গুৱাহাটীৰ ODIIN Experiences-লৈ ET Hospitality World Awards-ত ‘নাইটক্লাব অৱ দ্য ইয়েৰ ২০২৬ (ইষ্ট)’ সন্মান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 29 October 2026

গুৱাহাটীৰ ODIIN Experiences-লৈ ET Hospitality World Awards-ত ‘নাইটক্লাব অৱ দ্য ইয়েৰ ২০২৬ (ইষ্ট)’ সন্মান


 

মুকলি হোৱাৰ মাত্ৰ সাত মাহৰ ভিতৰতে গুৱাহাটীৰ মিড-চেঞ্চুৰী নান্দনিকতাৰে সমৃদ্ধ মনোৰঞ্জন কেন্দ্ৰটোৰ নতুন দিল্লীত আঞ্চলিক পৰ্যায়ৰ শ্ৰেষ্ঠত্ব অৰ্জন

W7s news,,গুৱাহাটী, ২৯ অক্টোবৰ, ২০২৬: গুৱাহাটীৰ অ’ডিন এক্সপিৰিয়েন্সেছে (ODIIN Experiences) ইটি হস্পিটেলিটি ৱৰ্ল্ড ৰেষ্টুৰেণ্ট এণ্ড নাইটলাইফ এৱাৰ্ডছত (ET Hospitality World Restaurant & Nightlife Awards) ২০২৬ বৰ্ষৰ (ইষ্ট) ‘নাইটক্লাব অৱ দ্য ইয়েৰ’ সন্মান লাভ কৰিছে।  নতুন দিল্লীৰ হায়াট ৰিজেন্সীত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত পূব ভাৰতৰ কেইবাটাও সুপ্ৰতিষ্ঠিত প্ৰতিষ্ঠানক অতিক্ৰম কৰি লাভ কৰা এই স্বীকৃতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰমবৰ্ধমান বিলাসবহুল আতিথ্য আৰু মনোৰঞ্জন উদ্যোগৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

অ’ডিনে গুৱাহাটীত আত্মপ্ৰকাশ কৰিছিল এক বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে।  অনুষ্ঠানত শিবানী আখতাৰে উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল আৰু চুফী সংগীতৰ দল স্বৰাগে লাইভ সংগীত পৰিৱেশন কৰিছিল।  অনুষ্ঠানটোত ৬০০ৰো অধিক অতিথিয়ে অংশগ্ৰহণ কৰিছিল।

কোনো বাহ্যিক ইণ্টেৰিয়ৰ ডিজাইনাৰৰ সহায় নোলোৱাকৈ অ’ডিনৰ প্ৰতিষ্ঠাপক দলটোৱে নিজেই ইয়াৰ পৰিকল্পনা আৰু নক্সা প্ৰস্তুত কৰিছে।  নৰ্ছ পৌৰাণিক কাহিনী আৰু ভাইকিংছ ধাৰাবাহিকৰ পৰা অনুপ্ৰাণিত এই বিশেষ ধাৰণাটোৱে প্ৰতিষ্ঠানটোৰ সামগ্ৰিক পৰিচয়, অতিথিসকলৰ সৈতে যোগাযোগৰ শৈলী আৰু পানীয়ৰ পৰিৱেশনত প্ৰতিফলিত হৈছে।  ২০,০০০ বৰ্গফুট এলেকাজুৰি বিস্তৃত তিনিটা মহলাৰ এই প্ৰতিষ্ঠানটোত আছে ‘দ্য বুটিক চেম্বাৰ্ছ’ নামৰ ব্যক্তিগত আৰু অন্তৰংগ সময় কটোৱাৰ বাবে দহটা সুকীয়া কোঠা, ডিজে নাইট আৰু লাইভ সংগীতানুষ্ঠানৰ বাবে নিৰ্মিত বিশাল পৰিসৰ ‘দ্য গ্ৰেট হল’, মুকলি আকাশৰ তলত খাদ্য উপভোগ কৰাৰ সুবিধাৰ লগতে নিজস্ব পিকলবল ক’ৰ্ট থকা ‘স্কল ৰুফটপ’ আৰু তুলনামূলকভাৱে নিৰিবিলি তথা অন্তৰংগ পৰিৱেশত সময় কটোৱাৰ বাবে স্পিকইজি-শৈলীৰ ব্যক্তিগত বাৰ ‘অ’আৰঅ’ প্ৰিভে’।

