গুৱাহাটীত ২৩–২৪ ছেপ্টেম্বৰত এইচ এম দিৱানৰ বিশেষ গহনা প্ৰদৰ্শনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 18 September 2026

গুৱাহাটীত ২৩–২৪ ছেপ্টেম্বৰত এইচ এম দিৱানৰ বিশেষ গহনা প্ৰদৰ্শনী


 


W7s news,,গুৱাহাটী, ১৭ ছেপ্টেম্বৰ: কলকাতাৰ সুপ্ৰতিষ্ঠিত গহনা প্ৰতিষ্ঠান এইচ এম দিৱানে গুৱাহাটীত অহা ২৩ আৰু ২৪ ছেপ্টেম্বৰত এক বিশেষ দুদিনীয়া গহনা প্ৰদৰ্শনীৰ আয়োজন কৰিছে। পল্টন বজাৰৰ হোটেল পেলাচিঅ’ত অনুষ্ঠিত হ’বলগীয়া এই প্ৰদৰ্শনীত দুৰ্লভ হীৰা, মূল্যৱান ৰত্ন, হাতেৰে নিৰ্মিত পলকি আৰু উন্নতমানৰ সোণৰ গহনাৰ লগতে কইনাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা আকৰ্ষণীয় গহনাৰ সম্ভাৰ প্ৰদৰ্শন কৰা হ’ব।

১৯৮০ চনত প্ৰয়াত বিজয় দিৱানে প্ৰতিষ্ঠা কৰা এইচ এম দিৱানে বৰ্তমান আকাশ দিৱান আৰু বিকাশ দিৱানৰ নেতৃত্বত কলকাতাৰ গহনা নিৰ্মাণৰ ঐতিহ্যৰ সৈতে আধুনিক নক্সাৰ সংমিশ্ৰণেৰে স্বকীয় গহনা সৃষ্টি কৰি আহিছে। প্ৰতিষ্ঠানটোৰ বিশেষত্ব হৈছে সীমিত সংখ্যাত নিৰ্মিত অনন্য নক্সা। একেটা নক্সা সীমিত সংখ্যাত প্ৰস্তুত কৰাৰ লগতে পুনৰ একে নক্সা নিৰ্মাণ নকৰাৰ নীতিৰ বাবে প্ৰতিটো গহনাই লাভ কৰে এক স্বতন্ত্ৰ পৰিচয়। নিজা সোণ নিৰ্মাণৰ ব্যৱস্থা, নক্সা বিভাগ, শিল্পকৰ্মৰ বিশেষজ্ঞ, গহনা পৰীক্ষক আৰু পলিচকাৰীৰ জৰিয়তে প্ৰতিটো গহনাৰ গুণগত মান, সূক্ষ্ম কাৰুকাৰ্য আৰু নিখুঁত সমাপ্তিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। প্ৰতিষ্ঠানটোৰ হংকং, মুম্বাই আৰু চুৰাটতো কাৰ্যালয় আছে।

গুৱাহাটীত থকা গ্ৰাহকসকলৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত এইচ এম দিৱানে পুনৰ নগৰখনলৈ লৈ আহিছে বাছনি কৰা বিশেষ গহনা সম্ভাৰ। দুদিনীয়া এই প্ৰদৰ্শনীত গহনা অনুৰাগী আৰু হবু কইনাসকলে দুৰ্লভ হীৰা, মূল্যৱান ৰত্ন, পলকি আৰু সোণৰ গহনা ওচৰৰ পৰা চোৱাৰ সুযোগ লাভ কৰিব। ঐতিহ্য, নিপুণ কাৰুকাৰ্য আৰু আধুনিক সৌন্দৰ্যৰ সমন্বয়ে প্ৰজন্মৰ পিছত প্ৰজন্মলৈ সংৰক্ষণ কৰিব পৰা গহনা সৃষ্টি কৰাই এইচ এম দিৱানৰ মূল লক্ষ্য।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here