ৱান ৰাইড ২০২৬ত অংশগ্ৰহণ কৰিবলৈ এতিয়াই পঞ্জীয়ন কৰক: https://royalenfield.com/oneride
W7s news,,২০২৬ ৰ ২০ ছেপ্টেম্বৰত বিশ্বৰ হেজাৰ হেজাৰ ৰাইডাৰে অংশগ্ৰহণ কৰিব ৰয়েল এনফিল্ডৰ ৱান ৰাইডত । এই ৱান ৰাইড হৈছে বিশ্বব্যাপী ৰয়েল এনফিল্ডৰ পিউৰ মটৰ চাইকেলিঙৰ বাৰ্ষিক উদযাপন ।
২০১১ ৰ পৰা ৱান ৰাইডে একেদিনাই দেশে মহাদেশে ৰাইডাৰসকলক একত্ৰিত কৰি আহিছে আৰু ৰাইডিঙৰ সৰল আনন্দৰে সকলোকে একেলগে বান্ধি ৰাখিছে । এই বছৰ ৰয়েল এনফিল্ডে ১২৫ বৰ্ষপূৰ্তি উদযাপনেৰে এই যাত্ৰাই ৬০খন দেশত ১৬০০ৰো অধিক ৰাইড সামৰি ল’ব । ই হৈছে মটৰ চাইকেল চলোৱাৰ প্ৰতি থকা একেধৰণৰ আকৰ্ষণৰ দ্বাৰা গঢ় লৈ উঠা এক বিশ্বব্যাপী সমাৱেশ আৰু ২০২৬ ৰ বাবে সেই যাত্ৰাসমূহ সম্ভৱ কৰি তোলা ঠাইসমূহৰ প্ৰতি এক গভীৰ দায়িত্ব ।
“এভ্ৰি ৰাইডাৰ. এভ্ৰি ৰোড. ৱান মিছন” আহ্বানৰ অধীনত ৱান ৰাইড ২০২৬ উচ্চ পৰ্বতমালাৰ এটা প্ৰধান প্ৰজাতি আৰু প্ৰাকৃতিক দৃশ্যৰ এক চিৰস্থায়ী প্ৰতীক স্নো লিঅ’পাৰ্ড অৰ্থাৎ বৰফৰ নাহৰফুটুকীৰ প্ৰতি উৎসৰ্গিত কৰা হৈছে । হিমালয় হৈছে ৰয়েল এনফিল্ডৰ আধ্যাত্মিক ঘৰ, য’ত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ৰাইডাৰে অন্বেষণ কৰি আহিছে আৰু ইয়াৰ মটৰ চাইকেল চলোৱা সংস্কৃতিৰ কেন্দ্ৰবিন্দু । পাহাৰৰ সৈতে থকা সম্পৰ্ক মানে হৈছে ইয়াৰ সংৰক্ষণত সহায় কৰাৰ দায়িত্ব আৰু এই কথা স্বীকাৰ কৰিয়ে ৱান ৰাইড ২০২৬ত অংশগ্ৰহণ কৰা প্ৰতিজন ৰাইডাৰে ৰয়েল এনফিল্ডে বৰফৰ নাহৰফুটুকী সংৰক্ষণৰ দিশত অৱদান আগবঢ়াব ।
এই পদক্ষেপ ৰয়েল এনফিল্ড ছ’চিয়েল মিছনৰ জৰিয়তে ইতিমধ্যে চলি থকা সংৰক্ষণৰ কাৰ্যসূচীৰ ওপৰত আধাৰিত । ইয়াৰ সামূহিক সংৰক্ষণ প্ৰকল্পসমূহ হিমাচল প্ৰদেশ, লাডাখ, উত্তৰাখণ্ড, ছিকিম আৰু জম্মু-কাশ্মীৰলৈ বিস্তৃত হৈ আছে । এই প্ৰকল্পই বৰফৰ নাহৰফুটুকীৰ ১০,৫০০ বৰ্গ কিলোমিটাৰতকৈও অধিক বাসস্থান সামৰি লৈছে, য’ত ৫৩ বৰ্গ কিলোমিটাৰৰ এলেকা ইয়াৰ সামূহিক সংৰক্ষণ কাৰ্যসূচীৰ অধীনলৈ অনা হৈছে । বৰ্তমান ভাৰতত বৰফৰ নাহৰফুটুকীৰ আনুমানিক সংখ্যা হৈছে ৭১৮ টা । ৱান ৰাইডৰ জৰিয়তে এই অভিযান বিশ্বজুৰি সম্প্ৰসাৰিত হৈছে । দিল্লী, লণ্ডন বা চাও পাওলোত অংশগ্ৰহণ কৰাই হওক, প্ৰতিজন ৰাইডাৰে সুউচ্চ হিমালয়ত অব্যাহত থকা সংৰক্ষণ প্ৰচেষ্টাত প্ৰত্যক্ষভাৱে অৰিহণা যোগায় ।
২০ ছেপ্টেম্বৰলৈ এসপ্তাহতকৈ কম সময় বাকী আছে অৰ্থাৎ এতিয়া পঞ্জীয়নৰ অন্তিম স্তৰত উপনীত হৈছে ৱান ৰাইড । ৰাইডাৰসকলে তেওঁলোকৰ সমীপৱৰ্তী ৰয়েল এনফিল্ড ডিলাৰশ্বিপ বা অনলাইনৰ জৰিয়তে ‘ৱান ৰাইড’ সন্ধান কৰি যোগদান কৰিব পাৰিব । আনহাতে ৰাইডিং ক্লাব আৰু স্বতন্ত্ৰ ৰাইডাৰসকলে নিজাকৈও ৰাইড আয়োজন কৰিব পাৰে । এইপৰ্যন্ত পঞ্জীয়ন নকৰাসকলৰ বাবে এতিয়াও যাত্ৰা পথত নিজৰ ঠাই গ্ৰহণ কৰাৰ সময় আছে ।

No comments:
Post a Comment