• ১৯৭১–২০২২ বৰ্ষৰ বতৰৰ ৫২ বছৰ ধৰি চলা বিশ্লেষণ অনুসৰি সমগ্ৰ দেশৰ ভিতৰত কেৱল উত্তৰ-পূৰ্বাঞ্চলতেই এদিনৰ চমু কিন্তু অতি প্ৰবল বৃষ্টিপাতৰ ঘটনা স্পষ্টভাৱে বৃদ্ধি পোৱাৰ তথ্য।
• সমান্তৰালভাৱে অঞ্চলটোত সঘনাই দীৰ্ঘদিনীয়া খৰাং বতৰৰ সৃষ্টি; প্ৰকৃতিৰ এই চৰম বৈপৰীত্যক মৌচুমী বায়ুৰ ক্ৰমবৰ্ধমান অস্থিৰতা হিচাপে গৱেষকসকলৰ চিহ্নিতকৰণ।
• ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৰ্বাঞ্চলত বান প্ৰস্তুতি আৰু বৃষ্টিপাতৰ তাৰতম্য ব্যৱস্থাপনাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ বাবে অধ্যয়নটোৰ আহ্বান।
W7s news,,,,জলবায়ুৰ ভয়ংকৰ বৈপৰীত্যই ক্ৰমান্বয়ে জটিল কৰি তুলিছে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভাৱিক প্ৰাকৃতিক পৰিৱেশ। ১৯৭১ চনৰ পৰা ২০২২ চনলৈকে বিগত ৫২ বছৰৰ দেশৰ বতৰ নিৰীক্ষণ কৰি প্ৰস্তুত কৰা এক নতুন ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিবেদনে উদঙাই দিছে এই উদ্বেগজনক ছবি। প্ৰতিবেদন অনুসৰি, উত্তৰ-পূৰ্বাঞ্চল বৰ্তমান দুটা চৰম বিপৰীতমুখী সংকটৰ মাজত আৱদ্ধ হৈ পৰিছে- এফালে মাত্ৰ এদিনৰ ভিতৰতে হোৱা অস্বাভাৱিক মুষলধাৰ বৃষ্টিপাত আৰু আনফালে বৰষুণহীন দীঘলীয়া খৰাং সদৃশ বতৰ। অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমকে ধৰি সমগ্ৰ অঞ্চলটোৱেই এতিয়া প্ৰকৃতিৰ এই চৰম তাণ্ডৱৰ সন্মুখীন হৈছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি) আৰু ‘নেচনেল চেণ্টাৰ ফৰ মিডিয়াম ৰেঞ্জ ৱেদাৰ ফৰকাষ্টিং’ (এনচিএমআৰডব্লিউএফ)-ৰ বিজ্ঞানীসকলে যৌথভাৱে সম্পন্ন কৰা এই ঐতিহাসিক গৱেষণা পত্ৰখন প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাদৃত, বিশেষজ্ঞ-পৰ্যালোচিত ‘ইণ্টাৰনেচনেল জাৰ্নেল অৱ ক্লাইমেট’লজী’ত। ‘ইভলিউচন অৱ ক্লাইমেট এক্সট্ৰিমছ অভাৰ দ্য ইণ্ডিয়ান চাবকন্টিনেণ্ট ইউজিং এ ৰিভাইজড চিইআই’ শীৰ্ষক এই গৱেষণাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিগত ৫২ বছৰৰ তথ্যসমৃদ্ধ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি এক সুকীয়া ‘ইণ্ডিয়া ক্লাইমেট এক্সট্ৰিমছ ইনডেক্স’ প্ৰস্তুত কৰা হৈছে। দিনৰ ভাগৰ প্ৰচণ্ড উত্তাপ, অস্বস্তিকৰ আৰ্দ্ৰ গৰম, ভয়াৱহ তাপপ্ৰৱাহ আৰু শুকান খৰাঙকে ধৰি সাতটাকৈ পৃথক প্ৰাকৃতিক দুৰ্যোগৰ তথ্যক এই একক সূচকাংকত সন্নিৱিষ্ট কৰা হৈছে। উল্লেখ্য যে, এই পৰিৱৰ্তনৰ ধাৰা প্ৰখ্যাত ‘মান-কেণ্ডেল’ পদ্ধতি প্ৰয়োগ কৰি অতি নিখুঁতভাৱে পৰীক্ষা কৰা হৈছে।
