বিশিষ্ট সাংবাদিক পৃৰ্বজ্যোতি চুতীয়াৰ অকাল বিয়োগ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 29 March 2021

বিশিষ্ট সাংবাদিক পৃৰ্বজ্যোতি চুতীয়াৰ অকাল বিয়োগ

 




W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, 'আমাৰ অসম”  কাকতৰ প্ৰতিষ্ঠাকালৰ সাংবাদিক,  নিয়মীয়া বাৰ্তাত কৰ্মৰত  পৃৰ্বজ্যোতি চুতীয়াৰ অকাল বিয়োগ ঘটিছে ৷ দেওবাৰে নিশা ১০-৩০ মান বজাত হাতীগাঁওৰ ভাড়া ঘৰৰ গ্ৰাউণ্ড ফ্ল'ৰত পানীৰ চুইচ অফ কৰিবলৈ যোৱাৰে পৰা তেওঁ সন্ধানহীন হৈ আছিল ৷ সোমবাৰে পুৱা হাতীগাঁওৰ শেৱালিপথৰ ভাড়া ঘৰৰ কাষত থকা নলাত তেওঁৰ মৃতদেহ উদ্ধাৰ  হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ কন্যাৰ লগতে পৰিয়ালৰ লোক, আত্মীয় স্বজনক এৰি যায়।

এজন দক্ষ, সৎ আৰু অজাতশত্ৰু সাংবাদিকৰ অকাল বিয়োগত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। 


জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দিছপুৰ প্ৰেছ ক্লাবে ।  এক বিবৃতিত দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকা আৰু সম্পাদক কুঞ্জ মোহন ৰায়ে -জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যু অসমৰ সংবাদ মাধ্যমৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে । শোকাকুল পৰিয়ালবৰ্গলৈকো দিছপুৰ প্ৰেছ ক্লাবে গভীৰ সমবেদনা জ্ঞাপন কৰে ।

   নিয়মীয়া বাৰ্তাৰ সাংবাদিক হাতীগাঁৱৰ নিবাসী পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক  মৃত্যৰ ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসাম চমুকৈ জাফাই । জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুৰ কাৰণ  দূৰ্ঘটনা নে পৰিকল্গিত হত্যা  সেই লৈ বিভিন্নজনৰ মনত সৃষ্টি হোৱা সন্দেহ দূৰ কৰাৰ স্বাৰ্থতে আৰক্ষী প্ৰশাসনে ঘটনাৰ ক্ষীপ্ৰ আৰু উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত কৰা উচিত বুলি এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰী আৰু  সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে মত প্ৰকাশ কৰে । 

জাফাৰ সভাপতি আৰু সম্পাদক প্ৰধান গৰাকীয়ে প্ৰয়াত সাংবাদিক গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকাকুল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।বিশিষ্ট সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুত গুৱাহাটী যুৱ নাগৰিক সমিতিৰ সভাপতি কৈলাশ শৰ্মা আৰু সাধাৰণ সম্পাদক ৰাজেশ শৰ্মাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এই ঘটনাৰ এক উপযুক্ত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনাইছে।


নিয়মীয়া বাৰ্তা' কাকতৰ জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনা ৰ এক ন্যায়িক তদন্তৰ দাবী জনাইছে জাৰ্ণেলিষ্ট এছ'চিয়েছন অব্ আছাম "জা" আৰু নেশ্চনেল ইউনিয়ন অৱ্ জাৰ্ণেলিষ্ট ইণ্ডিয়া " এন ইউ জে আই" য়ে। গুৱাহাটীৰ হাতীগাঁৱৰ শেৱালী পথৰ বাসগৃহৰ সন্মুখতে সোমবাৰে  উদ্ধাৰ হোৱা মৃতদেহত জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকজনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট থকা বুলি উল্লেখ কৰি এন ইউ জেআইৰ ৰাষ্ট্ৰীয় উপ সভাপতি তথা  "জা" ৰ  মূখ্য উপদেষ্টা ভূপেন গোস্বামী ,  "জা" ৰ সভাপতি ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু সম্পাদক সুদীপ শৰ্মা চৌধুৰীয়ে অসমৰ ৰাজ্যপাল জগদীশ মুখীলৈ প্ৰেৰণ কৰা পত্ৰত এইটো এক হত্যাকাণ্ডৰ ঘটনা বুলিও সন্দেহ প্ৰকাশ কৰিছে। সাংবাদিকক নিৰাপত্তা দিব নোৱাৰা চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক কঠোৰ সমালোচনা কৰি মৃত সাংবাদিক জনৰ পৰিয়ালক ৩০ লাখ টকাৰ এক সাহাৰ্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যপালৰ জৰিয়তে চৰকাৰৰ ওচৰত সাংবাদিক সংগঠন দুটাই দাবী জনাইছে।  আনহাতে সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সাংবাদিক সুৰক্ষা আইন প্ৰণয়নৰ দাবীত সকলো সাংবাদিক আৰু সংবাদ মাধ্যমৰ কৰ্মীক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here