অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 31 March 2021

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ মৃত্যু



#LurinjyotiGogoi #Mother #PassesAway #Dibrugarh #Assam 


W7S NEWS, ষ্টাফৰিপোৰ্টাৰ,

অসম জাতীয় পৰিষদৰ  (অজাপ) সভাপতি

লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ বুধবাৰে 

- নিশা ১০.৪৫  বজাত ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত মৃত্যু হয়।

উচ্চ ৰক্তচাপত ভুগি চিকিৎসাধীন হৈ আছিল লুৰিণজ্যোতি গগৈৰ মাতৃ।


তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অ জা পৰা পৰিয়ালবৰ্গই। এক শোক বার্তাত অ জা প

সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু মুখপাত্ৰ, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে কয় ' অসম জাতীয় পৰিষদৰ মাননীয় সভাপতি  লুৰীণজ্যোতি গগৈৰ মাতৃয়ে আজি নিশা ১০:৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷ তেওঁ সঞ্জীৱনী হাস্পতালৰ আই চি চি ইউ তে ভেন্টিলেচনতে আছিল৷ অসম জাতীয় পৰিষদৰ হৈ মাতৃ দুলু গগৈৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছো৷ এয়া অকল আমাৰ সভাপতি  গগৈৰে জীৱনৰ এটা অপূৰণীয় ক্ষতিয়ে নহয়, আমি সকলোৰে বাবেও দুখজনক বিষয়৷ আমি দলৰ হৈ শোকসন্তপ্ত গগৈ আৰু তেওঁৰ পিতৃ তথা পৰিয়ালৰ অন্যান্যসকলৰ দুখৰ সমভাগী৷'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here