বৰপেটা,
: ২০২২ চনৰ প্ৰলয়ংকৰী বানত সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল এখন বিদ্যালয়। এই ভয়াৱহ বানৰ প্ৰায় চাৰি বছৰ পাছত এতিয়া নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হ’ল অসমৰ বৰপেটা জিলাৰ কৈমাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়। ৱান ষ্টেজ অৰ্গেনাইজেশ্যনৰ সহযোগত গ্ৰুপ লেগ্ৰাণ্ড ইণ্ডিয়াই এই নৱনিৰ্মিত বিদ্যালয় ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে। এই পদক্ষেপে গাঁওখনৰ প্ৰায় ১৬০ গৰাকী শিশুৰ বাবে সুৰক্ষিত তথা মানসম্পন্ন শিক্ষাৰ পথ পুনৰ মুকলি কৰিছে।
উল্লেখ্য যে, ২০২২ চনৰ বানত বিদ্যালয়খন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কোবাল সোঁতে বিদ্যালয় ভৱনটোও উটুৱাই লৈ গৈছিল। উপযুক্ত শৈক্ষিক পৰিৱেশ নথকাৰ বাবে দেশৰ অন্যতম বানপ্ৰৱণ এই অঞ্চলত গাঁওখনৰ শিক্ষাৰ্থীসকলৰ নিয়মীয়া পঢ়া-শুনাৰ ধাৰাবাহিকতা ব্যাহত হৈ পৰে।
উদ্বোধনী অনুষ্ঠানত চৰকাৰী বিষয়া, সমাজৰ নেতৃবৰ্গ, শিক্ষাবিদ, ছাত্ৰ-ছাত্ৰী আৰু গ্ৰুপ লেগ্ৰাণ্ড ইণ্ডিয়া তথা ওৱান ষ্টেজ অৰ্গেনাইজেচন ৰ প্ৰতিনিধিসকল উপস্থিত আছিল, যিয়ে গাঁওখনৰ লগতে ইয়াৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰে।
শিশুসকলৰ বাবে নিৰাপদ, আকৰ্ষণীয় আৰু অধ্যয়নৰ উপযোগী পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে পুনৰ নিৰ্মাণ কৰা কৈমাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত পাঁচটা শ্ৰেণীকোঠা, শিক্ষক-কৰ্মচাৰীৰ কোঠা, ডিজিটেল শিক্ষণ কক্ষ, পাকঘৰ আৰু সামগ্ৰী ৰখাৰ ব্যৱস্থা আছে। ইয়াৰ উপৰি ছোৱালী, ল’ৰা আৰু শিক্ষক-কৰ্মচাৰীৰ বাবে পৃথক শৌচাগাৰ, শ্ৰেণীকোঠাৰ প্ৰয়োজনীয় আচবাব, বিদ্যুৎ সংযোগ আৰু খেলপথাৰৰ সুবিধাও গঢ়ি তোলা হৈছে। বিদ্যালয়খনৰ চৌহদত অন্তৰ্ভূক্ত কৰা হৈছে ‘বিল্ডিং এজ লাৰ্নিং এইড’ (বিএএলএ) পদ্ধতিও। উল্লেখ্য যে, এই পদ্ধতিত বিদ্যালয়ৰ আন্তঃগাঁথনিক শিক্ষাৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হয়, যাৰ ফলত শিক্ষাৰ্থীসকলৰ কৌতূহল আৰু সৃষ্টিশীল চিন্তাৰ বিকাশত সহায় হয়।
কেৱল এক পকী ভৱনতে সীমাবদ্ধ নাথাকি এই নতুন বিদ্যালয়খনে কৈমাৰী গাঁৱৰ ছাত্ৰ-ছাত্ৰী আৰু পৰিয়ালসমূহৰ মাজলৈ কঢ়িয়াই আনিছে শিক্ষাৰ এক নতুন প্ৰত্যাশা। কোনো ধৰণৰ প্ৰতিবন্ধকতা অবিহনে শিক্ষাৰ্থীসকলে যাতে নিয়মীয়া পঢ়া-শুনা চলাই যাব পাৰে আৰু ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় দক্ষতা আহৰণ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
গুণগত শিক্ষাৰ সুযোগ সম্প্ৰসাৰণৰ লক্ষ্যৰে কৈমাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়খন পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে গ্ৰুপ লেগ্ৰাণ্ড ইণ্ডিয়াই। প্ৰাকৃতিক দুৰ্যোগ আৰু আন্তঃগাঁথনিৰ অভাৱত যিবোৰ অঞ্চলত শিশুৰ পঢ়া-শুনা ব্যাহত হৈ আহিছে, তেনে অঞ্চলত শিক্ষাৰ ধাৰাবাহিকতা ৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে এই প্ৰতিষ্ঠানটোৱে। ২০২২ চনৰ বানত ক্ষতিগ্ৰস্ত শিশুসকলে যাতে নিৰাপদ আৰু অনুপ্ৰেৰণাদায়ক পৰিৱেশত পুনৰ নিজৰ শিক্ষা অব্যাহত ৰাখিব পাৰে আৰু দক্ষতা বিকশিত কৰিব পাৰে, সেই লক্ষ্যৰে বিদ্যালয়খন নতুনকৈ নিৰ্মাণ কৰা হৈছে।
অসমৰ শৈক্ষিক আন্তঃগাঁথনিৰ উত্তৰণ ঘটাই সমাজখনক দীৰ্ঘম্যাদী উন্নয়নৰ দিশে আগুৱাই নিয়াৰ বাবে গ্ৰুপ লেগ্ৰাণ্ড ইণ্ডিয়াই চলাই থকা নিৰন্তৰ প্ৰচেষ্টাৰেই আন এক অংশ এই প্ৰকল্প। ইতিপূৰ্বে ২০২৩ চনত প্ৰতিষ্ঠানটোৱে খাৰবালী চৰকাৰী প্ৰাথমিক বিদ্যালয় নিৰ্মাণত সহায়ৰ হাত আগবঢ়াইছিল। উন্নত শৈক্ষিক পৰিৱেশে শিক্ষাৰ্থী, পৰিয়াল আৰু স্থানীয় সমাজখনৰ মাজত কিদৰে ইতিবাচক পৰিৱৰ্তন আনিব পাৰে, সেই পদক্ষেপে তাৰ এক সফল নিদৰ্শন দাঙি ধৰিছিল।
অনুষ্ঠানত অংশ লৈ গ্ৰুপ লেগ্ৰাণ্ড ইণ্ডিয়াৰ বহনক্ষমতা আৰু সামাজিক দায়বদ্ধতা বিভাগৰ উপাধ্যক্ষা আবিদা আনিজে কয়, "জীৱন সলনি কৰাৰ এক শক্তিশালী মাধ্যম হৈছে শিক্ষা। ২০২২ চনৰ বানত কৈমাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়খন জাহ যোৱাৰ পাছত গাঁওখনৰ কণ-কণ শিশুসকলে কেৱল এটা ভৱনেই হেৰুৱাই পেলোৱা নাছিল, হেৰুৱাই পেলাইছিল সপোন ৰচা আৰু নিজৰ ভৱিষ্যৎ গঢ়াৰ এখন মুকলি আকাশো। এই বিদ্যালয়খন পুনৰ নিৰ্মাণৰ জৰিয়তে আমি প্ৰতিগৰাকী শিক্ষাৰ্থীৰ হেৰাই যোৱা সেই সুযোগ ঘূৰাই আনিবলৈ চেষ্টা কৰিছোঁ। বিদ্যালয়খন এনে এখন ঠাই হৈ পৰক, য’ত শিক্ষাৰ্থীসকলে শিকিব, আগবাঢ়িব, নিজৰ সম্ভাৱনা চিনি পাব আৰু নিজৰ লগতে সমাজৰ উজ্জ্বল ভৱিষ্যৎ গঢ়ি তুলিব।"
মন কৰিবলগীয়া যে, স্থানীয় প্ৰশাসন, বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু গাঁওবাসীৰ সক্ৰিয় সহযোগিতাতেই এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিছে। প্ৰতিগৰাকী শিশুৱেই যাতে মানসম্পন্ন শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নহয়, সেই উমৈহতীয়া লক্ষ্য আৰু আন্তৰিক প্ৰচেষ্টাৰ ফলতেই নতুন ৰূপত প্ৰাণ পাই উঠিছে বিদ্যালয়খনে।
জলবায়ু পৰিৱৰ্তনজনিত প্ৰাকৃতিক দুৰ্যোগৰ আঘাতৰ পৰা স্থানীয় সমাজখন ক্ৰমান্বয়ে সুস্থিৰ হৈ উঠাৰ এই জটিল সময়ছোৱাত শিক্ষাৰ ভেটি সুদৃঢ় কৰি নতুন প্ৰজন্মক সৱলীকৰণৰ বাবে দায়বদ্ধ হৈ আছে গ্ৰুপ লেগ্ৰাণ্ড ইণ্ডিয়া। প্ৰতিষ্ঠানটোৱে এনে পদক্ষেপসমূহৰ জৰিয়তে সমাজখনত এক সুদূৰপ্ৰসাৰী আৰু ইতিবাচক পৰিৱৰ্তন গঢ়ি তুলিব বিচাৰিছে। কৈমাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয় পুনৰ্নিৰ্মাণৰ দৰে প্ৰচেষ্টাৰে প্ৰতিষ্ঠানটোৱে সেই বিশ্বাসতে বিনিয়োগ অব্যাহত ৰাখিছে, যাৰ মূল আধাৰ হ’ল- পঢ়া-শুনা কৰিবলৈ, সপোন দেখিবলৈ আৰু জীৱনৰ যাত্ৰাত সফল হ’বলৈ প্ৰতিটো নিষ্পাপ শিশুৱেই এখন সুৰক্ষিত চালি আৰু উপযুক্ত পৰিৱেশ লাভ কৰাৰ সম্পূৰ্ণ অধিকাৰী।
গ্ৰুপ লেগ্ৰাণ্ড ইণ্ডিয়াৰ বিষয়ে
গ্রুপ লেগ্ৰাণ্ড ইণ্ডিয়া হৈছে বৈদ্যুতিক আৰু ডিজিটেল ভৱন আন্তঃগাঁথনি অৰ্থাৎ অট্টালিকা বা ঘৰুৱা ব্যৱহাৰৰ বাবে উন্নত বৈদ্যুতিক সঁজুলি আৰু ডিজিটেল নেটৱৰ্কিং প্ৰণালী তৈয়াৰ কৰাৰ এক শীর্ষস্থানীয় বিশেষজ্ঞ প্ৰতিষ্ঠান। নিজৰ চি এছ আৰ পদক্ষেপৰ জৰিয়তে কোম্পানীটোৱে সমগ্ৰ ভাৰততে শিক্ষা, স্বাস্থ্যসেৱা, দক্ষতা বিকাশ, পৰিৱেশ বহনক্ষমতা, জল সংৰক্ষণ আৰু সামূহিক উন্নয়নমূলক খণ্ডত দীৰ্ঘম্যাদী ইতিবাচক প্ৰভাৱ সৃষ্টিকাৰী কাৰ্যসূচী সম্পাদন কৰে।

No comments:
Post a Comment