আজিৰ খবৰৰ দ্বি বাৰ্ষিক বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন ক্ষুদ্ৰ সংবাদ গোষ্ঠীয়ে সঠিক বাতৰি পৰিবেশন কৰি আহিছে: ডঃ লক্ষীনন্দন বৰা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 21 March 2021

আজিৰ খবৰৰ দ্বি বাৰ্ষিক বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন ক্ষুদ্ৰ সংবাদ গোষ্ঠীয়ে সঠিক বাতৰি পৰিবেশন কৰি আহিছে: ডঃ লক্ষীনন্দন বৰা

 





W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, ডিজিটেল পৰ্টেল আজিৰ খবৰৰ  দ্বি বাৰ্ষিক বৰ্ষপূৰ্তি  উপলক্ষ্যে আজি দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যৰ তিনিগৰাকী সাংবাদিকক 'সংবাদ সূৰ্য',১৩ গৰাকীক 'সংবাদ প্রহৰী', এগৰাকী সমাজকৰ্মীক 'শান্তি যোদ্ধা', চিকিৎসক সন্দীপ তাপাৰীয়াক 'অনুপ্ৰেৰণামুলক বটা'ৰ লগতে কেইবাজনকো আন বিভিন্ন শিতানৰ বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত আছিল বিশিষ্ট সাহিত্যিক ডঃ লক্ষীনন্দন বৰা। অনুষ্ঠানতোত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক

ডঃ লক্ষীনন্দন বৰাই তেওঁ ভাষণ প্ৰসংগত কয় যে সংবাদ জগতলৈ নতুন প্ৰত্যাহ্বান আহিছে। ডিজিটেল সংবাদৰ জন্ম হোৱাৰ লগে লগে বিশ্বত কাকতৰ প্ৰচলন হ্ৰাস পাইছে। ভাৰতৰ আগশাৰীৰ সংবাদ পত্ৰৰো পূৰ্বৰ তুলনাত প্ৰচলন হ্ৰাস পাইছে। কিয়নো ডিজিটেল মাধ্যমৰে প্ৰতিটো খবৰ তাৎক্ষণিকভাৱে পোৱা যায়। তেওঁ ডিজিটেল পৰ্টেল আজিৰ খবৰৰ প্ৰসংগ উল্লেখ কৰি কয় যে এনে ক্ষুদ্ৰ ক্ষুদ্ৰ ডিজিটেল সংবাদ মাধ্যমসমূহে সঠিক বাতৰি পৰিবেশন কৰি আহিছে। তেওঁ এই বুলিও কয় যে কিছু ক্ষেত্ৰত সংবাদৰ শুদ্ধ শুদ্ধতা জানিব

পৰা নাযায়। সংবাদ শুদ্ধতাৰে পৰিবেশন কৰিব লাগে বুলি উল্লেখ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে। আনহাতে মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই ভাষণ প্ৰসংগত কয়- ডাঙৰ ডাঙৰ মিডিয়া হাউছতকৈ সৰু সৰু এনে পৰ্টেলত প্ৰকৃত খবৰ পোৱা যায়। ডাঙৰ ডাঙৰ মিডিয়া হাউছে কাৰ পক্ষত কাম কৰি আছে সেয়া জনগণে জানে। বিভিন্ন ৰাজ্যৰ তুলনাত অসমৰ সংবাদ মাধ্যমৰ গুৰুত্ব অধিক। সঠিক ভাবে অসমৰ সংবাদ মাধ্যমে কাম কৰি আছে। অভিজ্ঞতাৰ ভিত্তিত এই কথা মই কৈছোঁ। সংবাদ মাধ্যমে কেতিয়াও বিচাৰকৰ ভূমিকা

