পাৰিব বুলি আশা কৰিলোঁ। ' সভাত বিশিষ্ট লেখক ময়ুৰ বৰাই কয় ' এই পুৰুষ প্ৰধান সমাজত এনেকৈ এগৰাকী নাৰীয়ে কণমানি সন্তানক বুকুত বান্ধি আগুৱাই যোৱাটো ডাঙৰ কথা। লেখিকাই যোগাত্মক বার্তা কঢ়িয়াই অনা বাবে ধন্যবাদ জনালোঁ। সততাৰে বহু কথা লিখিব পৰা যায়। সততা মানুহৰ থাকে। আমি সততাৰ তিৰবিৰনী এই গ্ৰন্থখনত দেখিবলৈ পাম।

 তেওঁৰ এই প্ৰয়াসে নতুন প্ৰজন্মক উৎসাহ দিব।' সভাত বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয় 'এইখন আত্মজীৱনীয়ে বহুলোকক অনুপ্ৰেৰণা দিব। কাৰো জীৱন কাৰো লগত নিমিলে। প্ৰত্যেকে আত্মজীৱনী লিখা উচিত। স্বচ্ছ ঘাট-প্ৰতিঘাটৰ কাহিনী এই আত্মজীৱনীখনত সন্নিবিষ্ট কৰা হৈছে।' সভাত চন্দ্ৰ প্ৰকাশনৰ প্ৰকাশক ডাঃ ৰবীন্দ্ৰ মোহন শৰ্মাই শুভেচ্ছা মূলক ব্যক্তব্য আগবঢ়ায়। আনহাতে লেখিকাই গ্ৰন্থখনৰ আঁৰৰ কথা কয়। তেওঁ লগতে কয় নিজৰ নুমলীয়া কন্যা ড০ বাসবী আচাৰ্য আৰু ফাৰণাজ নাৰ্গীছ কৰিম বিশেষভাবে ধন্যবাদ জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here