#pm#man ki bat#karbi anglong#sikari tisso
W7S NEWS, কাৰ্বিআংলং : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতত ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে কাৰ্বি আংলংৰ চিকাৰী টি'ছই। উল্লেখ্য বিগত ২০ বছৰ ধৰি কাৰ্বি ভাষাৰ সংৰক্ষণৰ বাবে কাম কৰি আছে চিকাৰী টি'ছই। তেওঁ ইতিমধ্যে বহু পুৰস্কাৰ লাভ কৰাৰ লগতে বিভিন্ন জনৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। মূল সুঁতিৰ পৰা বিলুপ্ত হ'ব বিচৰা কাৰ্বি ভাষাৰ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা তেওঁৰ পদক্ষেপক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ জৰিয়তে ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীৰ এই প্ৰশংসাত অভিভূত হৈ পৰিছে চিকাৰী টি'ছ।
No comments:
Post a Comment