লব নালাগে। ইয়ে সামাজত বাধাৰ প্ৰাচীৰৰূপে থিয় দিয়ে। ব্যক্তিগত জীৱন খুচৰাটো সংবাদ মাধ্যমৰ ঋণাত্মক দিশ। সৰু সৰু হাউচবোৰে যথেষ্ট কষ্ট কৰে। আজি মোক যি সন্মান দিলে তাৰ বাবে আজিৰ খবৰক ধন্যবাদ জনাইছোঁ। উল্লেখ্য যে আজিৰ খবৰৰ মুখ্য সম্পাদক চন্দন কলিতা আৰু সম্পাদক হিৰকজ্যোতি শৰ্মাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয়। ইয়াৰ পিছত সাংবাদিক অনুপমা ডেকা আৰু দীপাঞ্জলী ডেকাই সৰস্বতী বন্দনা পৰিবেশন কৰে৷ উল্লেখ্য যে আজি অনুষ্ঠানত ডিজিটেল পৰ্টেলটোৱে

চিকিৎসা খণ্ডত অনবৈদ্য অৱদান আগবঢ়োৱাৰ বাবে হেল্থ চিটি হাস্পতালৰ চিকিৎসক ডাঃ সন্দীপ তাপাৰীয়াক 'অনুপ্ৰেৰনামুলক বটা' প্ৰদান কৰা হয়৷ যোৰহাটত জন্মগ্ৰহন কৰা চিকিৎসক গৰাকীয়ে সমাজসেৱা মুলক কাম কৰাৰ উদ্দেশ্যে চিকিৎসা বৃত্তিত জড়িত হৈ পৰা বুলি উল্লেখ কৰে৷ আজিৰ অনুষ্ঠানতে শান্তি যোদ্ধা বঁটা : ডঃ দিব্যজ্যোতি শইকীয়া, মানৱ অধিকাৰ তথা সমাজ কৰ্মী, সংবাদ সূৰ্য বঁটা : উৎপল বৰা, জ্যেষ্ঠ সাংবাদিক(প্ৰাগ নিউজ), দিলীপ কুমাৰ শৰ্মা, জ্যেষ্ঠ ৰাষ্ট্ৰীয় সাংবাদিক, উত্তম বৰা, জ্যেষ্ঠ সাংবাদিক,নগাঁও । সংবাদ প্রহৰী বটা প্ৰদান কৰা হয় দেৱানন্দ মেদক, সাংবাদিক, বসন্ত দাস(গণ অধিকাৰ), দিপেন ভৰালী, (দৈনিক বাতৰি কাকত), ৰন্টু নেওগ(দৈনিক অগ্ৰদূত), নিপা কাকতি,(আমাৰ অসম), প্ৰণৱ কুমাৰ পাটোৱাৰী(অসমীয়া খবৰ), অনুপমা ডেকা(আমাৰ অসম), ধীৰেন শৰ্মা (দৈনিক অসম), ৰূপক বৈশ্য (নিউজ লাইভ), কৰবী বৰশইকীয়া , চন্দন দাস (সাংবাদিক) আৰু আব্দুল হালিম (নিয়মীয়া বাৰ্তা)। একেদৰে আদৰ্শ মহিলা সন্মান আগবঢ়োৱা হয় বিশিষ্ট সমাজসেৱীকা বিনু বৰকাকটিক। আনহাতে ৰূপ সজ্জাকাৰ সন্মান ৰিনা বসুমতাৰীলৈ আগবঢ়োৱা হয়। আটাইকে ফুলাম গামোছা, জাপি, মানপত্ৰ, আৰু অসমৰ স্বভিমান গড় সম্বলিত স্মাৰক প্ৰদান কৰা হয়৷ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই চন্দন কলিতাই কয় যে সংবাদ মাধ্যমলৈ অহা প্ৰত্যাহ্বানক স্বীকাৰ কৰি এই আজিৰ খবৰ ডিজিটেল পৰ্টেলতোৰ জন্ম দিয়া হৈছিল৷ বহু ঘাট প্ৰতিঘাটৰ মাজেৰে দুটা বছৰ অতিক্ৰম কৰিলোঁ। আজি সতীৰ্থ আৰু জ্যেষ্ঠ সাংবাদিক সকলক এই বঁটা আগবঢ়াই আনন্দ অনুভৱ কৰিছো। আগন্তক সময়তো নিষ্ঠা আৰু সততাৰে কাম কৰি যোৱাৰ লগতে এনেদৰে সকলোৰে এই যাত্ৰাত পথ দেখুৱাব বুলি আশা কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here