W7s news,,গুৱাহাটী: ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি সমবেদনা আৰু একাত্মতা প্ৰকাশ কৰি গ্ৰিড কন্ট্ৰ'লাৰ অৱ ইণ্ডিয়া লিমিটেড (GRID-INDIA) ৰ অন্তৰ্গত উত্তৰ-পূব আঞ্চলিক ভাৰ প্ৰেৰণ কেন্দ্ৰ (উ.পূ.আ.ভা.প্ৰে.কে.) ৰ কৰ্মচাৰীসকলে অসমৰ মুখ্যমন্ত্ৰী ৰাহাত পুঁজিলৈ ২,১৯,৮৪৬/- টকা (দুই লাখ ১৯ হাজাৰ আটশ ৪৬ টকা) ৰ বৰঙণি আগবঢ়ায়। এই সমগ্ৰ ধনৰাশি কেৱল এনইআৰএলডিচিৰ কৰ্মচাৰীসকলৰ নিজা উদ্যোগত সংগ্ৰহ কৰা হৈছে।
এই অনুদানৰ ধনৰাশিৰ চেকখন আনুষ্ঠানিকভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰা হয়। উক্ত কাৰ্যসূচীত এনইআৰএলডিচিৰ কাৰ্যবাহী সঞ্চালক (অঞ্চল মুৰব্বী) সোমৰা লাক্ৰা, বিত্ত বিভাগৰ মুৰব্বী
ৰবীন্দ্ৰ কুমাৰ আৰু মানৱ সম্পদ বিভাগৰ মুৰব্বী সন্দীপ মলহোত্ৰা আৰু এনইআৰএলডিচি দলৰ অন্যান্য সদস্যসকল উপস্থিত থাকে।
গ্ৰিড কণ্ট্ৰ’লাৰ অৱ ইণ্ডিয়া লিমিটেডে নিজৰ বিভিন্ন কৰ্পৰেট ছ’চিয়েল ৰেচপন্সিবিলিটি (চি এছ আৰ) পদক্ষেপৰ জৰিয়তে স্থানীয় জনগোষ্ঠীসমূহৰ সৈতে নিয়মিতভাৱে জড়িত হৈ থকাৰ বিপৰীতে এই পদক্ষেপ আছিল স্বেচ্ছামূলক কৰ্মচাৰী-চালিত প্ৰচেষ্টা যাৰ লক্ষ্য আছিল প্ৰত্যাহ্বানমূলক সময়ত ৰাজ্যখনক তাৎক্ষণিক সকাহ প্ৰদান আৰু সমৰ্থন প্ৰদৰ্শন কৰা।
No comments:
Post a Comment