নতুন অসমীয়া ছবি ‘মন মৰীচিকা’ৰ শুভ মহুৰত সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 7 November 2026

নতুন অসমীয়া ছবি ‘মন মৰীচিকা’ৰ শুভ মহুৰত সম্পন্ন


 


W7s news,,গুৱাহাটী, ৭ নৱেম্বৰ: স্প্ৰীহা প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া নতুন অসমীয়া ছবি ‘মন মৰীচিকা’ৰ শুভ মহুৰত ৭ নৱেম্বৰত হেঙেৰাবাৰীত থকা কমল বৰ্মন ষ্টুডিঅ’ত অনুষ্ঠিত হয়।  এই অনুষ্ঠানত ছবিখনৰ সৈতে জড়িত কলা-কুশলী, পৰিচালক, প্ৰযোজক আৰু আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে।


ছবিখনৰ প্ৰযোজনা কৰিছে বিলাল আহমেদ, শ্বাহিল ছিদ্দিকী, শশাংক দাস আৰু দীপাংকৰ কাশ্যপে। কাহিনী, ষ্টাইলিং আৰু পৰিচালনাৰ দায়িত্বত আছে দীপাংকৰ কাশ্যপ। ছবিখনৰ চিত্ৰনাট্য  প্ৰস্তুত কৰিছে মৃদুল ধদছাং আৰু সঞ্জীৱ বৰ্মনে।


ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে প্ৰিয়ংকু বৰদলৈ আৰু অবিনাশ শইকীয়া। গীতৰ কথা লিখিছে অনুপম নাথ আৰু অবিনাশ শইকীয়াই। মেকআপৰ দায়িত্বত আকাশ দাস আৰু সুভাষ শ্ৰেষ্ঠ, কাৰিকৰী পৰিচালনাত নাৰায়ণ শীল, সহকাৰী পৰিচালক হিচাপে মৃদুল দিছাং আৰু নৃত্য পৰিচালক হিচাপে উদয় শংকৰ দত্ত জড়িত হৈ আছে।


ছবিখনত অভিনয় কৰিব সিদ্ধাৰ্থ নিপন গোস্বামী, কল্পনা কলিতা, পলাশ্ৰী দাস, কৌশিক নাথ, অঞ্চিত উদয় আদিত্য, মিমাংসী বৰুৱা, নিবেদিতা মহন্ত আৰু বি. পাল্কীয়ে। ইয়াৰ উপৰি অবিনাশ বৈশ্যক নতুন মুখ হিচাপে চিনাকি কৰাই দিয়া হ’ব। বিশেষ উপস্থিতিত থাকিব নিকুমণি বৰুৱা, জিৎ, আৰু উদয় শংকৰ দত্ত।


অসমীয়া চলচ্চিত্ৰ জগতলৈ নতুন সংযোজন হিচাপে আহিবলৈ সাজু হোৱা ‘মন মৰীচিকা’ক লৈ ছবিখনৰ সৈতে জড়িত কলা-কুশলীসকল যথেষ্ট আশাবাদী। 


...

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here