শিশুৰ বাবে অনন্য শৈক্ষিক সুবিধা গঢ়ি তোলাৰ বাবে কপিল দেৱৰ সৈতে হোৱাইট হেট জুনিয়ৰৰ সহযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 29 April 2021

শিশুৰ বাবে অনন্য শৈক্ষিক সুবিধা গঢ়ি তোলাৰ বাবে কপিল দেৱৰ সৈতে হোৱাইট হেট জুনিয়ৰৰ সহযোগিতা

 






W7S, NEWS, মুম্বাই,  কোডিং আৰু গণিত বিষয়ত অন্‌লাইন  শ্ৰেণী আগবঢ়োৱাৰ বাবে জনাজাত আগশাৰীৰ শিক্ষা-প্ৰযুক্তিৰ কোম্পানী হোৱাইট হেট জুনিয়ৰ এ সুদক্ষ ক্ৰিকেটাৰ আৰু পূৰ্ব বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱৰ সৈতে শিক্ষাক ফুৰ্তি আৰু অংশগ্ৰহণমূলক কৰাৰ উদ্দেশ্যে সহযোগিতা কৰিছে। এই সহযোগিতাই এক ক্ৰিকেট ভিত্তিক প্ৰকল্পক উৰ্দ্ধত কৰি শিক্ষাৰ্থীসকলক আকৰ্ষণীয় কম্পিউটাৰ এপ্লিকেশ্বন সৃষ্টি কৰিবলৈ উৎসাহিত কৰা হৈছে। “কপিল’ছ সুইং বলিং ইলেভেন” নামৰ এই প্ৰকল্পটি হোৱাইট হেড জুনিয়ৰৰ পাঠ্যক্ৰমৰ সৈতে সামৰি লোৱা হ’ব, যিয়ে শিক্ষাৰ্থীসকলক এক মোবাইল এপ্‌ তৈয়াৰ কৰিবলৈ উৎসাহ জনাব, য’ত কিংবদন্তি ক্ৰিকেট খেলুৱৈগৰাকী য়ে বলিং টিপচ হিচাপে আগবঢ়োৱা নিপুন তথ্যসমূহ প্ৰয়োগ কৰি ক্ৰিকেট পিট্‌চ এখনত বলিং উদ্দীপিত কৰিব পৰা যাব। 

শিশুসকলে প্লেটফ’ৰ্মখনত আঠটি শ্ৰেণী সম্পূৰ্ণ কৰাৰ পিছত এই বিশেষ প্ৰকল্পটিৰ অনুমতি লাভ কৰিব। শিক্ষাৰ্থীসকলে কপিল দেবৰ ফ’টো আৰু ভিডিঅ’ ৰ এক সৃষ্টিমূলক লাইব্ৰেৰীত বিশেষ প্ৰৱেশ লাভ কৰিব, য’ত তেঁও এজন বলাৰ হিচাপে বিশেষজ্ঞতা টিপ্‌চ প্ৰকাশ কৰিব। এই অনন্য প্ৰকল্পই শিশুসকলক তেঁওলোকৰ ক্ৰিকেটৰ প্ৰতি অনুৰাগৰ সৈতে সংযুক্ত কৰোৱাব আৰু তেঁওলোকে শিকা ধাৰণাসমূহ আচল জীৱনৰ পৰিস্থিতিত প্ৰয়োগ কৰিবলৈ সহায় কৰিব। তেঁওলোকে পৰৱৰ্তী সময়ত নিজৰ পছন্দ অনুসৰি এপ্লিকেশ্বনটি বিস্তাৰ আৰু নিজৰ ধৰণে কৰি তুলিব পাৰিব। এই প্ৰকল্পটি নতুন শিক্ষাৰ্থীৰ পৰা মধ্যমীয়া, উন্নত আৰু দক্ষ শিক্ষাৰ্থী সামৰি কাষ্টমাইজড কৰা হৈছে, য’ত প্ৰত্যেক পৰ্যায়ত সংবেদকৰ সৈতে থকা কাৰ্য-কলাপৰ সৈতে জটিলতা বৃদ্ধি হ’ব। কোম্পানীয়ে আশা কৰিছে যে ইয়ে সহস্ৰাধিক শিক্ষাৰ্থীসকলক তেঁওলোকৰ একক এপ্লিকেশ্বন তৈয়াৰ কৰিবলৈ উৎসাহিত কৰিব।

এই সহযোগিতা সম্পৰ্কে কপিল দেৱে কয়,”আজিকালিৰ শিশুসকলে লাভ কৰা প্ৰসাৰতা অবিশ্বাস্য আৰু হোৱাইট হেট জুনিয়ৰৰ সৈতে এই প্ৰকল্পই শিশুসকলক মই আগবঢ়োৱা টিপ্‌চৰ ভিত্তিত তেঁওলোকৰ নিজৰ মোবাইল এপ্লিকেশ্বন তৈয়াৰ কৰিবলৈ উৎসাহ যোগাব, যিয়ে প্ৰমাণ কৰি দিছে চিন্তা আৰু শিক্ষাই তীক্ষ্ণ ফলাফল লাভত কিদৰে গুৰুত্ব দিয়ে। বলিং প্ৰক্ৰিয়াৰ প্ৰচেষ্টা আৰু পৰীক্ষণৰ আঁৰত থকা বিজ্ঞান বুজিবলৈ পৰৱৰ্তী প্ৰজ0ন্মক সংযুক্ত কৰা এই চেষ্টা অতি লক্ষণীয়। নতুন প্ৰজন্মৰ এপ্লিকেশ্বনৰ ৰূপত শিশুসকলৰ সৃষ্টিমুলক কাৰুকাৰ্য চাবলৈ মই অতি আগ্ৰহী।“

“শিশুসকল সৃষ্টিকাৰী হ’বলৈ, আমি শিক্ষাক ফুৰ্তিদায়ক, অংশগ্ৰহণকাৰী আৰু প্ৰায়োগিক কৰি তুলিব লাগিব” – কয় হোৱাইট হেট জুনিয়ৰৰ মুখ্য শৈক্ষিক বিষয়া বালাজী ৰামানুজমে। “আমি আশাবাদী যে এই প্ৰকল্পই শিশুসকলৰ ভাললগা বিভিন্ন আকৰ্ষণীয় বিষয়ত এনেকুৱা বহুতো প্ৰকল্পৰ বাট মুকলি কৰি দিব।“

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here