~ নতুনকৈ মুকলি কৰা এই এক্সপেৰিয়েঞ্চ চেণ্টাৰটোৱে গুৱাহাটীৰ গৃহমালিকসকলৰ বাবে সুশৃংখলিত, অত্যাধুনিক ডিজাইনসমৃদ্ধ আৰু এ আই চালিত ঘৰৰ ইণ্টেৰিয়ৰ সমাধান লৈ আহিছে ~
W7s news ধাৰাপুৰ : ভাৰতৰ শীৰ্ষ প্ৰযুক্তি তথা এ আই চালিত ঘৰৰ ইণ্টেৰিয়ৰ ব্ৰেণ্ড হোমলেনে ধাৰাপুৰত নিজৰ প্ৰথমটো এক্সপেৰিয়েঞ্চ চেণ্টাৰৰ ভব্য উন্মোচনেৰে আনুষ্ঠানিকভাৱে গুৱাহাটীৰ বজাৰত প্ৰৱেশ কৰিছে। এই সাফল্য কোম্পানীটোৰ সম্প্ৰসাৰণ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে চিহ্নিত হৈছে, যিয়ে এই বিকাশশীল বজাৰখনৰ গৃহমালিকসকললৈ অধিক স্বচ্ছতা আৰু নিশ্চয়তাৰ সৈতে সুশৃংখলিত, ডিজাইনসমৃদ্ধ আৰু প্ৰযুক্তিচালিত ইণ্টেৰিয়ৰ সমাধান আগবঢ়াব
১২০০ বৰ্গ ফুট জুৰি বিস্তৃত ধাৰাপুৰৰ ষ্টুডিঅ’টোৱে গৃহমালিকসকলক এক সম্পূৰ্ণ তথা অনন্য ইণ্টেৰিয়ৰ ডিজাইনৰ অভিজ্ঞতা প্ৰদান কৰে। গ্ৰাহকসকলে বাস্তৱসদৃশ প্ৰদৰ্শনীৰ জৰিয়তে মডুলাৰ পাকঘৰ, ৱাৰ্ডৰব আৰু ঘৰৰ সামগ্ৰিক ইণ্টেৰিয়ৰ সমাধানসমূহ প্ৰত্যক্ষ কৰিব পাৰিব, উন্নত মানৰ সামগ্ৰীসমূহ নিজ চকুৰে পৰীক্ষা কৰিব পাৰিব আৰু প্ৰযুক্তিভিত্তিক পৰামৰ্শৰ সহায় লৈ কাম আৰম্ভ কৰাৰ পূৰ্বেই নিজৰ সপোনৰ ঘৰখন কেনেকুৱা হ’ব সেয়া প্ৰত্যক্ষ কৰিব পাৰিব। এই ষ্টুডিঅ’টোৱে ইণ্টেৰিয়ৰ ডিজাইন প্ৰক্ৰিয়াৰ প্ৰতিটো পৰ্যায় একেটা ছাদৰ তললৈ আনি পৰিকল্পনাৰ পৰা আৰম্ভ কৰি কাম সম্পূৰ্ণ হোৱালৈকে ব্যক্তিগত পৰামৰ্শ আগবঢ়ায়।
সুদীপ কান্তি ধৰৰ সৈতে অংশীদাৰিত্বৰে ধাৰাপুৰৰ এক্সপেৰিয়েঞ্চ চেণ্টাৰটো মুকলি কৰা হৈছে, য’ত হোমলেনৰ প্ৰযুক্তিচালিত কাৰ্যপ্ৰণালী আৰু গভীৰ আঞ্চলিক দক্ষতাক একেলগ কৰি এক সুচল তথা পেছাদাৰীভাৱে পৰিচালিত ঘৰৰ ইণ্টেৰিয়ৰ অভিজ্ঞতা প্ৰদান কৰা হ’ব।
ভাৰতৰ প্ৰধান প্ৰধান উদীয়মান চহৰসমূহত সুশৃংখলিত আৰু পেছাদাৰী ইণ্টেৰিয়ৰ ডিজাইনৰ সেৱা সহজলভ্য কৰি তোলাৰ বাবে হোমলেনে চলাই থকা নিৰন্তৰ প্ৰয়াসৰ প্ৰতিফলন হৈছে এই মুকলি। নিজৰ Franchise-Owned, Franchise-Operated (FOFO) আৰ্হিৰ জৰিয়তে কোম্পানীটোৱে ব্যৱসায়িক সম্প্ৰসাৰণ অব্যাহত ৰাখিছে আৰু এই বৰ্ষতে ১০০টা FOFO ষ্টুডিঅ’ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তদুপৰি, উত্তৰ-পূৰ্বাঞ্চল সম্প্ৰসাৰণ পৰিকল্পনাৰ অংশ হিচাপে হোমলেনে FY27ৰ ভিতৰত সাতভনী ৰাজ্যকেইখনত ৭টা ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লৈছে, যাৰ ফলত এই অঞ্চলটোত কোম্পানীটোৰ উপস্থিতি আৰু অধিক শক্তিশালী হৈ উঠিব।
