ইকম এক্সপ্ৰেছৰ মহিলা কৰ্মচাৰীয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত পৰিৱৰ্তন সাধন কৰিছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 5 March 2021

ইকম এক্সপ্ৰেছৰ মহিলা কৰ্মচাৰীয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত পৰিৱৰ্তন সাধন কৰিছে

 

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে সমগ্ৰ দেশখনৰ মহিলা কৰ্মচাৰীৰ বাবে পদক্ষেপ ঘোষণা


W7S NEWS, ষ্টাফৰিপোৰ্টাৰ, ই-কমাৰ্ছ উদ্যোগটোলৈ শীৰ্ষস্থানীয় প্ৰযুক্তি সমৰ্থিত অন্তলৈকে লজিষ্টিক সমাধানসমূহ আগবঢ়াওঁতা ইকম এক্সপ্ৰেছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাকক্ষণত কোম্পানীটোৰ নাৰী কেন্দ্ৰিক পদক্ষেপসমূহৰ কথা ঘোষণা কৰিছে। কোম্পানীটোৱে তদুপৰি লজিষ্টিক খণ্ডটোত শীৰ্ষস্থানীয় ভূমিকা গ্ৰহণ কৰিবলৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মহিলাসকলক যে সবলীকৰণ কৰি আছে, সেয়াও উল্লেখ কৰিছে। নতুন প্ৰজন্মৰ প্ৰযুক্তি সমৰ্থিত কোম্পানী হিচাপে, ইকম এক্সপ্ৰেছে পুৰুষ অধ্যুষিত উদ্যোগ এটাত কেৰিয়াৰ গঢ়ি তুলিবলৈ নাৰীসকলক উৎসাহিত কৰি আছে। 


এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত ইকম এক্সপ্ৰেছে সমগ্ৰ দেশখনৰ মহিলা কৰ্মচাৰীসকলৰ বাবে কেতবোৰ মূল পদক্ষেপৰ কথা ঘোষণা কৰিছে। এইসমূহ হৈছেঃ 

অভিযোগসমূহেৰে মোকাবিলা কৰিবলৈ ৮ মাৰ্চত মহিলাৰ বাবে এটা সমৰ্পিত ২৪x৭ হেল্পলাইনৰ শুভাৰম্ভ কৰা হ’ব যিটো সকলো মহিলা কৰ্মচাৰীৰ বাবে সুগম হৈ পৰিব। এই হেল্পলাইনটো প্ৰৱৰ্তনৰ উদ্দেশ্য হৈছে এটা সুৰক্ষিত বাতাবৰণত অভিযোগ বা আন কোনো সমস্যা নিষ্পত্তিৰ জৰিয়তে মহিলা কৰ্মচাৰীসকলৰ মনত তেওঁলোক যে সুৰক্ষিত সেই ভাৱনা জগাই তোলা।

ৰিইগনাইট কাৰ্যক্ৰম – এইটো এটা অনন্য কাৰ্যক্ৰম যিয়ে ইকম এক্সপ্ৰেছত কাম কৰি থকা অৱস্থাতে অব্যাহতি লোৱা মহিলা কৰ্মচাৰীসকলক পুনৰ ইয়ালৈ ঘূৰাই অনাত সচেষ্টতা অৱলম্বন কৰিব আৰু ইয়াত পুনৰ কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত অৱগত কৰা কোনো সমস্যা নিষ্পত্তি কৰি তুলিব। এটা সুচল সন্ধিক্ষণ নিশ্চিত কৰিবলৈ, ইয়াত থাকিব পৰামৰ্শমূলক কাৰ্যক্ৰম যিয়ে মহিলাসকলক সংস্থাটোৰ বাতাবৰণত ক্ষীপ্ৰতাৰে অন্তৰ্ভুক্ত হোৱাত সহায় কৰিব যি হ’ব তেওঁলোকৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে অনুকূল।

