ৰাজ্যত প্ৰবল ভূমিকম্প - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 28 April 2021

ৰাজ্যত প্ৰবল ভূমিকম্প






W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : 

ৰাজ্যত বুধবাৰে পুৱাৰ ভাগত হোৱা  ভূমিকম্পৰ সময়ত দুজনকৈ লোক মৃত্যুমুখত পৰাৰ লগতে প্ৰায় ১৫জন লোক আহত হয়৷ গুৱাহাটীৰ উপকণ্ঠৰ চন্দ্ৰপুৰত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৭০ বছৰীয়া প্ৰসন্ন কলিতা আৰু নগাঁৱৰ বেবেজীয়াত মৃত্যু হয় লাবণ্য শইকীয়া বৈশ্য নামৰ এগৰাকী মহিলাৰ। তদুপৰি ভেটাপাৰাত ছাবিৰুল হুছেইন নামৰ এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ বিল্ডিঙৰ পৰা ইটা খহি মূৰত পৰাত সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন হৈ আছে লোকজন৷ ইপিনে, নগাঁৱত ভূঁইকঁপৰ ফলত পাঁচজনকৈ লোক আহত হৈ চিকিৎসাধীন হ’বলগীয়াও হৈছে। ভূমিকম্পৰ ফলত আহত হৈ নগাঁৱৰ জি ডি নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে বঢ়মপুৰৰ ভৱভূষণ ভাৰতী, হাফিজুল আলম, নগাঁও গান্ধীবাৰীৰ নিৰন কুমাৰ নাথ আৰু ম’হখুলিৰ ফাৰুক। নগাঁৱৰ এটি কণমানি শিশুও আহত হয়। বুধবাৰে পুৱা ৭ বাজি ৫১ মিনিট ২৫ চেকেণ্ডত হোৱা ভূমিকম্পৰ ফলত খাৰুপেটীয়াত এজন লোক আহত হয়৷ ঘৰৰ ৱাল খহি বিছনাৰ ওপৰতে বাগৰি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আবুবক্কৰ ছিদ্দিক নামৰ লোকজন৷ ইপিনে দৰঙৰ চকীয়াপাৰাত ভূমিকম্পৰ ফলত ঘৰৰ বেৰ ভাঙি পৰাত আহত হয় উমাকান্ত ডেকা নামৰ ৭০বছৰীয়া লোকজন৷ প্ৰায় ৩০ চেকেণ্ড অনুভূত হোৱা ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৬.৪ কম্পনাঙ্ক। ইয়াৰ অভিকেন্দ্ৰ আছিল শোণিতপূৰ জিলাৰ উত্তৰ পূব দিশৰ ১৭ কি: মি : গভীৰতাত। আনহাতে বুধবাৰে

নিশা ১:২১ মিনিটত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here