সুখবৰ: উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগক গতি দিয়াৰ লক্ষ্য কেন্দ্ৰৰ #Tourisim#Northeast - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 10 March 2021

সুখবৰ: উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগক গতি দিয়াৰ লক্ষ্য কেন্দ্ৰৰ #Tourisim#Northeast

 


 


নতুন দিল্লী:  ভাৰতৰ পৰ্যটন উদ্যোগত এক সুকীয়া মাত্ৰা প্ৰদান কৰিব পৰাকৈ প্ৰচুৰ সম্ভাৱনাৰে পূৰ্ণ উত্তৰ-পূৰ্বাঞ্চল। উত্তৰ -পূৰ্বাঞ্চলৰ ৰাজ্যবোৰত বহু আকৰ্ষণীয়  পৰ্যটনৰ স্থলী আছে যদিও প্ৰচাৰ, প্ৰসাৰতা তথা যাতায়তৰ দৰে প্ৰাথমিক সুবিধাৰ অভাৱত সেয়া ঠন ধৰি উঠা নাই। উত্তৰ পূৱলৈ পৰ্যটনৰ বাটেৰে সমৃদ্ধি আহিব বুলি অনুধাৱন কৰিয়েই সম্প্ৰতি এই প্ৰান্তৰ পৰ্যটনত অধিক গুৰুত্ব দিছে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে। 

শেহতীয়াকৈ মন্ত্ৰণালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰসমূহৰ প্ৰচাৰ -প্ৰসাৰৰ লগতে নতুন নতুন পৰ্যটনৰ স্থান চিহ্নিত কৰিবলৈ, প্ৰয়োজনীয় অন্য

আন্তঃগাথঁনি নিৰ্মাণৰ কামত অধিক ত্বৰান্বিত কৰাৰ লক্ষেৰে এখন কমিটি গঠন কৰিছে ।  মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই আজি এই কথা সদৰী কৰিছে। লক্ষ্যণীয় যে পৰ্যটন মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ আঁচনি যেনে 'স্বদেশ দৰ্শন', 'প্ৰসাদ'  আদিৰ জৰিয়তে বিত্তীয় সাহাৰ্য আগবঢ়াবলৈ পদক্ষেপ লৈছে। এই বিত্তীয় সাহাৰ্যৰ জৰিয়তে আন্তঃগাঁঠনি উন্নয়ন, উৎসৱ, পাৰ্বন, প্ৰদৰ্শনী তথা পৰ্যটনৰ লগত জড়িত বিভিন্ন কাৰ্যসূচী আয়োজনত গুৰুত্ব আৰোপ কৰিব। আনহাতে গুৱাহাটীত থকা ইণ্ডিয়া টুৰিজিমে ৭ মার্চৰ পৰা ১৭ মাৰ্চলৈ আয়োজন কৰিছে 'হাজাৰ বাৰ  নৰ্থ ইষ্ট দেখোঁ'কাৰ্যসূচী' । মূলত উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। যাৰ অংশ স্বৰূপে সঞ্জয় বাহাদুৰ নামৰ এগৰাকী চাইক্লিষ্টে গুৱাহাটীৰ বীৰ লাচিত ঘাটৰ পৰা চাইকেলেৰে এহেজাৰ কিলোমিটাৰ অসম ভ্ৰমণ যাত্রা আৰম্ভ কৰিছে। এই যাত্ৰাৰ ১৭ মাৰ্চত খানাপাৰাত সামৰণি পৰিব। পৰ্যটন মন্ত্ৰালয়ৰ এনে ধৰণৰ পদক্ষেপে দেশৰ উত্তৰ- পূৰ্বাঞ্চলৰ পৰ্যটনৰ স্থান সমূহক এক নতুন মাত্ৰা দিবলৈ সক্ষম হ'ব। উত্তৰ-পূৰ্বাঞ্চললৈ সম্ভাৱনাপূৰ্ণ পৰ্যটনক  আগুৱাই নিয়াত কেন্দ্ৰীয় চৰকাৰ সফল হ'লে অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্যৰ আৰ্থিক অৱস্থাৰ আমূল পৰিবৰ্তন হোৱাটো নিশ্চিত। সমান্তৰাল ই মুকলি কৰিব স্বাৱলম্বীতাৰ  নতুন বাট।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here