বৃন্দাবনত নিৰ্মাণ হ'ব নামঘৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 21 April 2021

বৃন্দাবনত নিৰ্মাণ হ'ব নামঘৰ




W7S,NEWS, ষ্টাফৰিপোৰ্টাৰ: শ্ৰীকৃষ্ণ ভগবানৰ লীলাভূমি ব্ৰজভূমি বৃন্দাবনত নিৰ্মাণ কৰা এটা নামঘৰ। 'হিৰণ্ময়ী  ইণ্ডিয়া ফাউণ্ডেচন আৰু কেইবাজনো প্ৰবাসী অসমীয়া আৰু অসমৰ বহুলোকৰ প্রচেষ্টাত নিৰ্মাণ হ'ব এই নামঘৰ। বুধবাৰে স্বেচ্ছাসেৱী সংস্থা হিৰণ্ময়ী  ইণ্ডিয়া ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটী প্ৰেছক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সভাপতি, দিল্লী নিবাসী সাংবাদিক প্ৰণৱ শইকীয়াই। তেওঁ লগতে কয় ' 

আজিৰ পৰা ৫০০ বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বৃন্দাবন ভ্ৰমণ কৰিছিল। কিন্তু মহাপুৰুষ দুজনাৰ লগতে তেওঁৰ অনুগামী সকলৰ কোনো চিহ্ন নাই বৃন্দাবনত। এইটো এটা স্বাভিমানী অসমীয়াৰ বাবে অতি পৰিতাপৰ বিষয়। সেয়ে আমি বৃন্দাবনত এটা নামঘৰ নিৰ্মাণ কৰাৰ প্ৰচেষ্টা হাতত লৈছোঁ। অসমৰ পৰা প্ৰতিবছৰে প্ৰায় এক লাখ লোক বৃন্দাবন ভ্ৰমণলৈ যায়। এই লোকসকলে তাত থকা খোৱাৰ সমস্যা, ভাষাৰ সমস্যা আদিৰ লগতে ঠগ প্ৰৱঞ্চকৰ দ্বাৰা প্ৰতাৰিত হোৱা দেখা যায়। সেই পৰিপ্ৰেক্ষিতত আমি বৃন্দাবনৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰস্থিত ৰাধাকুণ্ডত দুবিঘা মাটিত

এই নামঘৰ নিৰ্মাণ কৰা হ'ব। লগতে থাকিব এটা যাত্ৰী নিবাসো নিৰ্মাণ কৰা হ'ব। তাৰ প্ৰতিবৰ্গফুটৰ মূল্য দুই হাজাৰ টকা। ইয়াৰ বাবে ভু-দান কৰিব বিচৰা সকলৰ পৰা আমি ভু-দান বিচাৰিছোঁ।

বৃন্দাবনৰ ব্ৰহ্মচাৰী পংকজ দেৱশর্মা, অসমৰ উদীয়মান ব্যৱসায়ী কল্প তালুকদাৰ, অষ্ট্ৰেলিয়াৰ অসমীয়া ডাক্তৰ এছ শৰ্মা আদি কেইবাজনো বিশিষ্ট ব্যক্তি প্ৰচেষ্টাত এই কাম হাতত লোৱা হৈছে।

আমাৰ এই প্ৰচেষ্টাত 

বাংগালুৰুৰ মিলাপ ফাণ্ডৰাইজৰ সৈতে ক্ৰাউডফাণ্ডিং ৰ এটা লিংক খুলিছোঁ। যাৰ জৰিয়তে আগ্ৰহী ৰাইজে ৯২০৫১১৬১৫১ ত ৱাটছ এপ দ্বাৰা আমাৰ সৈতে যোগাযোগ কৰিব পাৰে।' সংবাদমেলত হীৰণময়ী ফাউণ্ডেচনৰ সঞ্চালক কল্প তালুকদাৰ, শুভাকাংশী সমৰজ্যোতি মহন্ত, বিশিষ্ট কবি ৰাজেন বৰদলৈ উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here