ৰোমাঞ্চ আৰু ৰহস্যৰ নতুন সোৱাদ লৈ এটা দশকৰ অন্তত পুনৰ ৰূপালী পৰ্দালৈ কপিল বৰা; আহি আছে ‘সূৰ্যমুখী’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 22 October 2026

ৰোমাঞ্চ আৰু ৰহস্যৰ নতুন সোৱাদ লৈ এটা দশকৰ অন্তত পুনৰ ৰূপালী পৰ্দালৈ কপিল বৰা; আহি আছে ‘সূৰ্যমুখী’


 

প্ৰয়াত ড০ বিৰিঞ্চি কুমাৰ মেধিৰ কাহিনীৰে ছবি পৰিচালকৰূপে অভিষেক অন্তৰা জি জি চৌধুৰীৰ; ড° তিলোত্তমা বৰুৱাৰ প্ৰযোজনাৰে ২০২৭ চনৰ ৭ মে’ত শুভমুক্তি লভিব ‘সূৰ্যমুখী’য়ে


W7s news,,গুৱাহাটী, ১৮ অক্টোবৰ, ২০২৬: এক দশকজোৰা দীঘলীয়া বিৰতিৰ অন্তত পুনৰ ৰূপালী পৰ্দালৈ উভতি আহিবলৈ সাজু হৈছে অভিনেতা কপিল বৰা। ৰোমাঞ্চ আৰু ৰহস্যধৰ্মী কাহিনীৰে মুক্তি পাবলগীয়া ‘সূৰ্যমুখী’ নামৰ কথাছবিখনৰ জৰিয়তে পুনৰ ছবি জগতত প্ৰত্যাৱৰ্তন ঘটাব সুদৰ্শন অভিনেতাগৰাকীয়ে। উল্লেখ্য যে, এক আকৰ্ষণীয় কাহিনী, সুদক্ষ অভিনয়শিল্পীৰ দল আৰু অসমৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পীসকলৰ সুৰৰ সংমিশ্ৰণেৰে সজাই তোলা হৈছে 'সূৰ্যমুখী’ ছবিখন। বিশিষ্ট গীতিকাৰ তথা সাহিত্যিক প্ৰয়াত ড০ বিৰিঞ্চি কুমাৰ মেধিৰ গল্পৰ আধাৰত দিব্য চিনে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই কথাছবিখন অহা ২০২৭ চনৰ ৭ মে’ত সমগ্ৰ অসমৰ ছবিগৃহসমূহত আনুষ্ঠানিকভাৱে মুক্তি দিয়া হ’ব।


উল্লেখ্য যে, ‘সূৰ্যমুখী’ ছবিখনৰ জৰিয়তে পূৰ্ণদৈৰ্ঘ্যৰ ছবি পৰিচালনাৰ জগতত পদাৰ্পণ কৰিছে নাট্যকৰ্মী তথা চলচ্চিত্ৰ নিৰ্মাতা অন্তৰা জি জি চৌধুৰীয়ে। নাটক, টেলিভিছন, চিনেমা আৰু চুটি ছবি নিৰ্মাণৰ এক সুদীৰ্ঘ অভিজ্ঞতা বুকুত বান্ধি আগবঢ়া গুৱাহাটীৰ এইগৰাকী নিৰ্মাতাৰ প্ৰথম পদক্ষেপতে প্ৰতিফলিত হৈছে অসমৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা শিল্পী পুলক গগৈৰ সৃষ্টিশীল ঐতিহ্য।


এই ছবিখনৰ প্ৰযোজনা কৰিছে কটন কলেজৰ নৃতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা শিক্ষাবিদ, কবি, গীতিকাৰ আৰু গৱেষিকা ড০ তিলোত্তমা বৰুৱাই। প্ৰণিধানযোগ্য যে, চলচ্চিত্ৰ প্ৰযোজক হিচাপে নিজৰ এই দ্বিতীয়টো যাত্ৰাত সাহিত্য আৰু পৰিবেশ্য কলাৰ এক অনন্য সমাহাৰ ঘটাইছে বৰুৱাই।


ছবিখনত কপিল বৰাৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে হিন্দী, বাংলা, তামিল আৰু মালায়লম ছবিত অভিনয় কৰি ইতিমধ্যে দৰ্শকৰ হৃদয়ত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা উৰ্মিলা মহন্তই। 'সূৰ্যমুখী’ৰ আন দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে সাগৰনীল আৰু কুলা কুলদ্বীপে। ইয়াৰোপৰি ছবিখনৰ কেইটামান চৰিত্ৰত বিশেষ অতিথি শিল্পী হিচাপে ভুমুকি মাৰিব জ্যেষ্ঠ অভিনেতা অৰুণ নাথ, বাহাৰুল ইছলাম, কাশ্মিৰী শইকীয়া আৰু শংকু নিৰঞ্জনে। 


ছবিখনৰ অন্যতম মূল আকৰ্ষণ হৈছে ইয়াৰ সংগীত। তিনিটা গীতৰ সুৰ প্ৰদান কৰিছে তিনিগৰাকী সংগীত পৰিচালক- জনঞ্জয় শইকীয়া, দেৱজিত চৌধুৰী আৰু সান্নিধ্য ভূঞাই। উল্লেখযোগ্য যে, এই ছবিখনৰ জৰিয়তেই সংগীত পৰিচালক হিচাপে পদাৰ্পণ কৰিছে সান্নিধ্য ভূঞাই। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, জনঞ্জয় শইকীয়া, সান্নিধ্য ভূঞা, এনিশা চৌধুৰী আৰু তিলোত্তমা বৰুৱাই। ইফালে, আবহ সংগীত পৰিচালনাৰ দায়িত্বত আছে পল্লৱ তালুকদাৰ।


ছবিখনৰ কাৰিকৰী দলত চিত্ৰগ্ৰহণত হিতেন ঠাকুৰীয়া, সম্পাদনাৰ দায়িত্বত ৰমেন বৰা আৰু শব্দ বিন্যাসত আছে দেৱজিত গায়ন।


উল্লেখ্য যে, কপিল বৰাৰ এই বহু প্ৰত্যাশিত প্ৰত্যাৱৰ্তনৰ সমান্তৰালভাৱে অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিক-গীতিকাৰৰ গল্প আৰু অসমৰ স্বকীয় সৃষ্টিশীলতাক লৈ আগবঢ়া ‘সূৰ্যমুখী’ নামৰ নতুন অসমীয়া কথাছবিখনে অহা ২০২৭ চনৰ ৭ মে’ত শুভমুক্তি লাভ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here