গুৱাহাটী প্ৰেছ ক্লাবত আন্ত:সংবাদ মাধ্যম কবিতা আবৃত্তি প্ৰতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 7 November 2026

গুৱাহাটী প্ৰেছ ক্লাবত আন্ত:সংবাদ মাধ্যম কবিতা আবৃত্তি প্ৰতিযোগিতা

 দুই কুৰিৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণ 


W7s news


গুৱাহাটী:- গুৱাহাটী প্ৰেছ ক্লাব আৰু ইনলি ফাউণ্ডেচনৰ উদ্যোগত শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ আমবাৰীস্থিত চৌহদত প্ৰয়াত লীলাৱতী দাস সোঁৱৰণী আন্তঃসংবাদমাধ্যম একক আৰু দ্বৈত কবিতা আবৃত্তি প্ৰতিযোগিতা সম্পন্ন হয়। 

বাতৰিৰ ভৰত ব্যস্ত সাংবাদিকসকলৰ সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু সৃষ্টিশীল প্ৰতিভাৰ বিকাশৰ উদ্দেশ্যে আয়োজন কৰা এই প্ৰতিযোগিতাত প্ৰায় প্ৰতিটো সংবাদ প্ৰতিষ্ঠানৰ পৰা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই উদ্বোধন কৰা কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰয়াত লীলাৱতী দাসৰ সোঁৱৰণত এগছি বন্তি প্ৰজ্বলন

কৰে তেখেতৰ স্বামী ললিত চন্দ্ৰ দাসে। গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই আদৰণি ভাষণ প্ৰদান কৰি প্ৰতিগৰাকী অংশগ্ৰহণকাৰীক শুভেচ্ছা জ্ঞাপন কৰে৷ ইনলি ফাউণ্ডেচনৰ অধক্ষ্য ইন্দ্ৰজিৎ দাসে উদ্দেশ্য বাখ্যা কৰে। সাংস্কৃতিক সম্পাদক সমীৰণ বৰঠাকুৰে আঁত ধৰা প্ৰতিযোগিতাখনত বিচাৰক হিচাপে দায়িত্ব পালন কৰে ভূপেন চক্ৰৱৰ্তী, ডা° অৱনী চৌধুৰী আৰু চিন্ময়ী গোস্বামীয়ে। একক আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে আকাশবাণী গুৱাহাটীৰ কস্তুৰীমা দাসে। দ্বিতীয় স্থান লাভ কৰে আকাশবাণী গুৱাহাটীৰ আশাদীপা শইকীয়াই আৰু তৃতীয় স্থান লাভ কৰে আকাশবাণী গুৱাহাটীৰ কাকলি বৰা দেউৰীয়ে। চতুৰ্থ স্থান লাভ কৰে এন কে টিভিৰ পাৰ্থ প্ৰতীম শৰ্মাই। পঞ্চম স্থান লাভ কৰে এন ই ভাৰতৰ কৰৱী হাজৰিকাই৷ আনহাতে, দ্বৈত কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে আকাশবাণী গুৱাহাটীৰ স্মিতা গোস্বামী আৰু ভাৰ্গৱ কলিতাৰ যুটিয়ে। দ্বিতীয় স্থান লাভ কৰে নিউজ ১৮ৰ  ঝুনাকংকন ভূঞা আৰু পৰিস্মিতা গোস্বামীৰ যুটিয়ে। তৃতীয় স্থান লাভ কৰে আছাম টকছৰ ভাস্কৰ শইকীয়া আৰু মুনমুন কলিতাৰ যুটিয়ে। চতুৰ্থ স্থান লাভ কৰে প্ৰথম খবৰৰ মনিষা কলিতা আৰু জিতেন চুতীয়াৰ যুটিয়ে। উল্লেখ্য যে সংবাদমাধ্যমৰ ব্যস্ততাপূৰ্ণ কৰ্মজীৱনৰ মাজতো সাংবাদিকসকলৰ সাহিত্য-সংস্কৃতিৰ প্ৰতি থকা অনুৰাগক উৎসাহিত কৰাৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বঁটা বিতৰণী কাৰ্যসূচীত বিশেষভাৱে উপস্থিত থাকে বিশিষ্ট সাংবাদিক প্ৰাণজিৎ শইকীয়া, বেদব্ৰত মিশ্ৰ আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতাই৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here