কভিড ১৯ৰ সন্দৰ্ভত ৰাইজক সজাগ আৰু সতৰ্ক হবলৈ অগপ সভাপতি অতুল বৰাৰ আহ্বান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 21 April 2021

কভিড ১৯ৰ সন্দৰ্ভত ৰাইজক সজাগ আৰু সতৰ্ক হবলৈ অগপ সভাপতি অতুল বৰাৰ আহ্বান

 




W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, ২১ এপ্ৰিলঃ ৰাজ্যখনত কভিড ১৯ৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যবাসীক সজাগ আৰু সতৰ্ক হবলৈ আহ্বান জনাইছে অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। এক প্ৰেছ বিজ্ঞপ্তিত সভাপতি বৰাই কয় 'বিগত বৰ্ষত কভিডৰ সৈতে মোকাবিলা কৰিবলৈ জনসাধাৰণে গ্ৰহণ কৰা দৃঢ় প্ৰচেষ্টাৰ দৰেই সাম্প্ৰতিক সময়তো অনুৰূপ ধৰণে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা পালন কৰি এই সংক্ৰমণ প্ৰতিৰোধ কৰিব লাগিব। ইতিমধ্যে অসম গণ পৰিষদ দলৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু সদস্যকে জনসাধাৰণক সজাগ কৰাৰ বাবে আহ্বান জনোৱা হৈছে। লগতে স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য কেন্দ্ৰৰ লগত যোগাযোগ ৰক্ষা কৰি জনসাধাৰণক সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈয়ো বিবৃতিটোত বৰাই আহ্বান জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here