আন্তঃগাঁথনিৰ উন্নীতকৰণ – বিতৰণ কেন্দ্ৰ , ৱেৰহাউছ বা হাব অৱস্থিত ভিন্ন ক্ষেত্ৰসমূহত অধিক মহিলা কৰ্মচাৰীক সবলীকৰণ আৰু উৎসাহিত কৰি তুলিবলৈ, ইকম এক্সপ্ৰেছৰ টীমটোৱে নিয়মীয়াকৈ ভিন্ন কৰ্ম ক্ষেত্ৰসমূহ নিৰীক্ষণ কৰি আহিছে। এই কাৰ্যই মহিলা কৰ্মচাৰীসকলৰ বাবে বৰ্তমানে থকা সা-সুবিধাসমূহৰ উন্নয়ন সাধনত সহায় আগবঢ়াইছে। ইয়াৰোপৰি ইয়াৰ ফলত সমগ্ৰ সা-সুবিধাসমূহৰ আন্তঃগাঁথনিৰ উন্নতিসাধনত লক্ষ্যণীয় অগ্ৰগতি লাভ কৰা হৈছে। 

ছুপাৰভাইজৰৰ দায়িত্বৰ বাবে নিয়োগ – ভিন্ন ক্ৰিয়া-কলাপত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ ইকম এক্সপ্ৰেছ অতিশয় অংগীকাৰবদ্ধ। বৃহৎ ব্যৱস্থাসমূহত, কোম্পানীটোৱে পুৱাৰ বেটছত ৫০ শতাংশ ডাইভাৰচিটি অনুপাতৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অন্তিম প্ৰান্তলৈকে ডেলিভাৰীত সম্প্ৰতি মহিলাসকল টীমটোৰ অংশ হৈ আছে আৰু দেশখনৰ ভিন্ন অংশত কেৱল মহিলা-চালিত ডিচি মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে। কোম্পানীটোৱে তদুপৰি ছুপাৰভাইজৰৰ দায়িত্বৰ বাবে মহিলাক নিয়োগ কৰাৰ পদক্ষেপ হাতত লৈছে। 


ইয়াৰোপৰি, কৰ্মৰত মাতৃ আৰু গৰ্ভৱতীসকলৰ বাবে অন্যান্য মহিলা অনুকূল নীতি আছে। 

ইকম এক্সপ্ৰেছৰ ইভিপি আৰু চিএইচআৰঅ’ সৌৰভ দীপ সিংলাই কয়, “আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্যালয়সমূহত আমাৰ মহিলা কৰ্মচাৰীসকলৰ কামক লৈ আমি গৌৰৱান্বিত, যিসকল বিতৰণ কেন্দ্ৰ আৰু হাবসমূহত কৰ্মৰত আৰু ডেলিভাৰী এছ’চিয়েট হিচাপে নিয়োজিত হৈ আছে। ইয়ে এই কথা প্ৰতিপন্ন কৰে যে দৃঢ়তা, সংকল্প আৰু অংগীকাৰৰ জৰিয়তে মহিলাসকলে যিকোনো কামেই কৰিব পাৰে। ইকম এক্সপ্ৰেছত, কৰ্মস্থানত বিভিন্নতাৰ বৰ্ধনৰ অৰ্থে আমি অতিশয় অংগীকাৰবদ্ধ আৰু ৫০ শতাংশ ডাইভাৰচিটি অনুপাতৰ লক্ষ্যৰে মহিলা ছুপাৰভাইজৰৰ দায়িত্বৰ বাবে বহু নিয়োগৰ কথাও ঘোষণা কৰা হৈছে।"

কৰ্মৰত মহিলাসকলৰ বহু দৃষ্টান্তমূলক সফলতাৰ কাহিনী আছে। তেওঁলোকৰ কথা ক’বলৈ পাই ইকম এক্সপ্ৰেছে গৌৰৱবোধ কৰিছে আৰু এই নাৰী দিৱসত তেওঁলোকৰ প্ৰতিভাক অভিবাদন জনাইছে।


