প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 7 April 2021

প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

 




W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, গুৱাহাটী বাসী ৰাইজক ৰাইজক ধন্যবাদ জ্ঞাপন প্ৰদেশ কংগ্ৰেছৰ। লগতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৪০ টা সমষ্টিৰ ৰাইজক ধন্যবাদ কংগ্ৰেছৰ। ৩  পৰ্যায়ৰ নিৰ্বাচনত  আমৰ খেলিমেলি নহয়  কিন্তু কথা হ ল মঙল বাৰৰ নিৰ্বাচনত খেলিমেলি বহুত হোৱা পৰিলক্ষিত হৈছে।ই ভি এম সমূহ অনা নিয়াত নিৰাপত্তা  নিদিয়াৰ বাবে সন্দেহ ঘণীভূত হৈছে। নিৰপেক্ষতা বজাই ৰাখিব পৰা নাই নিৰ্বাচন আয়োগে, বুলি প্ৰদেশ কংগ্ৰেছৰ দাবী। এই কাৰ্যক ধিক্কাৰ দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। আজি ৰাজীৱ ভৱনত আয়োজিত এক গুৰুত্বপূৰ্ণ সংবাদমেলত এই কথা ব্যক্ত কৰে এ পি চি চি ৰ সভাপতি ৰিপুন বৰাই ।বৰাই কয়, বিজেপিৰ ওপৰত আমাৰ আস্থা হেৰাই গৈছে। বিজেপিয়ে ই ভি এম সালসলনি কৰিব পাৰে বুলি হে যঠেষ্ট সন্দেহ হৈছে। 28 মাৰ্চত নিৰ্বাচন আয়োগক দিয়া চিঠিৰ আজিলৈ উত্তৰ  নাই। কংগ্ৰেছ চিঠি যোগে নিৰ্বাচন আয়োগক দাৱী কৰে যে, ষ্ট্ৰঙ ৰুমৰ চি চি কেমেৰাৰ লিংক প্ৰত্যেকজন প্ৰাৰ্থী দিব লাগে... যদি ৰিটানিং বিষয়াই নিজে অফিচত বহি সকলো চাব পাৰে... তেনেহলে  

প্ৰাৰ্থীয়েও পাৰে.. এইয়া আইন 

বিৰুদ্ধ নহয়। কিয়নো বিজেপি দলে হাৰিব বুলি জানি যিকোনো পৰ্যালয়লৈ যাব পাৰে। নিৰ্বাচন আয়োগ ইতিমধ্যে চাৰেন্ডাৰ কৰিছে বিজেপি চৰকাৰৰ ওচৰত। এয়া ইতিমধ্যেই আমি লক্ষ্য কৰিছো। গতিকে ৰাইজকো এই ক্ষেত্রত সচেতন হবলৈ আহ্বান জনায় কংগ্ৰেছে। কাৰণ ৰাইজৰ সচেতনতাৰ বাবে বহু ঠাইত ই ভি এম উদ্ধাৰ হৈছে। ইফালে 

শিখা শৰ্মাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত কংগ্ৰেছৰ মন্তব্য : 

শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছত ইমান বিজেপি কৰ্মীয়ে চচিয়েল মেডিয়াত কৰা বিৰোপ মন্তব্যৰ বাবে সেই মানুহক কিয় গ্ৰেপ্তাৰ কৰা নাই কিয়? পিযুচ হাজৰিকাই সাংবাদিকক ভাবুকি দিয়াৰ পাছতো কিয় একো পদক্ষেপ লৱলৈ সাহস হোৱা নাই প্ৰশাসন। কিয়নো ইতিমধ্যে পিয়ুচ হাজৰিকাৰ প্ৰাৰ্থীত্ব ইতিমধ্যে নাকচ কৰিব লাগিছিল।  নিৰপেক্ষ কিয় নহয় বিজেপি চৰকাৰ? শিখা শৰ্মাক গণ ধৰ্ষণ কৰিম বুলি ভাবুকি দিয়াসকলক কিয় গ্ৰেপ্তাৰ কৰা নাই? নাৰীৰ নিৰাপত্তা ওপৰত প্ৰশ্ন তুলিছে ৰিপুন বৰাই।আমি বিজেপি তকৈ এখন হলেও আসন বেছি পাম.. আমি আগৰ স্থিতি অটল আছো। ১০১ খন আসন পাম। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে যদিহে বিজেপি বিৰোধী চৰকাৰ বিছাৰে তেন্তে কংগ্ৰেছ বিৰোধী হলেও সকলো বিৰোধী একে লগে থকাটো বিছাৰো বুলি মন্তব্য কৰে ৰিপুন বৰাই ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here