*
গুৱাহাটীৰ পৰা শিৱসাগৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণ
W7s news,,গুৱাহাটী, ১৭ আগষ্ট: অসমত হোৱা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় হৈ মানৱীয় সেৱাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে মাৰোৱাৰী সমাজে। বানপীড়িত লোকসকলক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে বাবা ৰামদেৱ ভক্ত সংগম (বি আৰ বি এছ) আৰু গোলোক পৰিয়াল, গুৱাহাটীৰ যৌথ উদ্যোগত এখন ট্ৰাকযোগে বৃহৎ পৰিমাণৰ সাহায্য সামগ্ৰী শিৱসাগৰলৈ প্ৰেৰণ কৰা হয়।
গুৱাহাটীৰ বৰঝাৰস্থিত কিৰণশ্ৰী গ্ৰেণ্ডৰ পৰা এই সাহায্য সামগ্ৰীসমূহ সেউজীয়া পতাকা জোকাৰি আনুষ্ঠানিকভাৱে শিৱসাগৰলৈ ৰাওনা কৰা হয়। মাৰোৱাৰী সমাজৰ সেৱা, সমৰ্পণ আৰু মানৱীয় দায়বদ্ধতাৰ প্ৰতিফলন হিচাপে গ্ৰহণ কৰা এই উদ্যোগৰ জৰিয়তে বানপীড়িত পৰিয়ালসমূহৰ বাবে ১০০খন গাদী, ১৫০টা বাকচ ফিনাইল, ৫০টা বস্তা ব্লিচিং পাউডাৰ, ১০০ যোৰ গামবুট, প্ৰায় ১,০০০টা চেনিটাৰী পেড, শাৰী, চাৰ্ট, জৈৱ-বিঘটনশীল প্লাষ্টিকৰ বেগকে ধৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰী প্ৰেৰণ কৰা হয়।
এই অনুষ্ঠানত বি আৰ বি এছৰ হৈ সভাপতি ঘেৱৰচন্দ ছিপানী, সম্পাদক ৰবি সুৰেকা, কোষাধ্যক্ষ সঞ্জয় জৈন আৰু কাৰ্যনিৰ্বাহক সদস্য অৰবিন্দ সৰাৱগী উপস্থিত থাকে।
আনহাতে, গোলোক পৰিয়ালৰ হৈ সভাপতি ৰবি সুৰেকা, সংৰক্ষক তথা ন্যাসৰক্ষী বিনোদ আগৰৱালা, ন্যাসৰক্ষী অ’ পি খণ্ডেলৱাল, ৰামগোপাল ছোনী, ৰাজু হৰলালকা, দীনদয়াল জালান, সুৰেশ মাংলুনিয়া আৰু অৰুণ জালান উপস্থিত থাকে।
এই সাহায্য সামগ্ৰীসমূহ উত্তৰ-পূৰ্বাঞ্চল প্ৰাদেশিক মাৰোৱাৰী সন্মিলনৰ শিৱসাগৰ শাখাৰ সদস্যসকলৰ জৰিয়তে বানপানীত ক্ষতিগ্ৰস্ত আৰু অসহায় পৰিয়ালসমূহৰ মাজত বিতৰণ কৰা হ’ব। সংকটৰ এই সময়ছোৱাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ওচৰলৈ প্ৰয়োজনীয় সহায় সময়মতে পঠিয়াই দিয়াই এই উদ্যোগৰ মূল উদ্দেশ্য।
উল্লেখ্য যে মাৰোৱাৰী সমাজৰ সেৱামূলক উদ্যোগৰ অংশ হিচাপে বি আৰ বি এছৰ উদ্যোগত ইয়াৰ পূৰ্বেও নাজিৰা, শিৱসাগৰ আৰু চিমলুগুৰি অঞ্চলৰ বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছিল। বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্দশাগ্ৰস্ত লোকসকলৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াই অহা মাৰোৱাৰী সমাজে সেৱামূলক কাৰ্যসূচী অব্যাহত ৰখাৰ সংকল্প পুনৰ দোহাৰিছে।
“সেৱাই ধৰ্ম” — এই মূলমন্ত্ৰৰে গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে মাৰোৱাৰী সমাজে বানপীড়িত পৰিয়ালসমূহৰ কাষত থিয় হৈ মানৱীয়তা, সেৱা আৰু সামাজিক দায়বদ্ধতাৰ এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে।

No comments:
Post a Comment