টাটাই উত্তৰ-পূব বাসীৰ বাবে মুকলি কৰিলে প্ৰিমিয়াম ফ্রেগছিপ এছ ইউ ভি টাটা চাফাৰী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 6 March 2021

টাটাই উত্তৰ-পূব বাসীৰ বাবে মুকলি কৰিলে প্ৰিমিয়াম ফ্রেগছিপ এছ ইউ ভি টাটা চাফাৰী




 W7S News, ষ্টাফ ৰিপ'ৰ্টাৰ : 

ভাৰতৰ আগশাৰীৰ অটোমোবাইল প্ৰতিষ্ঠান টাটাই উত্তৰ-পূব বাসীৰ বাবে মুকলি কৰিলে প্ৰিমিয়াম ফ্রেগছিপ এছ ইউ ভি টাটা চাফাৰী। শনিবাৰে টাটা মটৰ্ছৰ ফ্লেগছিপ এছ ইউ ভি টাটা চাফাৰী বাহনখন কামাখ্যাস্থিত কামাখ্যা মটৰ্ছত  উদ্বোধন কৰা হয়। বাহন খন অনুষ্ঠানিক ভাৱে মুকলি কৰে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে। এই সন্দৰ্ভত টাটা মটৰ্ছৰ আঞ্চলিক প্ৰৱন্ধক সৌমেন পলে কয়"-চাফাৰীয়ে ভাৰতক এছইউভি জীৱনশৈলীৰ সৈতে পৰিচয় কৰাইছিল আৰু ইয়াৰ নতুন সংস্কৰণ গ্ৰাহকৰ বহুমুখী জীৱনশৈলীৰ সৈতে জড়িত। 'এডভেঞ্চাৰ' ভাল পোৱা গ্ৰাহকসকলে চাফাৰী প্ৰাধান্য দিয়াৰ লগতে অধিক পছন্দ কৰে কাৰণ চাফাৰীয়ে গ্ৰাহকক ন-ন অভিজ্ঞতা প্ৰদান কৰে"। আকৰ্ষণীয় ডিজাইন ডিজাইন,আৰামদয়ক ইন্টেৰিয়ৰ আৰু শক্তিশালী ক্ষমতাসম্পন্ন ইঞ্জিনেৰে গ্ৰাহকক এক আৰামী তথা আধুনিক অভিজ্ঞতাৰে সকলো প্ৰয়োজনীয়তা পূৰ


ণ কৰিব বাহনখনে । আজিৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকৰ নীকটৱবৰ্তী টাটাৰ শ্ব'ৰুমত বাহন খন উপলব্ধ হ'ব। উল্লেখযোগ্য যে,দায়টনা গ্ৰে' ট্ৰপিকেল মিষ্ট আৰু অৰ্কাছ হোৱাইট ৰঙত উপলব্ধ হোৱা বাহনখনৰ ব প্ৰাৰম্ভিক মূল্য ১৪.৬৯ লাখ টকা ধাৰ্য কৰা হৈছে আৰু এই নতুন চাফাৰী খন ৯ টা বিভিন্ন মডেলত উপলব্ধ হ'ব। আজিৰ অনুষ্ঠানত টাটা মটৰ্ছৰ বিজনেছ আৰু ইনষ্টিটিউচনৰ চিনিয়ৰ মেনেজাৰ প্ৰখ্যাত বৰুৱা, টেৰিটৰিয়েল চেলছ মেনেজাৰ ঋত্বিক হেমকা আৰু কামাখ্যা মটৰছৰ স্বত্বাধিকাৰী মদন মালহোট্ৰা উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here