ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্বনেলৰ মুঠ ৩০ জন প্ৰাৰ্থীয়ে সমাগত বিধনাসভা নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়াব - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 20 March 2021

ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্বনেলৰ মুঠ ৩০ জন প্ৰাৰ্থীয়ে সমাগত বিধনাসভা নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়াব

 




W7S NEWS, ষ্টাফৰিপোৰ্টাৰ, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্বনেলৰ মুঠ ৩০ জন প্ৰাৰ্থীয়ে সমাগত বিধনাসভা নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়াব- শনিবাৰে গুৱাহাটী প্ৰেছক্লাবত

ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্বনেলৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলযোগে এইকথা  সদৰী কৰে ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্বনেলৰ সৰ্বভাৰতীয় সভানেত্ৰী ববিতা শৰ্মা গোয়েলে। তেওঁ লগতে কয় ' তৃতীয় পৰ্যায়ত আমাৰ ১৪ জন প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব।  আমি এইবাৰ ঢেকিয়াজুলী, ৰঙাপাৰা, কলাইগাঁও, পানেৰী, মঙলদৈ আদিক লৈ মুঠ

৯ খন আসন লাভ কৰিম বুলি আশাবাদী। ভোটাৰ সকলেহে প্ৰকৃতাৰ্থত ৰাজ্যৰ সম্পদ।

আমি প্ৰতিগৰাকী ব্যক্তিক যোগ্যজনক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনালোঁ। যাতে এখন সুখ, সমৃদ্ধিৰে ভৰা এখন ৰাজ্যত আমি শান্তিৰে বসবাস কৰিব পাৰোঁ। ভোটাৰৰ ৰাজত্ব স্থাপন কৰা আমাৰ মূল উদ্দেশ্য। ইয়াৰ বাবে প্ৰতিগৰাকী ভোটাৰে মাহেকীয়া ৮ হাজাৰ টকা পোৱাৰ অধিকাৰ আছে।  সদস্যতে প্ৰতিগৰাকী ভোটাৰে নূন্যতম ৩ হাজাৰকৈ টকা দিবলৈ দাবী জনালোঁ। মাতৃ সকলে সমাজৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে ৰাজ্যৰ আয়ৰ এটা অংশ মাতৃ সকলক দিয়াৰ বাবে আমি চেষ্টা কৰিম। লগতে নিবনুৱা সমস্যা সমাধানৰ বাবে গুৰুত্ব আৰোপ কৰিম। আমি লগতে সুৰজ কুমাৰ গোৱেলক সৰ্বভাৰতীয় মিডিয়া সচিবৰ দায়িত্ব আজিৰে পৰা অৰ্পণ কৰিলোঁ।' সংবাদমেলত ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্বনেলৰ  নবীন কুমাৰ, ৰঞ্জিত শৰ্মা, শিৱ নাৰায়ণ শৰ্মা,চনিকা ক্ৰান্তিৱীৰ আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here