৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলিল খাছী ছবি 'ইউদুহ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 26 March 2021

৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলিল খাছী ছবি 'ইউদুহ

 #67th National award#Khashi Film#Iewduh



লাভ কৰিলে শ্ৰেষ্ঠ খাছী ছবিৰ বঁটা আৰু শ্ৰেষ্ঠ ছাউণ্ড ৰেকৰ্ডিং বঁটা পোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ছবি হিচাপে পৰিগণিত



W7S, NEWS, শ্বিলং :  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভূয়সী প্ৰশংসা বুটলাৰ পিচত ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত দুটাকৈ সন্মান লাভ কৰিলে খাছী ছবি 'ইউদুহ’ - য়ে । চলিত  বছৰৰ ২২ মাৰ্চত নতুন দিল্লীত বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰাত শ্ৰেষ্ঠ খাছী ছবিৰ সন্মান লাভ কৰি মেঘালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে এই ছবিখনে ।

'ইউদুহ’ -য়ে লগতে শ্ৰেষ্ঠ ছাউণ্ড ৰেকৰ্ডিঙৰ বঁটাও লাভ কৰিছে আৰু এই শাখাৰ শীৰ্ষ বঁটা লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ছবি হিচাপে পৰিগণিত হৈছে ।

বিগত ২০১৯ ৰ ১৫ নৱেম্বৰত এই ছবিখন শ্বিলং, গুৱাহাটী, মুম্বাই, পুণে, বেংগালুৰু আৰু কলকাতাৰ ছবিগৃহত মুক্তি দিয়া হৈছিল। শ্বিলঙৰ লগতে বাহিৰতো সমান্তৰালকৈ মুক্তি দিয়া এইখনেই হৈছে প্ৰথমখন খাছী ছবি। খাছী ভাষাত ছবি নিৰ্মাণ সন্দৰ্ভত দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি নিৰ্মাতা শংকৰ লাল গোৱেংকা ই কয়, “মোৰ জন্মস্থান শ্বিলং আৰু মই ইয়াতেই ডাঙৰ-দীঘল হৈছো । ছবিৰ জৰিয়তে মই মেঘালয়ৰ সমাজ আৰু জনসাধাৰণলৈ প্ৰতিস্থান আগবঢ়াব বিচাৰিছোঁ আৰু এয়াই হৈছে 'ইউদুহ’ নিৰ্মাণৰ আঁৰৰ কাৰণ ।“ইউদুহ’ ৰ প্ৰযোজক আৰু দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰদীপ কুৰবাহে ২০১৯ ৰ অক্টোবৰত দক্ষিণ কোৰিয়াত অনুষ্ঠিত ২৪ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (বি আই এফ এফ) সন্মানীয় কিম জি-ছিঅ'ক এৱাৰ্ড লাভ কৰে । বি আই এফ এফত এই ছবিখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ আয়োজন কৰা হৈছিল। বি আই এফ এফত প্ৰৱেশ কৰা ৰাজ্যখনৰ প্ৰথম ছবি আছিল 'ইউদুহ’ আৰু এয়া মেঘালয়ৰ বাবে এক মাইলষ্টোন । 

২০২০ ৰ ফেব্ৰুৱাৰীত ফিলিপাইনছৰ মানিলাত অনুষ্ঠিত এছিয়ান চিনেমেটোগ্ৰাফাৰ এৱাৰ্ডছৰ বাবে নিৰ্বাচন কৰা হৈছিল 'ইউদুহ’ ৰ চিনেমেটোগ্ৰাফাৰ প্ৰদীপ দৈমাৰীক। দুদিনীয়া অনুষ্ঠানটোত প্ৰদৰ্শন কৰা হৈছিল ‘ইউদুহ’ ছবিখন আৰু ছবিখনে গ'ল্ডেন ঈগল এৱাৰ্ডৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল ।

এই ছবিখন ২০১৯ ৰ অক্টোবৰত ভাৰতত অনুষ্ঠিত ২১ সংখ্যক জিঅ' মামি মুম্বাই ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শন কৰা হৈছিল । ইয়াক লগতে গোৱাৰ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়াত ইণ্ডিয়ান পেনোৰামা শাখাতো প্ৰদৰ্শনৰ বাবে নিৰ্বাচন কৰা হৈছিল । 

'ইউদুহ’ ক বৰাবাজাৰ নামেৰেও জনা যায়, ই হৈছে মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ অন্যতম পুৰণি আৰু বৃহৎ দৈনিক বজাৰ । শ্বিভেন আৰ্টছ বেনাৰৰ অধীনত নিৰ্মিত এই ছবিখন বজাৰখনেৰে জড়িত লোকসকলৰ দৈনন্দিন জীৱনৰ ওপৰত আধাৰিত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here