অতিথিসকলক স্বকীয় অভিজ্ঞতা প্ৰদানৰ ক্ষেত্ৰত অ’ডিনে শব্দ আৰু পোহৰৰ ব্যৱস্থাতো বিশেষ গুৰুত্ব দিছে। প্ৰতিষ্ঠানটোত ইটালীৰ ‘আউটলাইন’ৰ পৰা আমদানি কৰা অডিঅ’ ব্যৱস্থা স্থাপন কৰা হৈছে। লগতে, ‘কাইনেটিকছ’ আৰু ‘হাইবেক’ৰ স্বয়ংক্ৰিয় বুদ্ধিদীপ্ত পোহৰ ব্যৱস্থা সংযোজন কৰা ভাৰতৰ প্ৰথমটো ক্লাব হিচাপেও অ’ডিনে বিশেষত্ব অৰ্জন কৰিছে।  ইয়াৰ নিজস্ব শৈলীত প্ৰস্তুত কৰা মিক্স’লজী অৰ্থাৎ বিভিন্ন পানীয়ৰ সৃজনশীল সংমিশ্ৰণেও বিশেষ প্ৰশংসা লাভ কৰিছে। শেহতীয়াকৈ অনুষ্ঠিত এখন সন্মিলনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপক অভিনেতা বিক্ৰান্ত মেছীয়ে উল্লেখ কৰিছিল যে সমগ্ৰ দেশতে এনে স্বকীয় মিক্স’লজী আৰু ব্যতিক্ৰমী অভিজ্ঞতা প্ৰদান কৰা আন কোনো প্ৰতিষ্ঠানৰ সন্মুখীন তেওঁ হোৱা নাই।

এই সাফল্য সন্দৰ্ভত অ’ডিন এক্সপিৰিয়েন্সেছৰ মুখ্য মানৱ সম্পদ আৰু সম্প্ৰদায় বিষয়ক বিষয়া শিৱানী সিঙে কয়, “এই স্বীকৃতিয়ে আমাৰ দলটোক আৰু কাহিনী-নিৰ্ভৰ অভিজ্ঞতা সৃষ্টিৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগীক যথেষ্ট উৎসাহিত কৰিছে। গুৱাহাটীক প্ৰাপ্য বিশ্বমানৰ অভিজ্ঞতা প্ৰদান কৰাৰ লক্ষ্যৰে আমি নিজৰ অন্তৰ্দৃষ্টি আৰু সৃষ্টিশীল চিন্তাৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ। অঞ্চলটোত সংগীতানুষ্ঠানৰ সংখ্যা বৃদ্ধি, প্ৰব্ৰজন, উপভোক্তাবাদ আৰু বিলাসবহুল আতিথ্য সেৱাৰ ক্ৰমবৰ্ধমান বিকাশৰ পৰিপ্ৰেক্ষিতত এয়া মাত্ৰ আৰম্ভণিহে।”

গুৱাহাটীৰ বহু বঁটাপ্ৰাপক খাদ্য আৰু আহাৰ পৰিৱেশনৰ প্ৰতিষ্ঠান ‘পিয়াজ্জা’ৰ সৃষ্টিকৰ্তাসকলৰ উদ্যোগতে ২০১৬ চনত আৰম্ভ হোৱা যাত্ৰাৰ পৰৱৰ্তী অধ্যায় হৈছে অ’ডিন এক্সপিৰিয়েন্সেছ। ভাৰতত অভিজ্ঞতাভিত্তিক আতিথ্য সেৱাৰ ধাৰণাক নতুন ৰূপ দিয়াৰ লক্ষ্যৰে প্ৰতিষ্ঠানটোৱে নিজৰ যাত্ৰা অব্যাহত ৰাখিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here