অসমত কৰ্কট ৰোগৰ আগতীয়া চিনাক্তকৰণৰ বাবে ফাইজাৰ আৰু টাটা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সফল অংশীদাৰীত্ব উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 6 August 2026

অসমত কৰ্কট ৰোগৰ আগতীয়া চিনাক্তকৰণৰ বাবে ফাইজাৰ আৰু টাটা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সফল অংশীদাৰীত্ব উদযাপন


 

W7s news,,গুৱাহাটী, ৬ আগষ্ট, অসমত কৰ্কট ৰোগৰ আগতীয়া চিনাক্তকৰণ তথা সজাগতা সৃষ্টিত বিশেষ ভূমিকা পালন কৰি অহা ফাইজাৰ আৰু  টাটা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে আজি গুৱাহাটীৰ তাজ ভিভান্তাত  ইয়াৰ সফল অংশীদাৰিত্ব উদযাপন কৰে, যি এতিয়ালৈ অসম, ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু উৰিষ্যাত কৰ্কট ৰোগৰ সজাগতা, আগতীয়া চিনাক্তকৰণ আৰু ফ্ৰণ্টলাইন স্বাস্থ্য সেৱা ক্ষমতা শক্তিশালী কৰি ১০ লাখতকৈও অধিক হিতাধিকাৰীৰ কাষ চাপিবলৈ সক্ষম হৈছে।  এই অংশীদাৰীত্বই মুখ, স্তন আৰু গৰ্ভাশয়ৰ কৰ্কট ৰোগৰ বাবে ৯৯৩,০০০ তকৈও অধিক পৰীক্ষা কৰাত সহায় কৰিছে, প্ৰায় ২৫,০০০ স্বাস্থ্য সেৱা প্ৰদানকাৰীক প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু সন্দেহজনক কৰ্কট ৰোগৰ ঘটনাসমূহ আগতীয়াকৈ চিনাক্তকৰণত সহায় কৰিবলৈ আৰু সময়মতে যত্নৰ সুবিধা উন্নত পথ শক্তিশালী কৰিছে।

এই উদ্দেশ্যে ফাইজাৰ আৰু টাটা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন যুটীয়াভাৱে আয়োজন কৰা অংশীদাৰী সন্মিলনত চৰকাৰ, ৰাজহুৱা, ব্যক্তিগত আৰু উন্নয়ন খণ্ডৰ নেতাসকলক একত্ৰিত কৰি ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰাৰ লগতে কৰ্কট ৰোগ প্ৰতিৰোধ আৰু আগতীয়াকৈ চিনাক্তকৰণ অধিক শক্তিশালী কৰাৰ  বিষয়ে আলোকপাত কৰা হয়।  

অনুষ্ঠানত অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সঞ্চালক ডাঃ সিদ্ধাৰ্থ সিং উপস্থিত থাকি মন্তব্য প্ৰদান কৰি কয় যে  "সুলভ আৰু ন্যায়সংগত স্বাস্থ্যসেৱাৰ বাবে ৰাজ্যখনৰ দৃষ্টিভংগীক পূৰণ কৰা অংশীদাৰসকলৰ সৈতে এক শক্তিশালী স্বাস্থ্যসেৱা পৰিৱেশতন্ত্ৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত অসমে যথেষ্ট অগ্ৰগতি লাভ কৰিছে।  কৰ্কট ৰোগে এক গুৰুত্বপূৰ্ণ জনস্বাস্থ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে, যাৰ বাবে ইয়াৰ  সজাগতা, আগতীয়াকৈ চিনাক্তকৰণ আৰু সময়মতে হস্তক্ষেপ কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে।  মই কৃতজ্ঞ যে অসম চৰকাৰ, টাটা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু ফাইজাৰৰ মাজত হোৱা সহযোগিতাই প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু সমাজ ভিত্তিক হস্তক্ষেপৰ পৰিসৰ সম্প্ৰসাৰিত কৰাত সহায় কৰিছে।  "