লক্ষ্যণীয় যে, সমগ্ৰ দেশৰ ভিতৰত কেৱল উত্তৰ-পূৰ্বাঞ্চলতেই এদিনৰ অতি প্ৰবল মুষলধাৰ বৃষ্টিপাতৰ ঘটনা স্পষ্ট আৰু পৰিসাংখ্যিকভাৱে তাৎপৰ্যপূৰ্ণ হাৰত বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আনিছে এই অধ্যয়নে। গৱেষকসকলৰ মতে, উত্তপ্ত হৈ পৰা বংগোপসাগৰ, বায়ুমণ্ডলত বৃদ্ধি পোৱা জলীয় বাষ্পৰ পৰিমাণ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জটিল ভৌগোলিক ভূ-প্ৰকৃতিৰ সৈতে এই অস্বাভাৱিক বৃষ্টিপাতৰ পোনপটীয়া সম্পৰ্ক আছে। সমান্তৰালভাৱে অঞ্চলটোত বৰষুণহীন শুকান দিনৰ ব্যৱধান আৰু খৰাং সদৃশ পৰিস্থিতিও ক্ৰমান্বয়ে বাঢ়ি আহিছে। বতৰৰ এনে উত্থান-পতনক গৱেষকসকলে কোনো নিৰ্দিষ্ট আৰ্দ্ৰ বা শুকান জলবায়ুৰ পৰিৱৰ্তন হিচাপে নহয়, একে সময়তে উত্তৰ-পূৰ্বাঞ্চলৰ আকাশত মৌচুমী বায়ুৰ ক্ৰমবৰ্ধমান অস্থিৰতাৰ স্পষ্ট প্ৰতিফলন হিচাপেহে চিহ্নিত কৰিছে।
"সমগ্ৰ দেশৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল এতিয়া চৰম বিপৰীতমুখী সংকটৰ দোমোজাত দিশহাৰা। এফালে এদিনৰ ভিতৰতে হোৱা প্ৰলয়ংকাৰী মুষলধাৰ বৰষুণ আৰু আনফালে বৰষুণহীন দীঘলীয়া শুকান দিনৰ স্থিতি। বতৰৰ এই ভয়ংকৰ সংমিশ্ৰণে অঞ্চলটোত মৌচুমী বায়ুৰ ক্ৰমবৰ্ধমান অস্থিৰতাকেই উদঙাই দিছে। সেয়েহে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বান প্ৰতিৰোধৰ সমান্তৰালকৈ খৰাং ব্যৱস্থাপনাৰ আগতীয়া পৰিকল্পনা যুগুত কৰাটো এতিয়া সময়ৰ আহ্বান হৈ পৰিছে।"
- এম. ৰাজীৱন, সহ-লেখক, এট্ৰিয়া বিশ্ববিদ্যালয়, বাংগালুৰু
"সমগ্ৰ দেশৰ ভিতৰত কেৱল উত্তৰ-পূৰ্বাঞ্চলতেই এদিনৰ চমু কিন্তু অতি প্ৰচণ্ড বৃষ্টিপাতৰ মাত্ৰা স্পষ্টভাৱে বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালভাৱে অঞ্চলটোত দীঘলীয়া হৈছে বৰষুণহীন শুকান দিনৰ সংখ্যাও। দেশৰ অন্য প্ৰান্তত সততে দেখা পোৱা উৎকট গৰম আৰু খৰাঙৰ সংকটৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলৰ এই স্থিতি সম্পূৰ্ণ ব্যতিক্ৰমী।"
- থোটা মোহন, মুখ্য লেখক, নেচনেল চেণ্টাৰ ফৰ মিডিয়াম ৰেঞ্জ ৱেদাৰ ফৰকাষ্টিং
গৱেষণা প্ৰতিবেদনখনৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ
জলবায়ুৰ এই ভয়ংকৰ বৈপৰীত্যৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বান প্ৰস্তুতি অধিক শক্তিশালী কৰা আৰু বৃষ্টিপাতৰ তাৰতম্য ব্যৱস্থাপনাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ পোষকতা কৰিছে এই অধ্যয়নে। কৃষি, জলসম্পদ ব্যৱস্থাপনা, স্বাস্থ্য আৰু আন্তঃগাঁথনিকে ধৰি সকলো গুৰুত্বপূৰ্ণ খণ্ডৰ যৌথ অংশগ্ৰহণেৰে এক সমন্বিত পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা স্পষ্ট কৰি তুলিছে গৱেষকসকলে। অঞ্চলটোৰ গড় বতৰৰ তথ্যই বান আৰু খৰাং সৃষ্টি কৰা স্থানীয় চৰম সংকটসমূহ ঢাকি ৰখাৰ সম্ভাৱনা থকা হেতুকে ক্ষুদ্ৰ তথা অঞ্চলভিত্তিক নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ আহ্বান জনোৱা হৈছে। প্ৰকৃতিৰ এনে সংকটজনক চাপ ক'ত কেনেদৰে বাঢ়িছে সেয়া প্ৰতিবছৰে জুখি চাবলৈ সংশ্লিষ্ট সংস্থাসমূহক এই সূচকাংক এক কাৰ্যকৰী ব্যৱস্থা হিচাপে প্ৰয়োগ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে লেখকসকলে।
.
No comments:
Post a Comment