জ্যোতিৰূপাৰ ত্ৰয়োদশ বার্ষিক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী নাট সমাৰোহ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 5 March 2021

জ্যোতিৰূপাৰ ত্ৰয়োদশ বার্ষিক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী নাট সমাৰোহ

 


 W7S NEWS, ষ্টাফৰিপোৰ্টাৰ,  সমাজ-সংস্কৃতি মূলক অনুষ্ঠান জ্যোতিৰূপাৰ ত্ৰয়োদশ বার্ষিক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী নাট সমাৰোহ ৮ মাৰ্চৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ'ব। এই নাট সমাৰোহ ৮ মাৰ্চত সন্ধিয়া ৬ বজাত উদ্বোধন কৰিব নৃত্যাচাৰ্য যতীন গোস্বামীয়ে।

এই সমাৰোহত অসমৰ বাহিৰেও মুম্বাইৰ নাট্য দলে নাট পৰিবেশন কৰিব। এই নাট্য সন্মিলনত প্ৰথমদিনা ৰংগপীঠ গুৱাহাটীয়ে বিশিষ্ট নাট্যকাৰ দুলাল ৰয়ৰ ৰচনা-পৰিকল্পনা আৰু পৰিচালনাৰে 'অঞ্জনীয়া ভকত', দ্বিতীয় দিনা নাট্যদল চিগাল, গুৱাহাটীয়ে ড০ ভবেন্দ্ৰ নাথ শইকীয়া ৰচিত, বাহাৰুল ইছলাম পৰিচালিত   'আকাশ' আৰু তৃতীয় দিনা  সাহিত্যিক মুন্সি প্ৰেমচান্দৰ একে নামৰ হিন্দী উপন্যাসৰ নাট্যকাৰ বিষ্ণু প্ৰভাকৰৰ নাট্যৰূপ  'গোদান' ( হিন্দী) মঞ্চস্থ কৰিব অংগনা মুম্বাই শাখাই। এই নাট সমাৰোহও সকলোৰে উপস্থিতি জ্যোতিৰূপাৰ সাধাৰণ সম্পাদক নৰেন হাজৰিকাই কামনা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here