প্ৰসঙ্গত ফাইজাৰ ইণ্ডিয়াৰ সভাপতি মীনাক্ষী নেভাটিয়াই কয়, "ৰোগীসকলৰ প্ৰতি ফাইজাৰৰৰ প্ৰতিশ্ৰুতি আমাৰ যুগান্তকাৰী ঔষধসমূহক সমৰ্থন কৰা বিজ্ঞানৰ বাহিৰেও আমি আমাৰ দেশত সামূহিক পৰ্যায়ত স্বাস্থ্য সেৱাৰ সামৰ্থ্য শক্তিশালী কৰাটো আমাৰ দায়িত্ব বুলি বিবেচনা কৰোঁ। ৰাজহুৱা স্বাস্থ্য প্ৰণালীত সজাগতা, পৰীক্ষা  আৰু ৰেফাৰেল পথসমূহক একত্ৰিত কৰি, ৰাজহুৱা-ব্যক্তিগত সহযোগিতাই কৰ্কট ৰোগ প্ৰতিৰোধ শক্তিশালী কৰিব পাৰে আৰু আগতীয়াকৈ চিনাক্তকৰণ সম্ভৱ কৰি তুলিব পাৰে । আমি অসম চৰকাৰ, টাটা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু আমাৰ সকলো অংশীদাৰক ধন্যবাদ জনাইছো যিসকলে এই দিশত আমাৰ সৈতে কাম কৰি আছে আৰু একেলগে, আমি এতিয়ালৈ ১০ লাখ হিতাধিকাৰীৰ কাষ চাপিবলৈ সক্ষম হৈছো। "

অসমত ফাইজাৰ-টাটা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ  অংশীদাৰিত্বত সমাজৰ বিভিন্ন লোকক জৰিত কৰি আয়োজন কৰা  অংশগ্ৰহণ কাৰ্যসূচী, শিক্ষা প্ৰতিষ্ঠান আৰু সম্প্ৰদায় ভিত্তিক সংগঠনকে ধৰি সামূহিক সজাগতা পদক্ষেপৰ জৰিয়তে ৩৫০,০০০ৰো অধিক লোকৰ কাষ চপা হৈছে। মুখ, স্তন আৰু গৰ্ভাশয়ৰ কৰ্কট ৰোগৰ বাবে প্ৰায় ২৮০,০০০ পৰীক্ষা কৰা হৈছে, ১৭০০ ৰো অধিক ৰেফাৰেল ৰোগীক প্ৰাৰম্ভিক চিকিৎসা কৰা হৈছে আৰু ৩৫০ ৰোগীক  নিশ্চিত কৰ্কটৰোগৰ চিনাক্তকৰণত সহায় কৰাৰ লগতে আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু সময়মতে যত্ন লোৱাত সহায় কৰিছিল। সামূহিক স্বাস্থ্য বিষয়া , বহুমুখী কৰ্মী (এম. পি. ডব্লিউ.), এ এছ এইচ এ, আয়ুষ চিকিৎসক, সাধাৰণ চিকিৎসক আৰু দন্ত চিকিৎসককে ধৰি ৫৭০০ ৰো অধিক ফ্ৰণ্টলাইন স্বাস্থ্য সেৱা পেছাদাৰীক প্ৰশিক্ষণ প্ৰদান কৰি কৰ্কট ৰোগৰ পৰীক্ষা, ৰেফাৰেল আৰু ফলো-আপৰ বাবে স্থানীয় ক্ষমতা শক্তিশালী কৰা হৈছে। অনুষ্ঠানত প্ৰসংগক্ৰমে মন্তব্য প্ৰদান কৰি 

টাটা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা তথা অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সঞ্চালক ডাঃ কৈলাশ শৰ্মাই কয়, "কৰ্কট ৰোগৰ যত্নৰ অৰ্থপূৰ্ণ অগ্ৰগতি চিকিৎসাৰ বহু আগতেই আৰম্ভ হয়।  কৰ্কট ৰোগৰ ফলাফল উন্নত কৰাৰ আটাইতকৈ ডাঙৰ সুযোগটো হ ল ৰোগ আগতীয়াকৈ চিনাক্ত কৰা আৰু মানুহে উপযুক্ত আৰু সময়মতে যত্ন লাভ কৰাটো নিশ্চিত কৰা।  ফাইজাৰৰ সৈতে আমাৰ অংশীদাৰীত্বই সম্প্ৰদায়ৰ সজাগতা শক্তিশালী কৰিছে, স্ক্ৰীণিং সম্প্ৰসাৰিত কৰিছে আৰু একাধিক ৰাজ্যত স্থানীয় স্বাস্থ্যসেৱা ক্ষমতা গঢ়ি তুলিবলৈ সক্ষম হৈছে । "

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here