*
সোণৰ অলংকাৰত প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই, নিৰ্মাণ মাচুলত ২০ শতাংশলৈকে ৰেহাই
W7s news,,*গুৱাহাটী, ১৩ অক্টোবৰ:* টাটা গোষ্ঠীৰ আগশাৰীৰ অলংকাৰ ব্ৰেণ্ড টনিষ্কে ধনতেৰাছ আৰু দীপাৱলী উপলক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ বাবে বিশেষ উৎসৱকালীন অফাৰ আগবঢ়াইছে। ২০২৬ চনৰ ১০ অক্টোবৰৰ পৰা ৮ নৱেম্বৰলৈকে উপলব্ধ এই অফাৰৰ অধীনত সোণৰ অলংকাৰ ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই, সোণৰ অলংকাৰৰ নিৰ্মাণ মাচুলত ২০ শতাংশলৈকে ৰেহাই আৰু ১৮ কেৰেটতকৈ অধিক বিশুদ্ধতাৰ পুৰণি সোণৰ অলংকাৰ বিনিময় কৰিলে কোনো কৰ্তন নকৰাকৈ, ১০০% মুল্য লাভ কৰিব। এই সুবিধাসমূহ নিৰ্ধাৰিত নিয়ম আৰু চৰ্তাৱলী অনুসৰি প্ৰযোজ্য হ’ব।
‘অধ্যান্তৰা’ সংগ্ৰহত প্ৰতিফলিত হ’ব মহাকাশৰ অপূৰ্ব সৌন্দৰ্য
উৎসৱৰ আনন্দক অধিক বিশেষ কৰি তুলিবলৈ টনিষ্কে ‘অধ্যান্তৰা’ নামৰ শেহতীয়া দীপাৱলী অলংকাৰ সংগ্ৰহটো আগবঢ়াইছে। মহাকাশৰ অপূৰ্ব সৌন্দৰ্যৰ পৰা অনুপ্ৰাণিত এই সংগ্ৰহত তৰাৰ উজ্জ্বলতা, জোনৰ মনোমোহা ৰূপ, পুৱাৰ প্ৰথম পোহৰ আৰু অনন্ত বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাক সোণৰ অলংকাৰৰ আধুনিক নক্সাৰ মাজেৰে সুন্দৰভাৱে প্ৰকাশ কৰা হৈছে।
ইয়াৰ উপৰি গ্ৰাহকসকলে টনিষ্কৰ আগোমোন, মৃগাংক, আৱাহন, স্ৰোতিকা, এলান, দিব্যানী, গ্লেম ডেজ, ষ্ট্ৰিং ইট, ৰিভাহ, আভীৰ, ড’ৰ, নৱ-ৰাণী আৰু টেলছ অৱ মিষ্টিককে ধৰি বিভিন্ন অলংকাৰ সংগ্ৰহ চাব পাৰিব। পৰম্পৰাগত কাৰুকাৰ্য আৰু আধুনিক নক্সাৰ সমন্বয়েৰে প্ৰস্তুত কৰা এই সংগ্ৰহসমূহত উৎসৱ উদ্যাপন, উপহাৰ প্ৰদান আৰু বিভিন্ন বিশেষ অনুষ্ঠানৰ বাবে উপযোগী অলংকাৰৰ বিস্তৃত সম্ভাৰ উপলব্ধ।
পৰম্পৰা, গুণগত মান আৰু আধুনিক নক্সাৰ সমন্বয়
টনিষ্কৰ চাৰ্কল বিজনেছ হেড আলোক ৰঞ্জনে কয়, “ধনতেৰাছ আৰু দীপাৱলী হৈছে পৰম্পৰা ৰক্ষা, নতুন আৰম্ভণি আৰু অলংকাৰৰ জৰিয়তে আনন্দ উদ্যাপন কৰাৰ বিশেষ উপলক্ষ। উন্নত কাৰুকাৰ্য, বিশ্বাসযোগ্য গুণগত মান আৰু আকৰ্ষণীয় উৎসৱকালীন সুবিধাৰ জৰিয়তে গ্ৰাহকসকলৰ এই বিশেষ মুহূৰ্তসমূহ অধিক স্মৰণীয় কৰি তোলাই আমাৰ লক্ষ্য। এই অফাৰসমূহৰ জৰিয়তে গ্ৰাহকসকলে নিজৰ ব্যক্তিগত পছন্দ আৰু উৎসৱৰ তাৎপৰ্যৰ সৈতে খাপ খোৱা অলংকাৰ বাছনি কৰিব পাৰিব বুলি আমি আশাবাদী।”
টনিষ্কৰ ‘গ’ল্ড ৰেট প্ৰ’টেকচন’ আঁচনিৰ জৰিয়তেও গ্ৰাহকসকলে আগতীয়াকৈ অলংকাৰ বুকিং কৰি সোণৰ মূল্য বৃদ্ধি পালে নিৰ্ধাৰিত সুৰক্ষাৰ সুবিধা লাভ কৰিব পাৰে। এই সুবিধা প্ৰযোজ্য নিয়ম আৰু চৰ্তাৱলীৰ অধীনত উপলব্ধ।
উত্তৰ-পূৰ্বাঞ্চলত টনিষ্কৰ ১১খন বিপণীত ২০২৬ চনৰ ১০ অক্টোবৰৰ পৰা ৮ নৱেম্বৰলৈকে এই বিশেষ উৎসৱকালীন অফাৰসমূহ উপলব্ধ হ’ব। গ্ৰাহকসকলে নিজৰ নিকটৱৰ্তী টনিষ্ক বিপণীলৈ গৈ বিভিন্ন অলংকাৰ সংগ্ৰহ চোৱাৰ লগতে এই বিশেষ সুবিধাসমূহ গ্ৰহণ কৰিব পাৰিব। বিশ্বাসযোগ্যতা, উন্নত কাৰুকাৰ্য আৰু অনন্য নক্সাৰ ঐতিহ্য অক্ষুণ্ণ ৰাখি টনিষ্কে আধুনিক ৰুচিবোধ আৰু ভাৰতীয় পৰম্পৰাৰ সুন্দৰ সমন্বয়েৰে প্ৰতিটো উদ্যাপনক অধিক অৰ্থৱহ কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে।
*টনিষ্কৰ বিষয়ে*
টাটা গোষ্ঠীৰ টনিষ্ক দেশৰ অন্যতম আগশাৰীৰ অলংকাৰ ব্ৰেণ্ড। উন্নত কাৰুকাৰ্য, অনন্য নক্সা আৰু সামগ্ৰীৰ গুণগত মানৰ বাবে পৰিচিত এই ব্ৰেণ্ডটোৱে ভাৰতীয় মহিলাসকলৰ পৰম্পৰাগত আৰু আধুনিক ৰুচি তথা প্ৰয়োজনৰ সৈতে খাপ খোৱা অলংকাৰ আগবঢ়াই নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিছে। সোণৰ বিশুদ্ধতা সম্পৰ্কে গ্ৰাহকৰ বিশ্বাস অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে টনিষ্কৰ সকলো বিপণীতে কেৰেটমিটাৰৰ ব্যৱস্থা আছে। ইয়াৰ সহায়ত গ্ৰাহকসকলে নিজৰ সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে। বৰ্তমান তনিষ্কৰ খুচুৰা বিপণী নেটৱৰ্ক দেশৰ ৩০০ৰো অধিক চহৰত বিস্তৃত ৫০০ৰো অধিক একচেটিয়া বিপণীৰে গঠিত।

No comments:
Post a Comment