পূব-গুৱাহাটী বিহু সন্মিলনৰ লাইখুটা স্থাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 27 March 2021

পূব-গুৱাহাটী বিহু সন্মিলনৰ লাইখুটা স্থাপন

 



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত পূব-গুৱাহাটী বিহু সন্মিলনৰ লাইখুটা শনিবাৰে স্থাপন কৰা হয়। ৬০ সংখ্যক বিহু সন্মিলনৰ লাইখুটা স্থাপন কৰে সন্মিলনৰ উপদেষ্টা,আজীৱন সদস্য,শিক্ষাবিদ ৰসেশ্বৰী হাজৰিকা বৰুৱাই। ৬০ সংখ্যক বিহুসন্মিলনৰ সফলতা কামনা কৰে।

অনুষ্ঠানত উপস্থিত থাকি সমিতিৰ সদস্য, পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কয় ' বিগত বৰ্ষত ক'ভিড পৰিস্থিতিৰ বাবে মাত্ৰ পৰম্পৰা ৰক্ষা কৰি ৰঙালী বিহুৰ আয়োজন কৰা হৈছিল। এইবাৰ সুকলমে যাতে বিহু অনুষ্ঠিত হয় তাৰে আশা কৰিলোঁ। এইখন পুৰণি বিহুৰ অন্যতম। কোনো বস্তুকে সহজভাৱে ল'ব নালাগে। মই সেইটো কথা বিশ্বাস কৰোঁ। এইবাৰ নিৰ্বাচনত

সফলতা লাভৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব। পূৰ্বৰ তুলনাত এইবাৰ অধিক ভাল ফলাফল দেখুৱাবলৈ  প্ৰয়াস কৰিছোঁ।' এইবাৰ

১৪ ৰ পৰা ১৭ এপ্ৰিললৈ উদযাপন হ'ব ৰঙালী বিহু।  আনহাতে ৭ৰ পৰা ১২ এপ্ৰিললৈ পৰা বিহু নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হ'ব।

এই উপলক্ষে অনুষ্ঠিত সভাত উপস্থিত থাকে পূব-গুৱাহাটী  বিহু সন্মিলনৰ সভাপতি বসন্ত দাস,সাধাৰণ সম্পাদক দিপজ্যোতি মিশ্ৰ ,অঞ্জন শৰ্মা,কুশল শইকীয়া আদি। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰে আৰম্ভ হয় লাইখুটা স্থাপনৰ অনুষ্ঠান।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here