বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ৰক্তদান শিবিৰ ৰোটাৰী লুইটৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 18 August 2026

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ৰক্তদান শিবিৰ ৰোটাৰী লুইটৰ


 

W7s news,,গুৱাহাটী, ১৮ আগষ্ট: ৰোটাৰী ক্লাব অৱ গুৱাহাটী লুইটৰ উদ্যোগত কামৰূপ চেম্বাৰ অৱ কমাৰ্চ (কেচিচি)-ৰ সহযোগত গুৱাহাটীৰ ফাঁচীবজাৰৰ গল্লা পট্টিস্থিত অগ্ৰৱাল ভৱনত থকা কেচিচিৰ কাৰ্যালয়ত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা তথা ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।


শিবিৰটো কামৰূপ চেম্বাৰ অৱ কমাৰ্চৰ সভাপতি শ্ৰী মহাবীৰ জৈনে উদ্বোধন কৰে। অনুষ্ঠানত ৰোটাৰী ক্লাবৰ সদস্য, কেচিচিৰ সদস্য আৰু স্থানীয় ব্যৱসায়িক সমাজৰ প্ৰতিনিধিসকল উপস্থিত থাকে।


এই সেৱামূলক পদক্ষেপৰ শলাগ লৈ শ্ৰী মহাবীৰ জৈনে ৰোটাৰী ক্লাব অৱ গুৱাহাটী লুইটৰ সভাপতি ৰোটেৰিয়ান স্বস্তিকা জৈনক এনে শিবিৰ প্ৰতি বছৰে আয়োজন কৰিবলৈ আহ্বান জনায়। লগতে তেওঁ ভৱিষ্যতেও এনে সামাজিক সেৱামূলক কাৰ্যসূচীত কেচিচিৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতা আৰু সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে।


ৰোটেৰিয়ান স্বস্তিকা জৈনে কয় যে ৰোটাৰী ক্লাব অৱ গুৱাহাটী লুইটে স্থানীয় ৰাইজৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি জনসেৱামূলক কাৰ্যসূচী অব্যাহত ৰাখিব। তেওঁ স্বাস্থ্য শিবিৰটো সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱাৰ বাবে সঞ্জীৱনী হাস্পতালৰ সঞ্চালক ডাঃ অমিত অগ্ৰৱালক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে শিবিৰটোৰ সফল আয়োজন আৰু সমন্বয়ৰ বাবে নীৰজ বোথৰাৰ প্ৰচেষ্টাৰো শলাগ লয়।


শিবিৰত মুঠ ১৩৫ গৰাকী লোকে বিভিন্ন স্বাস্থ্যসেৱাৰ সুবিধা গ্ৰহণ কৰে। ইয়াৰ ভিতৰত হৃদযন্ত্ৰ আৰু মধুমেহ পৰীক্ষা, ইচিজি, ৰক্তত শৰ্কৰাৰ পৰিমাণ পৰীক্ষা, চকু পৰীক্ষা আৰু চকুৰ ছানি পৰীক্ষা আদি অন্তৰ্ভুক্ত আছিল। পৰীক্ষাৰ সময়ত ১১ গৰাকী লোকৰ চকুৰ ছানি সম্পৰ্কীয় সমস্যা ধৰা পৰে। তেওঁলোকৰ কে জি এম টি হাস্পতালত বিনামূলীয়াকৈ চকুৰ ছানি অস্ত্ৰোপচাৰ কৰা হ’ব।


ৰোটাৰী কে জি এম টি ব্লাড বেংকৰ সহযোগত অনুষ্ঠিত ৰক্তদান শিবিৰতো স্থানীয় ৰাইজ আৰু ব্যৱসায়িক সমাজৰ লোকে উৎসাহেৰে অংশগ্ৰহণ কৰে। শিবিৰত মুঠ ১০ ইউনিট ৰক্ত সংগ্ৰহ কৰা হয়।


এই শিবিৰে ৰোটাৰী ক্লাব অৱ গুৱাহাটী লুইটৰ প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, মানৱতাবাদী সেৱা আৰু স্বেচ্ছামূলক ৰক্তদানৰ প্ৰতি থকা দায়বদ্ধতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here