জনপ্ৰিয় শিল্পী ভিটালী দাসৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 21 April 2021

জনপ্ৰিয় শিল্পী ভিটালী দাসৰ মৃত্যু

 





W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ:

জনপ্ৰিয় শিল্পী ভিটালী দাসৰ বুধবাৰে সন্ধিয়া ৭ বাজি ৫ মিনিটত মৃত্যু হয়। সন্ধিয়া ৭.০৫ বজাত এই কথা ঘোষণা কৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই। তেওঁ ১৫ এপ্ৰিলৰ পৰা কালাপাহাৰৰ ক'ভিড হাস্পতালত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী। ক'ভিডত আক্ৰান্ত হোৱা শিল্পী গৰাকীয়ে শেষ বাৰৰ বাবে গুৱাহাটীৰ জজ খেলপথাৰবত সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰা মুকলি বিহুত অনুষ্ঠান পৰিবেশন কৰিছিল। তেওঁ মধুমেহ ৰোগতো আক্ৰান্ত হৈ আছিল। বহুতো জনপ্রিয় বিহুগীতৰ লগতে আধুনিক গীত শ্ৰোতা দৰ্শকক উপহাৰ দিয়া শিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত স্বামী, একমাত্ৰ কন্যা সহ পৰিয়ালৰ লোক, আত্মীয় কুটুবক এৰি যায়।  শিল্পীগৰাকীৰ মৃত্যুত সাংস্কৃতিক জগত শোক স্তব্ধ হৈ পৰে।  তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় 'অসমৰ সংগীত জগতৰ এটি অতিকৈ চিনাকি নাম, জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ অকাল বিয়োগৰ খবৰটো পাই মৰ্মাহত হৈছোঁ। অসমৰ সাংস্কৃতিক জগতৰ বাবে এয়া এক অপূৰণীয় ক্ষতি।


তেওঁৰ বিদেহ্ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল আৰু গুণমুগ্ধসকললৈ মোৰ গভীৰ সমবেদনা জনাইছোঁ।'


মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় 'অতি দুখেৰে আপোনালোকক অৱগত কৰিব বিচাৰিছো যে জনপ্ৰিয় কণ্ঠশিল্পী  ভিটালী দাসে কোভিড-১৯ত আক্ৰান্ত হৈ আজি সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰিছে ৷ তেওঁ লগতে মধুমেহ ৰোগতো আক্ৰান্ত হৈ আছিল ৷ তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ ৷'

কণ্ঠশিল্পী ভিটালী দাসৰ বিয়োগত শোক প্ৰকাশ কৰিছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাধাৰণ সম্পাদক মনোজ শইকীয়াই। কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সভাপতি বৰাই কয়  'কাল কোৰোনাই অকালতে প্ৰাণ কাঢ়ি লোৱা কণ্ঠশিল্পী ভিতালী দাস আছিল ৰাজ্যৰ এগৰাকী জনপ্ৰিয় তথা প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পী। বিশেষকৈ বিহুগীতক অধিক জনপ্ৰিয় কৰা আৰু নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত ভিতালী দাসৰ যি অৰিহনা সেয়া অতুলনীয় আৰু অদ্বিতীয়। বিশিষ্ট তথা প্ৰতিষ্ঠিত  কণ্ঠশিল্পীগৰাকীৰ অকাল মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত যি ক্ষতি হ'ল,যি শূণ্যতাৰ সৃষ্টি হ'ল  সেয়া অপূৰণীয়। প্ৰয়াত শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালটিক গভীৰ সমবেদনাও জ্ঞাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।'

সু-কন্ঠী  গায়িকা ভিতালী দাসৰ বিয়োগত  অসম জাতীয় পৰিষদৰ   শোক প্ৰকাশ কৰিছে। জনপ্রিয় কন্ঠশিল্পী তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী ভিতালী দাসৰ মৃত্যুত অসম জাতীয় পৰিষদৰ সমগ্র পৰিয়াল মৰ্মাহত হৈ পৰিছে। দলৰ  সভাপতি  লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক  জগদীশ ভূঞাই তেওঁৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। আজি এক শোকবাৰ্তাত গগৈ আৰু  ভূ়ঞাই কয় 'অসমৰ সাংস্কৃতিক জগতলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই থৈ যোৱা ভিতালী দাসৰ  মৃত্যু সমগ্র  অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি। বিহু গীতেৰে অসমীয়া সমাজ আৰু সাংস্কৃতিক জগতখনক জীপাল কৰি থৈ যোৱা শিল্পীগৰাকীৰ মৃত্যুত অসমৰ ৰাইজে মাটিৰ সৈতে সম্পর্ক থকা এগৰাকী শিল্পীক হেৰুৱালে। তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি অসম জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে কয় ' এগৰাকী বিশিষ্ট কন্ঠশিল্পীৰ উপৰিও অসমে আজি এগৰাকী  জাতীয়তাবাদী সত্বাৰ ব্যক্তিকো হেৰুৱালে। দলৰ তৰফৰ পৰা  গগৈ আৰু  ভূঞাই শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। আনহাতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ছ'চিয়েল মিডিয়াত কয় 'Thousands of songs, lakhs of stories, uncountable memories we shared together. She was one of the strongest co-singers I've ever worked with.' 

I will miss you, Vitali. ৰাইজৰ দল ৰ সাধাৰণ সম্পাদক তথা ৰহা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰুবুল দাসে সুকন্ঠী গায়িকা ভিতালী দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ভিতালী দাসৰ মৃত্যুয়ে অসমীয়া জাতীয় জীৱনৰ লগতে সাংস্কৃতিক জগতৰ বহু         ক্ষতি সাধন হয় বুলি ৰুবুল দাসে মন্তব্য কৰে।  লগতে সমূহ অসমবাসীক ক'ভিদ প্ৰতিকল মানি চলিবলে বিনম্ৰ ভাৱে অনুৰোধ জনায়। ইফালে পূব-গুৱাহাটী বিহু সন্মিলনে যশস্বী  শিল্পী ভিতালি দাসৰ অকাল বিয়োগত সংগীত জগতৰ অপূৰনীয় ক্ষতি বুলি অভিহিত কৰে লগতে প্ৰয়াত ভিতালি দাসৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি  শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে সন্মিলনৰ সাধাৰণ সম্পাদক  দীপজ্যোতি মিশ্ৰই।উল্লেখ্য, আজি তেওঁৰ কোভিড-১৯ নিগেটিভ ৰিপোৰ্ট অহাৰ পিছতো মৃত্যু হয় । মৃত্যুৰ সময়ত ভিতালী দাসে। তেওঁৰ কন্যাই দশম শ্ৰেণীৰ ছাত্ৰী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here