সকলোকে বিনামূলীয়া ভেকচিন প্ৰদান কৰাটো নিশ্চিত কৰাৰ দাবীত এছ এফ আইৰ দেশজুৰি প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 30 April 2021

সকলোকে বিনামূলীয়া ভেকচিন প্ৰদান কৰাটো নিশ্চিত কৰাৰ দাবীত এছ এফ আইৰ দেশজুৰি প্ৰতিবাদ

 



কেন্দ্ৰীয় চৰকাৰৰ বৈষম্যমূলক ভেকচিন নীতিৰ বিৰোধিতা এছ এফ আইৰ




W7S, NEWS,ষ্টাফৰিপোৰ্টাৰ :  এছ এফ আইয়ে শুকুৰবাৰে সমগ্ৰ দেশৰ লগতে অসমতো সাৰ্বজনীন আৰু বিনামূলীয়া ভেকচিনৰ দাবীত তথা কেন্দ্ৰীয় চৰকাৰৰ বৈষম্যমূলক ভেকচিন নীতিৰ বিৰুদ্ধে ৰাজপথত প্ৰতীকী প্ৰতিবাদ আৰু ঘৰৰ পৰা সামাজিক মাধ্যমৰ যোগেদি  প্ৰতিবাদ সাব্যস্ত কৰে । গুৱাহাটী মহানগৰত গুৱাহাটী ক্লাৱৰ সমীপত ক'ভিড প্রটোকল মানি শাৰীৰিক দূৰত্ব বজাই মাস্ক প্ৰধান কৰি এক প্ৰতীকী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । এই কার্যসূচীত এছ এফ আইৰ কেন্দ্ৰীয় নেত্ৰী সংগীতা দাস, অসম ৰাজ্যিক সম্পাদক নিৰংকুশ নাথ আৰু কামৰূপ মহানগৰৰ জিলা সম্পাদক কল্যান বুঢ়াগোহাঁই উপস্থিত থাকে। এছ এফ আইৰ স্পষ্ট মত সকলোৱে  ভেকচিন লোৱা উচিত । ভেকচিন লোৱা খুবেই প্ৰয়োজনীয় কিয়নো কেৱল মাত্ৰ ভেকচিনৰ দ্বাৰা এনে অতিমাৰী নিয়ন্ত্ৰণ কৰিব পাৰি । কিন্তু আমি লক্ষ্য কৰিছোঁ যে ভাৰত চৰকাৰৰ ভেকচিন নীতি খুবেই উদ্বেগজনক । আমাৰ স্পষ্ট মত ভেকচিন সাৰ্বজনীন আৰু বিনামূলীয়া হোৱা উচিত । এতিয়ালৈ ভেকচিন প্ৰস্তুতকাৰী দুই সংস্থা ক্ৰমে চিৰাম ইনষ্টিটিউট আৰু ভাৰত বাইওটেক পৰা উৎপাদন হোৱা সকলো ভেকচিন কেন্দ্ৰীয় চৰকাৰে ক্ৰয় কৰি চৰকাৰী ভেকচিন প্ৰদান কেন্দ্ৰৰ জৰিয়তে বিনামূলীয়াকৈ আৰু ব্যক্তিগত চিকিৎসালয়ত ২৫০টকা মূল্যত স্বাস্থ্য কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী আৰু ৪৫ বছৰৰ উৰ্ধৰসকলক দিছিল। এই ক্ষেত্ৰতো আমি দেখা পাইছিলোঁ কি ধৰণে ভেকচিনৰ নাটনি হৈছিল । এতিয়া চৰকাৰে ১৮+ সকলোলৈ ভেকচিন লোৱাৰ সুবিধা দিছে । উল্লেখযোগ্য যে, CoWin নামৰ এপটোত গৈ পঞ্জীয়ন কৰাৰ পিছতো ৪৫ বৰ্ষৰ তলৰ বাবে ভেকচিন বুকিং কৰিব পৰা হোৱা নাই । ভাৰত চৰকাৰৰ নতুন ভেকচিন নীতি যথেষ্ট উদ্বেগজনক । 

নতুন ভেকচিন নীতি অনুসৰি ১ মে'ৰ পৰা বিতৰণ হ'ব লগা ভেকচিন উৎপাদনকাৰী সংস্থাৰ পৰা দুটা অংশত ক্ৰয় কৰাৰ ব্যৱস্থা কৰা হৈছে । উৎপাদিত ৫০ % কেন্দ্ৰীয় চৰকাৰে ল'ব আৰু বাকী ৫০% মুক্ত বজাৰত মেলি দিয়া হ'ব আৰু তাৰ পৰাই ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত চিকিৎসালয়সমূহে প্ৰত্যক্ষভাৱে উৎপাদনকাৰী দুই কোম্পানীৰ পৰা ল'ব ।

