হেলথ চিটি হাস্পতালৰ উদ্যোগত গুৱাহাটী প্ৰেছক্লাবত নিৰ্মিত ব্ৰেষ্ট ফিডিং কক্ষ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 20 March 2021

হেলথ চিটি হাস্পতালৰ উদ্যোগত গুৱাহাটী প্ৰেছক্লাবত নিৰ্মিত ব্ৰেষ্ট ফিডিং কক্ষ মুকলি

 




W7S NEWS, ষ্টাফৰিপোৰ্টাৰ, হেলথ চিটি হাস্পতালৰ উদ্যোগত গুৱাহাটী প্ৰেছক্লাবত নিৰ্মিত ব্ৰেষ্ট ফিডিং কক্ষ শনিবাৰে মুকলি কৰা হয়। হেলথ চিটি হাস্পতালৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক ডাঃ ভবানন্দ দাসে এই কক্ষটো অনুষ্ঠানিকভাৱে মুকলি কৰে। সাংবাদিক তথা গুৱাহাটী প্ৰেছক্লাবৰ সাংস্কৃতিক সম্পাদক পল্লৱী বৰাই আঁত ধৰা সভাখন সাংবাদিক তথা গুৱাহাটী প্ৰেছক্লাবৰ উপ-সভাপতি (সংৰক্ষিত)  মৌচুমী শৰ্মা বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত হয়। সভাত বিশিষ্ট সংগীত শিল্পী দ্বীপেন বৰুৱা, সমৰ হাজৰিকা, হেলথ চিটি হাস্পতালৰ চিকিৎসা সঞ্চালক অধ্যাপক ডাঃ বি পি চক্ৰৱৰ্তী, সঞ্চালক মেডিকেল চাৰ্ভিছ ডাঃ অতনু বৰঠাকুৰ, অধীক্ষক ডাঃ হেমজিত তালুকদাৰ, ডাঃ শশাংক বৰুৱা,  ফেচিলিটি ডাইৰেক্টৰ পৰাগজ্যোতি দত্ত

গুৱাহাটী প্ৰেছক্লাৱৰ উপ-সভাপতি ধনীৰাম কলিতা আদি উপস্থিত থাকে।

সভাত শলাগৰ শৰাই আগবঢ়াই সহকাৰী সাধাৰণ সম্পাদক মনিন্দ্ৰ ডেকাই। উল্লেখ্য, হেলথ চিটি হাস্পতালে ইতিমধ্যে সফলতাৰে এহেজাৰটা বাইপাছ ছাৰ্জাৰী সম্পন্ন কৰিবলৈ সক্ষম হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here