এই মুকলি অনুষ্ঠানটো মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট কণ্ঠশিল্পী কুমাৰ ভৱেশে ফিতা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানত তেওঁৰ সৈতে হোমলেনৰ জ্যেষ্ঠ বিষয়া আৰু প্ৰধান ব্যৱসায়িক সহযোগীসকল উপস্থিত থাকে।
এই মুকলি সম্পৰ্কে মন্তব্য কৰি হোমলেনৰ সহ-প্ৰতিষ্ঠাপক তথা চিঅ অ' তনুজ চৌধুৰীয়ে কয়: “গুৱাহাটীৰ ৰিয়েল এষ্টেট ক্ষেত্ৰখন দ্ৰুতগতিত সলনি হৈছে। বৰ্তমানৰ গৃহমালিকসকলে কেৱল থাকিবলৈ এটা ঠায়েই নিবিচাৰে; কামত হোৱা অপ্ৰয়োজনীয় পলম আৰু অতিৰিক্ত খৰচৰ চিন্তা নোহোৱাকৈ নিজৰ ৰুচি আৰু পছন্দ অনুসৰি সপোনৰ ঘৰখন সজাই তুলিব বিচাৰে। এই পৰিস্থিতি সলনি কৰিবলৈকে প্ৰতিটো প্ৰকল্পতে সুশৃংখল কাৰ্যপ্ৰণালী, সম্পূৰ্ণ স্বচ্ছতা আৰু স্মাৰ্ট ডিজাইন প্ৰযুক্তি লৈ আমি গুৱাহাটীত প্ৰৱেশ কৰিছোঁ। আমাৰ বাবে এই মুকলি এক বৃহত্ পদক্ষেপৰ সূচনা মাথোঁ। আমাৰ উত্তৰ-পূৰ্বাঞ্চল সম্প্ৰসাৰণ পৰিকল্পনাৰ অংশ হিচাপে হোমলেনে এফ ৱাই২৭ৰ ভিতৰত সাতভনী ৰাজ্যকেইখনত ৭টা ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লৈছে, যাতে সমগ্ৰ অঞ্চলটোৰ সকলোৰে বাবে নিৰ্ভৰযোগ্য ইণ্টেৰিয়ৰ সেৱা সহজলভ্য হৈ পৰে।”
হোমলেনৰ পাৰ্টনাৰ সুদীপ কান্তি ধৰে কয়, “গুৱাহাটীলৈ হোমলেনক লৈ অহাৰ ফলত এনে বহু স্থানীয় পৰিয়ালৰ এক ডাঙৰ সমস্যা সমাধান হ’ব, যিসকলে ঠিকা দিয়া লোকসকলৰ পাছত অহৰহ লাগি নাথাকি আধুনিক ইণ্টেৰিয়ৰ সমাধান বিচাৰে। আমি এনে এক মঞ্চ আগবঢ়াইছোঁ য’ত মানুহে সামগ্ৰীসমূহ নিজ চকুৰে চাব পাৰিব, বাস্তৱিক 3D প্ৰযুক্তিৰে একেলগে ঘৰৰ নক্সা প্ৰস্তুত কৰিব পাৰিব আৰু সময়মতে নিজৰ সপোনৰ ঘৰখন তৈয়াৰ হৈ উঠিব বুলি নিশ্চিত হৈ নিশ্চিন্তে আমাৰ ওপৰত দায়িত্ব এৰি দিব পাৰিব।”
ধাৰাপুৰৰ কেন্দ্ৰটো হোমলেনৰ নিজস্ব AIচালিত প্লেটফৰ্ম SpaceCraftৰ দ্বাৰা পৰিচালিত, যাৰ জৰিয়তে গৃহমালিকসকলে ৩ডি মাধ্যমত নিজৰ ঘৰৰ ইণ্টেৰিয়ৰ প্ৰত্যক্ষ কৰিব পাৰিব, লগে লগে খৰচৰ সঠিক হিচাপ লাভ কৰিব আৰু নক্সা প্ৰস্তুতকৰণৰ পৰা কাম সম্পূৰ্ণ হোৱালৈকে এক সুচল অভিজ্ঞতা লাভ কৰিব। ইয়াৰ উপৰিও গ্ৰাহকসকলে লাভ কৰিব স্বচ্ছ মূল্য নিৰ্ধাৰণ, কাম সম্পূৰ্ণ হোৱাৰ নিৰ্দিষ্ট সময়সীমা, ৪৫ দিনৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ নিশ্চয়তা, সামগ্ৰীৰ ওপৰত ১০ বছৰীয়া ৱাৰেণ্টী আৰু প্ৰকল্পৰ আৰম্ভণিৰ পৰা সমাপ্তিলৈকে সম্পূৰ্ণ পৰিচালনাৰ সুবিধা।
No comments:
Post a Comment