W7S News, ষ্টাফৰিপোৰ্টাৰ, যিসময়ত ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱকৰ বেছিভাগেই এটা সৰু বৰ চৰকাৰী চাকৰি বিচাৰি সময় আৰু ধনৰ অপব্যয় কৰিছে , সেইসময়ত পশ্চিম গুৱাহাটীৰ তথা মহানগৰীৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ খানামুখ হাওৰাপাৰ অঞ্চলৰ কেবাজনো শিক্ষিত নিবনুৱা যুৱকে চৰকাৰী চাকৰিৰ পাছত দৌৰি সময় নষ্ট নকৰি নিজৰ পৈত্রিক মাটিত কৃষি কৰ্মৰে উজলি উঠিছে । বিশেষকৈ হাওৰাপাৰৰ ধীৰাজ কলিতা (দুলু ), হিতেশ কলিতা ( ধন ) , আৰু বিতু কলিতাই এইক্ষেত্ৰত বিভিন্ন ঋতুকালীন খেতি কৰি সাধাৰণ ৰাইজেৰ লগতে কৃষি বিভাগৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । যাৰ বাবে তিনিওজনকে কৃষি বিভাগৰ ফালৰ পৰা কিছুদিন পূৰ্বে খেতিত বছৰটোৰ বাৰমাহে পানী যোগান ধৰাৰ বাবে ৬০ শতাংশ ৰাজসাহায্যযুক্ত গভীৰ নলীনাদ বহুওৱাই দিছে । এই সন্দৰ্ভত হিতেশ কলিতাই কয় 'এইবাৰ প্ৰায় বাৰ বিঘা মাটিত তিনিবিধ শাক ক্ৰমে পালেং , খুতুৰা আৰু ভতুৱাৰ খেতি কৰি যথেষ্ট পৰিমাণে লাভবান হৈছো । অৱশ্যে প্ৰথম অৱস্থাত যিমান মূল্য পাইছিলো এতিয়া তাৰ পৰিমাণ কিছু কমি আহিছে । তাৰ সমানে সমানে বন্ধা কবি , মটৰ , মাকৈ , সৰিয়হ , আদিৰো খেতি কৰিছোঁ । পৰৱৰ্তী সময়ত বহাগত আহু আৰু শাওন মাহত শালি ধানৰ খেতি কৰিব । আনহাতে ধাৰাপুৰ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া প্ৰদীপ মেধিয়ে মাজে সময়ে বিভিন্ন দিহা পৰামৰ্শ দিয়ে যদিও কাৰ্যালয়ত গ্ৰামসেৱক নথকাত তেওঁলোক বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । কৃষি বিভাগৰ ফালৰ পৰা লাভ কৰা গভীৰ নলীনাদৰ জৰিয়তে আগন্তক আহু আৰু শালি ধানৰ খেতিত উপযুক্ত সময়ত পানী যোগান ধৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছে তিনিওজন উদীয়মান যুৱ কৃষকে । আলু , কবি , বিভিন্ন শাক পাচলিকে ধৰি বিভিন্ন ঋতুকালীন খেতিৰ বাবে বিখ্যাত খানামুখৰ হাওৰাপাৰত যদি চৰকাৰে উঠি অহা যুৱ প্ৰজন্মৰ মাজত কৃষিক জনপ্ৰিয় কৰাৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰে তেন্তে বহু লোক উপকৃত হব । কিয়নো অঞ্চলটোত প্ৰায় ২০০ বিঘা মাটিত বহু পৰিয়ালে পৰম্পৰাগত পদ্ধতিৰে কৃষি কৰ্ম কৰি পৰিয়াল ভৰণ - পোষণ দি আহিছে ।
Post Top Ad
Responsive Ads Here
Friday, 5 March 2021

Home
Unlabelled
কৃষি কৰ্মৰে উজলি উঠিছে পশ্চিম গুৱাহাটীৰ খানামুখৰ কেবাজনো উদীয়মান যুৱক
কৃষি কৰ্মৰে উজলি উঠিছে পশ্চিম গুৱাহাটীৰ খানামুখৰ কেবাজনো উদীয়মান যুৱক
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment