ৰঙৰ উৎসৱ ফাফুঁৱাত নাই পূৰ্বৰ উচাহ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 27 March 2021

ৰঙৰ উৎসৱ ফাফুঁৱাত নাই পূৰ্বৰ উচাহ

 






W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, কাইলৈৰ পৰা আৰম্ভ হ'ব দৌল উৎসৱ। দৌল উৎসৱ উপলক্ষে ৰাজ্যজুৰি প্ৰস্তুতি তুংগত উঠিছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীতো দৌল উৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ ঠাই বিশেষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইফালে গুৱাহাটীৰ বজাৰ ভৰি পৰিছে অবিৰেৰে। ফাকুৱাৰ লগতে ফিচকাৰী, নানাৰঙী টুপি, মুখা, শিশুৰ বাবে নানা ধৰণৰ খেলনা ফিচকাৰীৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ। এই সম্পৰ্কে ফাঁচী বজাৰৰ কেশৱ চন্দ আৰু বিদ্ধি চন্দ বিপনীৰ স্বত্বাধিকাৰী কিষণ শৰ্মাই কয় ' এইবাৰ মুম্বাই, দিল্লী, বিহাৰ, কলকাতা, লক্ষ্মীশৰাই আদিৰ পৰা ফাফুঁৱা অনা হৈছে। আমি অধিকাংশ প্ৰাকৃতিক ফাঁকুৱা আনিছোঁ। এইবোৰৰ মূল্য ১৪০, ১২৫ টকা, সেইদৰে টুপী ৬৫ টকাৰ পৰা ৪০০ টকা, ফিচকাৰী ১০০ টকাৰ পৰা ৪০০ টকা,মোডী ফিচকাৰী ৭০ টকাত বিক্ৰী কৰা হৈছে। ২০২০ চনত কৰ'না ভাইৰাছৰ বাবে আমাৰ ব্যৱসায়ত যথেষ্ট লোকচান হৈছিল। এইবাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়ত লোকচান হৈছে। আমি চৰকাৰী সকলো বিধি মানি আছোঁ।' এই সম্পৰ্কে কাণপুৰৰ পৰা ফাঁচী বজাৰলৈ চাৰিদিনৰ বাবে ব্যবসায় কৰিবলৈ অহা ৰবি কুমাৰে কয় ' আমি কাণপুৰৰ পৰা ২০ ৰ পৰা ২২ জন ক্ষুদ্ৰ ব্যৱসায়ী আহিছোঁ। আমি কেৱল আবিৰ বিক্ৰী কৰিবলৈ আহিছোঁ। প্ৰতি কিলোগ্ৰাম ১০০ টকাকৈ বিক্ৰী কৰিছোঁ।' উল্লেখ্য,  দেশত ক'ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি আৰু বিধানসভা নিৰ্বাচনৰ ফলত অসমতো এই ব্যবসায়ত প্ৰভাৱ পৰিছে।

যাৰ ফলত ৰঙৰ উৎসৱ ফাফুঁৱাত পূৰ্বৰ উচাহ উদ্দীপনা এইবাৰ পৰিলক্ষিত হোৱা নাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here