ভাৰত চৰকাৰে ক্ৰয় কৰা খিনি কোভিড আক্ৰান্তৰ সংখ্যালৈ চাই ৰাজ্যসমূহৰ ভেকচিন কেন্দ্ৰত বিনামূলীয়াকৈ যোগান ধৰিব । ই হ'ব সীমিত । ১৮ বছৰৰ উৰ্ধৰ ভেকচিন প্ৰদান কৰাৰ বাবে প্ৰয়োজনীয় খিনি ৰাজ্য চৰকাৰে নিজে ক্ৰয় কৰিব লাগিব । কিন্তু ৰাজ্য চৰকাৰ এখনতকৈ কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ পৰিমাণ বহুত বেছি। সদ্যহতে অসম চৰকাৰে বিনামূলীয়াকৈ ভেকচিন দিম বুলি কৈছে কিন্তু কিমান দিনলৈ ই সম্ভৱ হ'ব ? তাৰোপৰি ইমান দিনে ব্যক্তিগত চিকিৎসালয়ত যি ২৫০ টকাত ভেকচিন পোৱা গৈছিল, কিন্তু এতিয়া এখন চিকিৎসালয়ে নিজেই মূল্য নিৰ্ধাৰণ কৰিব। ইয়াৰ লগতে দেশৰ বাহিৰৰ কোম্পানী আহি এতিয়াৰ পৰা নিজা উদ্যোগত ভাৰতত ভেকচিন বিক্ৰী কৰিব পাৰিব যাৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাথাকিব । ই বৃহৎ কোম্পানীক বৃহৎ মুনাফা কৰাৰ সুযোগ দিব ।

ইমান এক জটিল নীতিয়ে কেতিয়াও সাৰ্বজনীন ভেকচিন প্ৰদান কৰিব নোৱাৰে । তাৰোপৰি আমাৰ সমাজত বৈজ্ঞানিক মানসিকতাৰ অভাৱ, ভেকচিন সম্পৰ্কত বিভিন্ন অন্ধবিশ্বাস আছে । যদি এতিয়া ভেকচিন লোৱাত বিভিন্ন অসুবিধাৰ সন্মূখীম হয় বা অত্যাধিক মূল্য হয়, তেন্তে সাৰ্বজনীন টিকাকৰণ সম্ভৱ নহ'ব। 

সেয়ে আমাৰ মত কেন্দ্ৰীয় চৰকাৰে  উৎপাদনকাৰী সংস্থাৰ পৰা  ভেকচিন ক্ৰয় কৰি সকলোকে বিনামূলীয়া ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে যাতে এজন ব্যক্তিও ভেকচিন নোপোৱাকৈ থাকিব নালাগে । 

এতিয়ালৈ ভাৰতত প্ৰায় ১৩ কোটি মানুহক ভেকচিন দিয়া হৈছে, ইয়াৰে ১১ কোটি ১০ লাখ লোকে এতিয়াও দ্বিতীয় পালি ভেকচিন ল'বলৈ বাকী আছে । ১ মে'ৰ পৰা ১৮ৰ উৰ্দ্ধৰ সকলোকে দিয়াৰ কথা ঘোষণা হৈছে । ৬০% লোককো যদি ভেকচিন দিব লাগে, তেন্তে  প্ৰায় ১০০ কোটি ভেকচিন পালিৰ প্ৰয়োজন হ'ব । ইমান বৃহৎ পৰিমাণৰ প্ৰয়োজনে নিশ্চয় নাটনিৰ সৃষ্টি কৰিব আৰু শেহতীয়া নীতিৰ ফলত  এক বৃহৎ অংশৰ লোক বৈষম্যৰ সন্মুখীন হ'ব , ব্যক্তিগত কোম্পানীৰ লাভ হ'ব আৰু ইমান খৰছ ৰাজ্য চৰকাৰসমূহে বহন কৰিব নোৱাৰিব  । কেন্দ্ৰীয় চৰকাৰে সকলো দোষ ৰাজ্য চৰকাৰসমূহৰ ওপৰত জাপি দিয়াৰ সম্ভাৱনা অধিক ।আমি ৰাজ্য সমূহৰ গাত  দোষ জাপি দিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ এনে কাৰ্যক ধিক্কাৰ দিছো । আমি ভাবোঁ ভেকচিনৰ বাবে প্ৰয়োজনীয় পুঁজিৰ পৰিমাণলৈ লক্ষ্য কৰি আৰু ইয়াক সাৰ্বজনীন তথা বিনামূলীয়া কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে ক্ৰয় কৰি ৰাজ্য চৰকাৰসমূহৰ সহায়ত প্ৰদান কৰাৰ ব্যৱস্থা কৰক।

বিনামূলীয়া ভেকচিন সকলোৰে অধিকাৰ । চৰকাৰে ব্যক্তিগত আৰু চৰকাৰে সকলো ঠাইতে বিনামূলীয়া ভেকচিন দিয়াৰ ব্যৱস্থা কৰক । কলেজ, বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী সকলক ভেকচিন দিয়া উচিত । মনত ৰখা উচিত যে  ১০০ শতাংশ টিকাকৰণ নোহোৱালৈ এই ৰোগ আমাৰ মাজতেই থাকিব । সকলোকে বিনামূলীয়া ভেকচিন প্ৰদানৰ ব্যৱস্থাৰ কৰাৰ দাবীৰ লগতে এছ এফ আইয়ে অক্সিজেন নিশ্চিত কৰা, অক্সিমিটাৰ আৰু প্ৰয়োজনীয় সামগ্ৰী সুলভ মূল্যত যোগান ধৰাৰ দাবী উত্থাপন কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here