উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে টাটা মটৰছ আৰু ভাৰতীয় ইন্‌ফ্ৰা প্ৰকল্প যুটীয়া শক্তিশালী প্ৰচেষ্টা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 24 April 2021

উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে টাটা মটৰছ আৰু ভাৰতীয় ইন্‌ফ্ৰা প্ৰকল্প যুটীয়া শক্তিশালী প্ৰচেষ্টা

 



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : 

পেণ্ডেমিক আৰু লক্‌ডাউনৰ প্ৰভাৱ আৰু পৰৱৰ্তী সময়ত বৃদ্ধি হোৱা নিৰ্মান কাৰ্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নিৰ্মান খণ্ডই ২০২১ বৰ্ষত ১১.৬% বৃদ্ধিৰ লক্ষ্য কৰি লৈছে। বিশেষকৈ উত্তৰ-পূৱ ভাৰতে চৰকাৰৰ পৰা মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে, এক্ট ইষ্ট পলিচিৰ সৈতে আন্তঃগাঁঠনি বিকাশত বিশেষ গুৰুত্ব প্ৰদান কৰি। অসমাপ্ত নিৰ্মান প্ৰকল্পসমূহ পুনৰাই আৰম্ভ কৰাৰ প্ৰয়োজনৰ প্ৰতি গুৰুত্ব দি যোৱা নভেম্বৰ ২০২০ ত, চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত পথ নিৰ্মানৰ বাবে ৯৫% আবণ্টন বৃদ্ধি কৰে। এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ নিৰ্মান খণ্ডক ততাতৈয়াকৈ গতি সলনি কৰিবলৈ আৰু আগন্তুক মাহসমূহত নিশ্চিতভাৱে পুনৰ আগৰ অৱস্থালৈ ঘুৰি আহিবলৈ উৎসাহ দিছে। উত্তৰ-পূৰ্বাঞ্চলৰ তেনে এক অন্যতম নিৰ্মানকাৰী সংস্থা হ’ল ভাৰতীয় ইন্‌ফ্ৰা প্ৰকল্প লিমিটেড, যি্যে শেহতীয়াকৈ “প্ৰত্যাহ্বানমূলক পৰিস্থিতিত শ্ৰেষ্ঠ কাম” ৰ বাবে ৰাষ্ট্ৰীয় ঘাই-পথ উৎকৰ্ষ বঁটাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

গুৱাহাটীস্থিত ভাৰতীয় ইন্‌ফ্ৰা প্ৰকল্পই অসামৰিক আভিযান্ত্ৰিক বিভাগত আৰ্থৱৰ্ক, অট্টালিকা আৰু জলসিঞ্চন, ৰাস্তা-পদূলি, ৰাষ্ট্ৰীয় ঘাই-পথ, দলং আৰু ভূ-গৰ্ভত থকা সুৰংগ নিৰ্মান আদিত বিশেষ দক্ষতাৰে কাম কৰি আহিছে। এই কোম্পানীয়ে সন্মানীয় প্ৰতিষ্ঠানৰ সৈতে কাম কৰিছে যেনে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাই-পথ নিৰ্মান সংস্থা, গড়কাপ্তানি বিভাগ, ভাৰতীয় ৰেল বিভাগ আদি আৰু ১৯৮৩ চনত স্থাপিত কোম্পানীৰ জন্মলগ্নৰ পৰা এতিয়ালৈ টাটা মটৰছে অপৰিহাৰ্য ভূমিকা পালন কৰি আহিছে। ভাৰতীয় ইন্‌ফ্ৰা প্ৰকল্পৰ বৰ্তমান ৪০০ তকৈও ট্ৰাক মজুত আছে, যাৰ ভিতৰত ৩০০ খন ট্ৰাক টাটা মটৰছৰ ৮২ টীপাৰ্ছ থকা শেহতীয়া বি৬ শাখাৰ বাহন।

ভাৰতীয় ইন্‌ফ্ৰা প্ৰকল্পৰ পৰিচালক পৱন ভাৰতীয় ই কোম্পানীৰ সফলতা সম্পৰ্কে কয়,”টাটা মটৰছ আৰম্ভনিৰ পৰাই ভাৰতীয় ইন্‌ফ্ৰা প্ৰকল্পৰ সফলতাৰ মূল খুঁটি পৰিগণিত হৈছে। এয়া কেৱল টাটা মটৰছৰ সামগ্ৰীৰ ব্যতিক্ৰমী আয়ুকাল আৰু গুণাগুণৰ প্ৰমাণেই নহয়, এয়া টাটা মটৰছৰ সৈতে আমাৰ পাৰস্পৰিক সম্পৰ্ক আৰু বিশ্বাসৰ সঠিক নিদৰ্শনো। টাটা মটৰছৰ ট্ৰাকৰ টানিব পৰা উৰ্ধ শক্তি আৰু উচ্চ টৰ্‌ক ক্ষমতাই আমাক দক্ষতাৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অত্যন্ত পাহাৰীয়া ভূ-খণ্ডতো পৰিচালনা কৰাত সহায় কৰিছে। বিশেষকৈ টাটা মটৰছৰ ফ্লিট এড্‌জ এ দেশৰ কিছু অত্যন্ত কঠিন ভূ-খণ্ডতো আমাৰ ফ্লিট দক্ষতাৰে পৰিচালনাত সহযোগ কৰিছে।“

টাটা মটৰছৰ ব্যৱসায়িক বাহন ব্যৱসায় ইউনিটৰ চেলছ আৰু মাৰ্কেটিঙ বিভাগৰ উপ-সচিব ৰাজেশ কৌলে কয়,”টাটা মটৰছে ইয়াৰ শ্ৰেষ্ঠ উৎপাদন আৰু অতুলনীয় সেৱাৰ দ্বাৰা গ্ৰাহকৰ সৈতে সংযোগ বৰ্তাই ৰখাত নিৰৱিচ্ছিন্নভাৱে  প্ৰচেষ্টা চলাই আহিছে। ভাৰতীয় ইন্‌ফ্ৰা প্ৰকল্পৰ সৈতে আমাৰ সম্পৰ্ক ষাঠি দশকৰো অধিক, যিয়ে আমাৰ প্ৰদৰ্শন উন্নত কৰাত, সঞ্চালনৰ মূল খৰচ আৰু আমাৰ উৎপাদনৰ আয়ূস আদিৰ ক্ষেত্ৰত মূল্যৱান উপলব্ধি প্ৰদান কৰিছে। আহিবলগীয়া বছৰসমূহত ভাৰতীয় ইন্‌ফ্ৰা প্ৰকল্পৰ সৈতে আমাৰ সম্পৰ্ক শক্তিশালী কৰাত আৰু দুয়ো পক্ষৰ লাভালাভ হোৱাকৈ আমি অতি আগ্ৰহেৰে আশাবাদী।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here