মিছ ইউনিভাৰ্চ তথা বলিউডৰ অভিনেত্ৰীয়ে পৰিধান কৰিলে অসমীয়া পাটৰ মেখেলা চাদৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 21 March 2021

মিছ ইউনিভাৰ্চ তথা বলিউডৰ অভিনেত্ৰীয়ে পৰিধান কৰিলে অসমীয়া পাটৰ মেখেলা চাদৰ

 


#মুম্বাই#লেকমি ফেশ্যন উইক#সংযুক্তা দত্ত#লাৰা দত্ত


W7S, NEWS, মুম্বাই:  মেখেলা চাদৰক অনন্য ৰূপ প্ৰদান কৰি প্ৰখ্যাত হোৱা ডিজাইনাৰ সংযুক্তা দত্তই এইবাৰ লেকমে ফেশ্বন উইকত তেওঁৰ নতুন সংগ্ৰহ 'শুকুলা' দেওবাৰে প্ৰদৰ্শন কৰে। ফেশ্বন তথা বলিউদ সুন্দৰী লাৰা দত্তক সংযুক্তাৰ নতুন সংগ্ৰহৰ পৰিধানেৰে  ৰেম্পত অতিব মোহনীয়া আৰু আকৰ্ষনীয় দেখা কৰি তোলে।

মুম্বাইত অনুষ্ঠিত হৈ থকা লেকমে ফেশ্বন উইকত দেশৰ বিখ্যাত ডিজাইনাৰ সংযুক্তা দত্তৰ ডিজাইন কৰা পাতৰ সাজ পৰিধান কৰি ৰেম্পত কেটৱাক কৰে।


এই সম্পৰ্কে 

সংযুক্তা দত্তই কয়, "লেকমে ফেশ্বন উইকত মোৰ নতুন সংগ্ৰহখিনি প্ৰদৰ্শন কৰি মই অতিকৈ উৎসাহিত তথা আনন্দিত । সকলো প্ৰতিষ্ঠিত তথা প্ৰখ্যাত ডিজাইনাৰ সকলৰ বাবে তেওঁলোকৰ সৃষ্টিৰাজি প্ৰদৰ্শন কৰাৰ বাবে লেকমে ফেশ্বন উইক এক উত্তম প্লেটফৰ্ম। তেওঁলোকৰ মাজত মোৰ সংগ্ৰহখিনি প্ৰদৰ্শন কৰিব পৰাটো মোৰ বাবে যেনেদৰে গৌৰবৰ কাৰন থিক তেনেদৰে এক প্ৰত্যাহবানো।লাৰা দত্তৰ সৈতে কাম কৰাটো এক আনন্দদায়ক অভিজ্ঞতা। মোৰ নতুন সংগ্ৰহ 'শুকুলা' অৰ্থাৎ উজ্জ্বল শুধ বগা যেন শান্তি আৰু পবিত্ৰতাৰ এক বাংময় প্ৰকাশ।"

এই কাৰ্য্যসূচীত অংশ গ্ৰহন কৰাটো সচাকৈ অতি আনন্দদায়ক আৰু সংযুক্তাৰ ৰঙৰ খেল আৰু ধাৰণা বিৰল তথা অনন্য ।" সংযুক্তাৰ সংগ্ৰহৰ বিষয়ে লাৰা দত্তই  কয়, "সংযুক্তাৰ এই সংগ্ৰহ 'শুকুলা' যেন সূতাৰে বোৱা এক কবিতা যত অলেখ কাহিনী গাঁথি থোৱা আছে। সেয়া যেন পবিত্ৰ শান্ত যদিও উজ্জ্বল এক প্ৰকাশ।'

উল্লেখ্য ইতিপূৰ্বে বিগত বৰ্ষসমূহত বিপাশা বসু, জেৰিন খান, প্ৰীতি জিন্তা, টাবুৰ দৰে বহু বিখ্যাত বলিউডৰ তাৰকাই সংযুক্তা দত্তই ডিজাইন কৰা সাজপাৰ পৰিধান কৰি দেশৰ আগশাৰীৰ ৰেম্পত কেটৱাক কৰি থৈছে। মেখেলা চাদৰক অনন্য ৰূপ প্ৰদান কৰি প্ৰখ্যাত হোৱা দিজাইনাৰ সংযুক্তা দত্তই এইবাৰ লেকমে ফেশ্বন উইকত তেখেতৰ নতুন সংগ্ৰহ 'শুকুলা' ২১ মাৰ্চ ২০২১ত প্ৰদৰ্শন কৰে। ফেশ্বন তথা বলিউদ সুন্দৰী লাৰা দত্তক সংযুক্তাৰ নতুন সংগ্ৰহৰ পৰিধানেৰে  ৰেম্পত অতিব মোহনীয়া আৰু আকৰ্ষনীয় দেখা গৈছিল ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here