বিজেপি মুক্ত চৰকাৰ গঠনৰ বাবে ৰাইজক বিবেক ভোট দিয়াৰ আহ্বান- অবড়ো সুৰক্ষা সমিতিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 27 March 2021

বিজেপি মুক্ত চৰকাৰ গঠনৰ বাবে ৰাইজক বিবেক ভোট দিয়াৰ আহ্বান- অবড়ো সুৰক্ষা সমিতিৰ


 




W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ,  'বিজেপি মুক্ত চৰকাৰ গঠনৰ বাবে ৰাইজক বিবেক ভোট দিয়াৰ আহ্বান জনাইছে অবড়ো সুৰক্ষা সমিতিয়ে। শনিবাৰে দিছ্পুৰ প্ৰেছক্লাবত অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত

 সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্তই কয় ' আমি ১২টা সমষ্টিৰ তিনিটা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিছো। অবড়োভূমিত এখন শান্তিপূৰ্ণ

গণতান্ত্ৰিক আঁচনি থাকে।

তিনিটা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব অবড়ো সুৰক্ষা সমিতিৰ প্ৰাৰ্থী ক্ৰমে

৫৮ নং তামুলপুৰত ডিম্বেশ্বৰ ৰাভা, ২৮ নং গোসাঁইগাঁওত আব্দুল চামাদ চৌধুৰী আৰু ৬৩ নং ছাপাগুৰিত জ্যোতিষ কুমাৰ দাসে। এই তিনিখন আসন আমি লাভ কৰিম বুলি আশাবাদী।

অগণতান্ত্ৰিক ভাৱে চৰকাৰ গঠন কৰিছিল বিজেপি ইউ পি পি এলে । গতিকে এইবাৰ ৰাইজে বিবেক ভোট দানৰ জৰিয়তে বিজেপি মুক্ত, মিত্ৰজোঁটৰ বিৰুদ্ধে গৈ দিছপুৰত গণতান্ত্ৰিক চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব।

অবড়ো সকলৰ সুৰক্ষা, ভুমি সুৰক্ষাৰ উদ্দেশ্যে অবড়ো সকলে প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে।বিজেপি, ইউ পি পি এল, গন সুৰক্ষা সমিটি, অগপ মুক্ত চৰকাৰ গঠন কৰা লক্ষ্য অবড়ো সুৰক্ষা সমিটিৰ।

আমি এখন শান্তিপূৰ্ণ, গণতান্ত্ৰিক, উন্নয়নমুখী চৰকাৰ গঠনৰ পোষকতা কৰোঁ। সেয়ে বিজেপি মিত্ৰাজোঁটৰ বিৰুদ্ধে থকা শক্তিশালী প্ৰাৰ্থীক ভোট দিয়াৰ বাবে ৰাইজক আহ্বান জনালোঁ।'

তেওঁ লগতে কয় ' 

বিটিআৰ চুক্তিৰ ৭.২ ধাৰা মতে অবড়ো সকলক উচ্চেদ কৰাৰ বাবে ইতিমধ্যে জাননী জাৰি কৰা হৈছে , কিন্তু নিৰ্বাচনৰ বাবে এই জাননী স্থগিত ৰখা হৈছে।

বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় বিজেপি চৰকাৰে কেৱল মাথোঁ ডাঙৰ ডাঙৰ কোম্পানীৰ হাতত দেশখন গতাই দিব বিচাৰিছে। তেওঁলোকে পুনৰ অসমত চৰকাৰ গঠন কৰিলে অসমৰ সকলো সমস্যা সমস্যাহৈয়ে ৰ'ব। বাংলাদেশক এক ইঞ্চি মাটি নিদিওঁ বুলি কোৱা এইখন চৰকাৰে লাখ লাখ বিদেশী অনুপ্ৰৱেশকাৰীক আমন্ত্ৰণ জনালে। অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিৰ প্রতিবেদন আজিলৈ ৰাজহুৱা নহ'ল। 

ৰাইজে তেওঁলোকৰ পূৰ্বৰ প্ৰতিশ্ৰুতি মনত ৰাখি বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ বিবেক ভোট দিয়ক।'

সংবাদ মেলত বিটিচিত প্ৰাৰ্থীত্ব প্ৰদান কৰা প্ৰাৰ্থী সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here