W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : ' অসমত চিত্ৰ কলাৰ সমালোচনা, চিত্ৰ কলাৰ ৰসিকৰ অভাৱ দেখা যায়। অসমত চিত্ৰ কলাৰ প্ৰদৰ্শন কম হয় - এইদৰে কয় প্ৰথিতযশা সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিয়ে। বুধবাৰে গুৱাহাটী প্ৰেছক্লাবত বিশিষ্ট শিল্পী সাহিত্যিক ড০ ভূপেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গ্ৰন্থ ' বেণু মিশ্ৰৰ দেশ আৰু কাল' উন্মোচন কৰি তেওঁ লগতে কয় ' এগৰাকী সাহিত্যিকে অন্য এগৰাকী শিল্পীৰ বিষয়ে ৰচনা কৰা অসমীয়া সাহিত্যৰ এইখন একমাত্ৰ গ্ৰন্থ বুলিব পাৰি। গ্ৰন্থখন অসমীয়া ভাষাত চিত্ৰসমালোচনা, চিত্ৰ কলাৰ জীৱনী সন্নিবিষ্ট একমাত্ৰ গ্ৰন্থ বুলিব পাৰি। মই ছবি ভাল পাওঁ কিন্তু ছবিৰ বিষয়ে কোৱাৰ যোগ্যতা নাই। মই 'আৱাহন'ৰ প্ৰকাশ পোৱা ছবিৰ প্ৰেমত পৰিছিলোঁ, মুগ্ধ হৈছিলোঁ। চিত্ৰকলা আধুনিক কালৰ সৃষ্টি। আমি চিত্ৰ,ভাস্কৰ্য, স্থাপত্যৰ পৰা ৰস, মূল্যবোধ আহৰণ কৰিব লাগিব। এই ক্ষেত্ৰত আমি দুখীয়া হৈ আছোঁ। চিত্ৰ,ভাস্কৰ্য, স্থাপত্যৰ কলাৰ ব্যক্তিসকলে যেনেধৰণে স্বীকৃতি লাভ কৰিব লাগিছিল সেইধৰণে পোৱা নাই। বেণু মিশ্ৰক শ্ৰদ্ধা জনালোঁ। বেণু মিশ্ৰ অদ্বিতীয় প্ৰতিভাৰ গৰাকী আছিল। এই মূল্যবান গ্ৰন্থখন চিৰস্মৰণীয় হৈ ৰ'ব।' সভাত মুখ্য অতিথিৰ ভাষণত প্ৰফেচৰ ৰঞ্জিত দেৱ গোস্বামীয়ে কয় ' ড০ ভূপেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গ্ৰন্থখনত গংগাপদ চৌধুৰীৰ 'মুখবন্ধৰ পৰিৱৰ্তে' লেখাটো এটা অতি মূল্যবান সংযোজন। শিল্পী বেণু মিশ্রৰ গুৱাহাটীৰ শৈশৱ কাল, শান্তি নিকেটনত অভিবাহিত কৰা জীৱন আদিৰ সুন্দৰ ছবি একোখন গ্ৰন্থ খনত সন্নিবিষ্ট কৰা হৈছে। অমিত প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভণিতে বিশিষ্ট কবি কপুৰ চান্দ জৈনে বিশিষ্ট চিত্ৰশিল্পী প্ৰয়াত বেণু মিশ্ৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। সভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Post Top Ad
Responsive Ads Here
Wednesday, 21 April 2021

'বেণু মিশ্ৰৰ দেশ আৰু কাল' গ্ৰন্থ উন্মোচন
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment