সুগন্ধি নিৰ্মাণৰ ক্ষেত্ৰখনত ৭৫ বছৰতকৈও অধিক অভিজ্ঞতাৰে সমৃদ্ধ ভাৰতীয় সুগন্ধি ব্ৰেণ্ডটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰ, সংযুক্ত আৰব আমিৰশ্বাহী আৰু কলম্বিয়াত উপস্থিতি বিস্তাৰ কৰাৰ পিছত জি এছ ৰোডস্থিত চিটী চেণ্টাৰ মলত মুকলি কৰিলে নতুন বিপণী।
W7s news
গুৱাহাটী: ভাৰতৰ এক আধুনিক সুগন্ধি ব্ৰেণ্ড EZE Perfumes-য়ে গুৱাহাটীৰ জি এছ ৰোডস্থিত চিটী চেণ্টাৰ মলত নিজৰ নতুন বিপণী মুকলিৰে উত্তৰ-পূব ভাৰতত প্ৰৱেশ কৰিছে। প্ৰতিষ্ঠাপক কনিষ্কা জৈনৰ বাবে এই সম্প্ৰসাৰণ কেৱল ব্যৱসায়িক সফলতাৰ এক নতুন অধ্যায়েই নহয়, বৰঞ্চ নিজৰ আপোন চহৰলৈ উভতি অহাৰ এক বিশেষ মুহূৰ্তও। গুৱাহাটীক নিজৰ জন্মভূমি বুলি গণ্য কৰা কনিষ্কাৰ বাবে এই পদক্ষেপে তেওঁৰ উদ্যোগীক যাত্ৰাক অসমৰ শিপাৰ সৈতে পুনৰ সংযোগ কৰিছে।
Sawai Fragrances গোটৰ অধীনত সুগন্ধি নিৰ্মাণৰ ৭৫ বছৰতকৈও অধিক অভিজ্ঞতাৰে গঢ় লৈ উঠা EZE Perfumes-এ ভাৰতৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, সংযুক্ত আৰব আমিৰশ্বাহী আৰু কলম্বিয়াকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ উপস্থিতি বিস্তাৰ কৰিছে। গুৱাহাটীত নতুন বিপণী মুকলিৰ জৰিয়তে ব্ৰেণ্ডটোৱে নিজৰ সুগন্ধিৰ সম্ভাৰ আৰু উন্নত খুচুৰা বিক্ৰীৰ অভিজ্ঞতা উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ মাজলৈ আগবঢ়াই আনিছে।
ভাৰতৰ সুগন্ধি বজাৰত নিজৰ স্থান অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে EZE-এ পৰম্পৰাগত খুচুৰা বিপণীৰ লগতে অনলাইন বিক্ৰীৰ মাধ্যমতো নিজৰ উপস্থিতি বিস্তাৰ কৰি আহিছে। ব্ৰেণ্ডটোৰ সামগ্ৰীসমূহ ইয়াৰ আনুষ্ঠানিক ৱেবছাইটৰ উপৰিও Nykaa, Amazon, Flipkart আৰু Myntra-ৰ দৰে আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্মত উপলব্ধ। ইয়াৰ লগতে সমগ্ৰ দেশতে ১,৪০০ৰো অধিক বিপণীৰ এক বিস্তৃত নেটৱৰ্কৰ জৰিয়তেও গ্ৰাহকসকলে EZE-ৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে।
কনিষ্কা জৈনৰ বাবে গুৱাহাটীত ব্ৰেণ্ডটোৰ প্ৰৱেশৰ তাৎপৰ্য ব্যৱসায়িক সম্প্ৰসাৰণৰ সীমা অতিক্ৰম কৰে। অসমৰ সৈতে থকা তেওঁৰ আত্মিক সম্পৰ্ক আৰু নিজৰ জন্মভূমিৰ প্ৰতি থকা টান এই পদক্ষেপৰ মাজেৰে প্ৰতিফলিত হৈছে। গুৱাহাটীক কেন্দ্ৰ কৰি EZE-ৰ উত্তৰ-পূৰ্বাঞ্চলত যাত্ৰাৰ আৰম্ভণিয়ে তেওঁৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত এক বিশেষ সংযোগ স্থাপন কৰিছে।
EZE Perfumes-ৰ প্ৰতিষ্ঠাপক কনিষ্কা জৈনে কয়, “গুৱাহাটীত, মোৰ আপোন চহৰতে EZE-ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যাত্ৰা আৰম্ভ কৰিবলৈ পাই আমি সঁচাকৈয়ে ধন্য অনুভৱ কৰিছোঁ। ব্ৰেণ্ডটোক অসমলৈ লৈ অহাৰ এই মুহূৰ্ত আমাৰ বাবে বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। ইয়াৰ জনসাধাৰণৰ সৈতে আমাৰ সুগন্ধিৰ পৃথিৱীখনৰ পৰিচয় কৰাই দিবলৈ আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ।”
নিজৰ উৎপাদন, সুগন্ধিৰ ফৰ্মুলেচন প্ৰস্তুত আৰু বটলিং ব্যৱস্থাৰে সমৃদ্ধ EZE-এ আধুনিক ডিজাইনৰ সৈতে সুগন্ধি নিৰ্মাণৰ দক্ষতাৰ সমন্বয় ঘটাইছে। দীৰ্ঘ সময়লৈ স্থায়ী হোৱা সুগন্ধি প্ৰস্তুত কৰাত গুৰুত্ব দিয়া ব্ৰেণ্ডটোৱে নিৰামিষ-উপযোগী (Vegan) আৰু জীৱ-জন্তুৰ ওপৰত পৰীক্ষা নকৰা (Cruelty-free) সামগ্ৰী আগবঢ়ায়। সৌন্দৰ্য আৰু ব্যক্তিগত যত্নৰ সামগ্ৰীৰ ক্ষেত্ৰত পৰিৱৰ্তিত গ্ৰাহক-পছন্দৰ সৈতে সংগতি ৰখাৰ ক্ষেত্ৰতো ব্ৰেণ্ডটোৱে বিশেষ গুৰুত্ব আৰোপ কৰিছে।
গুৱাহাটীত অনুষ্ঠিত বিপণী মুকলি অনুষ্ঠানত অসমীয়া চলচিত্ৰ অভিনেত্ৰী নিশিতা গোস্বামীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ব্ৰেণ্ডটোৰ সুগন্ধিসমূহৰ অভিজ্ঞতা লাভ কৰে। তেওঁ কয়, “EZE Perfumes-ৰ সুগন্ধিসমূহ ব্যৱহাৰ কৰি চোৱাৰ সুযোগ পাইছিলোঁ আৰু সুগন্ধিবোৰ মোৰ সঁচাকৈয়ে বহুত ভাল লাগিল! প্ৰতিটোৱেই সুন্দৰ, সতেজ অনুভূতি প্ৰদান কৰা আৰু নিজৰ এক সুকীয়া আকৰ্ষণ থকা সুগন্ধি। গুৱাহাটীত EZE Perfumes-ৰ এই নতুন যাত্ৰাৰ শুভাৰম্ভৰ অংশ হ’বলৈ পাই মই নথৈ আনন্দিত। ব্ৰেণ্ডটোৰ এই নতুন যাত্ৰাৰ সফলতা কামনা কৰিলোঁ।”
গুৱাহাটীত প্ৰৱেশৰ জৰিয়তে EZE Perfumes-এ নিজৰ প্ৰতিষ্ঠিত সুগন্ধিৰ সম্ভাৰ উত্তৰ-পূৰ্বাঞ্চলৰ নতুন গ্ৰাহকসকলৰ মাজলৈ লৈ অহাৰ লগতে ব্ৰেণ্ডটোৰ সম্প্ৰসাৰণৰ কাহিনীত এক ব্যক্তিগত মাত্ৰাও সংযোজন কৰিছে। গুৱাহাটীক প্ৰথম প্ৰৱেশদ্বাৰ হিচাপে লৈ উত্তৰ-পূব ভাৰতত ব্ৰেণ্ডটোৰ যাত্ৰা আৰম্ভ হ’ল।
No comments:
Post a Comment