উত্তৰ পূৱৰ দুৱাৰমুখ হ'ব ত্ৰিপুৰা আজি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ভাৰত বাংলাদেশৰ মাজৰ মৈত্ৰী সেঁতু #PMModi#India #Bangladesh #Tripura - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 8 March 2021

উত্তৰ পূৱৰ দুৱাৰমুখ হ'ব ত্ৰিপুৰা আজি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ভাৰত বাংলাদেশৰ মাজৰ মৈত্ৰী সেঁতু #PMModi#India #Bangladesh #Tripura

 




W7S


NEWS, আগৰতলা :  ভাৰত আৰু বাংলাদেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক  বুকুত কঢ়িয়াই নিৰৱধি বৈ আছে 'ফেনি'।  ত্ৰিপুৰাৰ ভাৰত বাংলাদেশৰ সীমাক শান্ত ৰাখি নীৰৱে বৈ থকা নদী 'ফেনি'ৰ বাবে আজি বিশেষ দিন । কিয়নো ইপাৰ আৰু সিপাৰক দুটি পাৰ কৰি ৰখা ফেনিৰ দুই পাৰ সংযোগত আজি আনুষ্ঠানিকতা পূৰ্ণ হ'ব।  ফেনিৰ বুকুত নিৰ্মান হোৱা সেতুখন আজি আনুষ্ঠানিক ভাৱে মুকলি কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোডীয়ে। ফেনিয়ে কঢ়িওৱা দুয়োপাৰৰ সম্প্ৰীতিক নতুন মাত্ৰা দিব এই নতুন সেঁতুৱে। সেয়ে হয়তো ইয়াৰ নামকৰণ কৰা হৈছে মৈত্ৰী নামেৰে। প্ৰধানমন্ত্ৰী মোডীয়ে দিনৰ বাৰ বজাত ভিডিও কণফাৰেন্সযোগে সেঁতুখন মুকলি কৰিব। 

#মৈত্ৰী সেঁতুৱে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্কৰ এক নতুন বাট মুকলি কৰিব। 

১.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন ত্ৰিপুৰাৰ সবৰুম আৰু বাংলাদেশৰ ৰামগড়ৰ মাজত নিৰ্মাণ হৈছে। নেচনেল হাইৱেছ এণ্ড ইনফ্ৰাছট্ৰাকছাৰ কৰ্পোৰেচন লিমিটেডে  ১৩৩ কোটি টকা ব্যয়েৰে সেঁতুখন নিৰ্মান কৰিছে। অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল মৈত্ৰী সেঁতুৱে ত্ৰিপুৰাক উত্তৰ পূৱৰ দুৱাৰমুখ হিচাপে প্ৰতিষ্ঠা কৰিব বুলি চর্চা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here