সাতোটা সুন্দৰ গীতৰ দৃশ্য শ্ৰৱ্য সঁফুৰা 'অপৰাজিতা' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 6 March 2021

সাতোটা সুন্দৰ গীতৰ দৃশ্য শ্ৰৱ্য সঁফুৰা 'অপৰাজিতা' উন্মোচন

 




W7S News, ষ্টাফৰিপোৰ্টাৰ: সত্তৰৰ দশকতে বহু সুন্দৰ গীত সজাই পৰাই ৰাইজৰ মাজলৈ অনাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল মঞ্জুলা হাজৰিকাই। তেওঁ লিখা সাতোটা সুন্দৰ গীতৰ  দৃশ্য শ্ৰব্য সঁফুৰা 'অপৰাজিতা' শনিবাৰে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত উন্মোচন কৰা হয়। বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মা, জে পি দাস, ভূপেন উজীৰ, সূৰ্য গোস্বামী, ৰমেন চৌধুৰী আদিৰ

 উপস্থিতিত এই সঁফুৰা উন্মোচন কৰা হয়। উন্মোচনী ভাষণত বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মাই কয় ' কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ সৈতে মোৰ বহু স্মৃতি বিজড়িত হৈ আছে। লক্ষ্যধৰ চৌধুৰী, মাণিক চৌধুৰী, বৰুণা মুখাৰ্জী আদি বিশিষ্ট ব্যক্তিক লগ পাইছিলোঁ। অসমীয়া সংগীতৰ জগতত মঞ্জুলা হাজৰিকাৰ নামটো জকমকাই থাকক। তেওঁ বহুত সুন্দৰ সুন্দৰ গীত মাত যাতে আমাক উপহাৰ দিয়ে তাৰে আশা কৰিলোঁ।'

স্নিগ্ধাশিখা বৰাই আঁতধৰা অনুষ্ঠানৰ আৰম্ভণিতে পাপৰি ঠাকুৰীয়াই গণেশ বন্দনা পৰিৱেশন কৰে। আনহাতে ভাষণ প্ৰসংগত বিশিষ্ট সাংস্কৃতিক কর্মী মঞ্জুলা হাজৰিকাই কয় 'লকডাউনৰ

 সময়ত এই খিনি লিখিছিলোঁ। প্ৰথমে কবিতা লিখিছিলোঁ।  মোৰ অনুভৱৰ কিছু শব্দক ৰাজ্যৰ স্ব-নাম ধন্য সুৰকাৰ জে পি দাস, ৰাজু আনচাৰী, বিমল দেৱ মেধী, কাজল শৰ্মা, মলয় সূত্ৰধাৰ আৰু প্ৰখ্যাত দৰদী কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য, তৰালি শৰ্মা, অনিন্দিতা পাল, গায়ত্ৰী হাজৰিকা, সত্যসন্ধা হাজৰিকা আৰু নব প্ৰজন্মৰ উদীয়মান কন্ঠশিল্পী প্ৰতীক্ষা ডেকাই প্ৰাণ দি গীতলৈ ৰূপান্তৰ কৰাৰ উপৰি পশ্চিমবঙ্গৰ কুকিলকণ্ঠী শিল্পী শুভমিতা বেনাৰ্জীয়ে তেওঁৰ কন্ঠৰে সজীৱ কৰিছে। মন উৰি যায়, অপৰাজিতা, পুৱতিৰ দৰে, জীৱন আৰু কিমান বাকী, উমাল পৰশেৰে, মুক্ত আকাশ, নিজান নদীৰ ঘাটত শ্ৰোতা দৰ্শকে আদৰি ল'ব বুলি আশা কৰিলোঁ।' 

এই অনুষ্ঠানত সংগীত শিল্পী নমিতা ভট্টাচাৰ্য, মালবিকা বৰা, শান্তা উজীৰ, অনিন্দিতা পাল, 

বিশিষ্ট গীতিকাৰ, আমাৰ অসমৰ ডেপুটি এডিটৰ গৌতম শৰ্মা, 

সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপুল ৰাভা, বিশিষ্ট ভাস্কৰ নুৰুদ্দিন আহমেদ, অনুপম লস্কৰ, জলী লস্কৰ আদি বিশিষ্ট ব্যক্তি 

উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে স্বনামধন্য শিল্পী প্ৰভাত শৰ্মা, কুল বৰুৱা আৰু মনোৰঞ্জন গগৈৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তি সকলে তেওঁলোকৰ প্ৰতিচ্ছবিৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here