দীপিকা গুপ্তাই ২০১৬ ৰ ফেব্ৰুৱাৰীত তেজপুৰত ইকম এক্সপ্ৰেছত যোগদান কৰিছিল। কিন্তু ২০১৮ ত, তেওঁৰ মাতৃৰ শাৰীৰিক অসুস্থতাৰ বাবে, মাতৃৰ যতন ল’বলৈ চাকৰিৰপৰা অব্যাহতি লয়। ইয়াৰপৰা ছমাহৰ পাছত ইকম এক্সপ্ৰেছে তেওঁৰ সৈতে যোগাযোগ কৰে আৰু তেওঁ কোম্পানীৰ গুৱাহাটীস্থিত ডেলিভাৰী কেন্দ্ৰ (DC) ত কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ হিচাপে যোগদান কৰে। সেই সময়ছোৱাত, ডিচিটোত মানৱ সম্পদৰ সংকটে দেখা দিয়ে আৰু ল’ড পৰিচালনা কৰিবলৈ ভাৰপ্ৰাপ্ত ডিচি হেড হিচাপে দায়িত্ব পালন কৰিবলৈ তেওঁক সুযোগ দিয়া হয়। দীপিকাই কামটোৰ সৈতে নিবিড়ভাৱে জড়িত হৈ পৰে আৰু কেইটামান দিনৰ ভিতৰতে শ্বিপমেন্টৰ বেকলগসমূহ দূৰ কৰিবলৈ সক্ষম হয়। তেওঁ মহানগৰখনত বান আৰু প্ৰবল বৰষুণ ইত্যাদিৰ দৰে অসাধাৰণ পৰিস্থিতি সত্বেও দায়িত্ব পালনত সফল হয় আৰু ইয়াৰ জৰিয়তে তেওঁৰ টীমৰ সহযোগত গ্ৰাহকে সঠিক সময়ত শ্বিপমেন্ট লাভ কৰাটো নিশ্চিত হৈ পৰে। তেওঁৰ দৃঢ়তা আৰু সংকল্প প্ৰত্যক্ষ কৰি, কোম্পানীটোৱে তেওঁক ডিচিটোৰ ডেলিভাৰী চেন্টাৰ হেডলৈ পদোন্নতি দিয়ে।


জয়শ্ৰী দৈমাৰী মহিলাগৰাকী হৈছে গুৱাহাটীৰ গোটানগৰ-মালিগাঁওস্থিত ইকম এক্সপ্ৰেছৰ ডিচিৰ হেড। ২০১৮ ত ছুপাৰভাইজৰ হিচাপে জয়শ্ৰীয়ে ইকম এক্সপ্ৰেছত যোগদান কৰিছিল। টেলিকম খণ্ডটোত কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ হিচাপে কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট জয়শ্ৰীৰ বাবে লজিষ্টিকত প্ৰৱেশ কৰাটো আছিল প্ৰত্যাহ্বানমূলক অভিজ্ঞতা। তেওঁ টীমটো পৰিচালনা কৰিব লগা হয় তথা ডিচিটোৰ আন ক্ৰিয়া-কলাপো পৰিচালনাৰ দায়িত্ব তেওঁৰ ওপৰত পৰে। ইকম এক্সপ্ৰেছত বেছি সময় কাম কৰাৰ অভিজ্ঞতাই তেওঁক অধিক আত্ম-বিশ্বাসী আৰু আত্ম-নিৰ্ভৰ হৈ উঠাত সহায় কৰে। ২০২০ ৰ মাৰ্চত, তেওঁক ডিচিটোৰ হেড হিচাপে পদোন্নতি দিয়া হয়।


ৰাগিথা চোংথাম দেৱী ৰ ঘৰ মণিপুৰৰ পাটছৈ গাঁৱত। ইকম এক্সপ্ৰেছত ফিল্ড এক্সিকিউটিভ হিচাপে কৰ্মৰত তেওঁ পিকআপ, ডেলিভাৰী আৰু ৰিটাৰ্ণ পৰিচালনা কৰি আহিছে। এনেদৰেই তেওঁ আৰক্ষী পিতৃ, গৃহিনী মাতৃ আৰু তেওঁৰ ভাই-ভনী কেইটাক সহায় কৰি আহিছে। স্নাতক শিক্ষা সাং কৰিয়েই তিনি বছৰ পূৰ্বে ৰাগিথাই ইকম এক্সপ্ৰেছত কেৰিয়াৰ আৰম্ভ কৰিছিল। এই ক্ষেত্ৰখনত ডেলিভাৰী এক্সিকিউটিভ হিচাপে কাম কৰাটো প্ৰত্যাহ্বানপূৰ্ণ যদিও তেওঁ অনুভৱ কৰে যে এই প্ৰত্যাহ্বানসমূহৰ গুৰুত্ব অতিশয় বেছি যিয়ে তেওঁক পৰিয়ালটোক সহায় কৰাৰ উপৰিও তেওঁক ‘আত্মনিৰ্ভৰ’ আৰু স্বাধীন হোৱাত সহায় কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here