ভাৰতৰ প্ৰথম ‘এণ্টি-টাৰ্মাইট ভেকচিনেটেড’ প্ৰযুক্তিৰ প্লাইউড ‘টাৰ্মিভেক্স’ মুকলি গ্ৰীনপ্লাইৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 6 August 2026

ভাৰতৰ প্ৰথম ‘এণ্টি-টাৰ্মাইট ভেকচিনেটেড’ প্ৰযুক্তিৰ প্লাইউড ‘টাৰ্মিভেক্স’ মুকলি গ্ৰীনপ্লাইৰ


 

-স্বত্বাধিকাৰভিত্তিক নেন’প্ৰযুক্তিৰ সহায়ত প্ৰস্তুত কৰা ‘টাৰ্মিভেক্স’-ৰ জৰিয়তে উঁইপৰুৱা প্ৰতিৰোধ, স্থায়িত্ব আৰু আজীৱন সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় প্লাইউড উদ্যোগত নতুন মানদণ্ড স্থাপনৰ লক্ষ্য গ্ৰীনপ্লাইৰ।


W7s news,,গুৱাহাটী, ৬ আগষ্ট, ২০২৬: বাৰিষাৰ সেমেকা পৰিৱেশত বৃদ্ধি পোৱা উঁইপৰুৱাৰ আক্ৰমণে প্লাইউডৰ স্থায়িত্ব আৰু সুৰক্ষাৰ ক্ষেত্ৰত দীৰ্ঘদিনৰে পৰা এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ উন্নত নেন’প্ৰযুক্তিভিত্তিক নতুন সুৰক্ষা প্ৰযুক্তি লৈ আহিছে গ্ৰীনপ্লাই ইণ্ডাষ্ট্ৰীজ লিমিটেডে। এই প্ৰযুক্তিৰ মাধ্যমেৰে তৈয়াৰী ‘টাৰ্মিভেক্স’ এণ্টি-টাৰ্মাইট প্লাইউড ভাৰতৰ প্ৰথম দিশৰ ‘ভেকচিনেটেড’ এণ্টি-টাৰ্মাইট প্লাইউডসমূহৰ অন্যতম। উন্নত নেন’প্ৰযুক্তিভিত্তিক এই উদ্ভাৱনৰ বাবে ইতিমধ্যে দাখিল কৰা হৈছে পেটেণ্টৰ আবেদন। এই প্ৰযুক্তি ব্যৱহাৰৰ ফলত গ্ৰীনপ্লাইৰ প্লাইউডত উঁইপৰুৱাৰ বিৰুদ্ধে উন্নতমানৰ আজীৱন সুৰক্ষা পোৱা যাব।

গুৰুত্বপূৰ্ণ যে, প্ৰচলিত ছাৰফেছ ট্ৰীটমেণ্টৰ তুলনাত অধিক উন্নত সুৰক্ষা প্ৰদান কৰে এই প্ৰযুক্তিয়ে। উঁইপৰুৱাৰ বংশবৃদ্ধি ৰোধ কৰাৰ লগতে ই আপোনাৰ আচবাব আৰু ঘৰৰ অভ্যন্তৰীণ সাজ-সজ্জাক উঁইপৰুৱাৰ বাবে হ’বলগীয়া পৰৱৰ্তী ক্ষতিৰ পৰা সুৰক্ষিত ৰখাত সহায় কৰে। নেন’প্ৰযুক্তিভিত্তিক এই বিশেষ যৌগ প্লাইউডৰ বাহ্যিক স্তৰৰ উপৰিও ভিতৰৰ অংশলৈ প্ৰৱেশ কৰে। প্লাইউডৰ প্ৰতিটো কোণত বিয়পি পৰে এই প্ৰযুক্তিৰ সুৰক্ষা, যাৰ ফলত সমগ্ৰ পৃষ্ঠজুৰি এক শক্তিশালী প্ৰতিৰোধক আৱৰণ গঢ়ি উঠে। ইয়াৰ ফলত প্লাইউডৰ প্ৰতিটো অংশ উঁইপৰুৱাৰ আক্ৰমণৰ পৰা দীৰ্ঘদিনলৈ সুৰক্ষিত হৈ থাকে।

প্ৰণিধানযোগ্য যে, দশকৰ পিছত দশক ধৰি উঁইপৰুৱাৰ পৰা সুৰক্ষাৰ বাবে মূলতঃ প্লাইউডৰ উপৰিভাগত প্ৰলেপ দিয়া আৰু স্থাপনৰ পাছত ৰাসায়নিক পদ্ধতি ব্যৱহাৰ কৰা হৈ আহিছে। এই পদ্ধতিসমূহে প্ৰাথমিকভাৱে সুৰক্ষা প্ৰদান কৰিলেও বহু ক্ষেত্ৰত সেয়া কেৱল বাহ্যিক স্তৰতে সীমাবদ্ধ থাকে। কটা, ফুটা কৰা, সেমেকা পৰিৱেশৰ সংস্পৰ্শলৈ অহা আৰু নিয়মীয়া ব্যৱহাৰৰ ফলত সময়ৰ লগে লগে এই সুৰক্ষাৰ কাৰ্যকৰিতা হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে।

এই সীমাবদ্ধতা দূৰ কৰিবলৈ প্লাইউড নিৰ্মাণৰ সময়ৰ পৰাই সুৰক্ষা প্ৰযুক্তি সংযোজন কৰিছে গ্ৰীনপ্লাইয়ে। সংস্থাটোৰ নতুন এই সামগ্ৰী গৃহ, বাণিজ্যিক স্থান আৰু প্ৰাতিষ্ঠানিক প্ৰকল্পত অধিক নিৰ্ভৰযোগ্য তথা দীৰ্ঘস্থায়ী সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে প্ৰস্তুত কৰা হৈছে। লক্ষ্যণীয়ভাৱে, আই পি আই আৰ টি আই (ইণ্ডিয়ান প্লাইউড ইণ্ডাষ্ট্ৰীজ ৰিচাৰ্ছ এণ্ড ট্ৰেইনিং ইনষ্টিটিউট)-ৰ কঠোৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ইতিমধ্যে সংস্থাটোৰ অনুমোদন লাভ কৰিবলৈ সক্ষম হৈছে গ্ৰীনপ্লাইৰ নতুন সংযোজন ‘টাৰ্মিভেক্স’-য়ে।

‘টাৰ্মিভেক্স’ মুকলি সন্দৰ্ভত গ্ৰীনপ্লাই ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ যুটীয়া পৰিচালন সঞ্চালক সান্নিধ্য মিট্টালে কয়, “গ্ৰীনপ্লাইত উদ্ভাৱনৰ মূল লক্ষ্য সদায় এটাই- অৰ্থপূৰ্ণ প্ৰযুক্তিৰ মাধ্যমেৰে গ্ৰাহকৰ বাস্তৱ সমস্যাৰ সমাধান কৰা। বিশেষকৈ ভাৰতৰ দৰে দেশত, য’ত বতাহ-পানী আৰু জলবায়ুজনিত পৰিস্থিতিয়ে উঁইপৰুৱাৰ আক্ৰমণৰ আশংকা বৃদ্ধি কৰে, তাত গৃহস্থসকলৰ বাবে উঁইপৰুৱাৰ ক্ষতি আজিও অন্যতম ডাঙৰ চিন্তাৰ বিষয়। এই উদ্ভাৱনে গ্ৰাহকসকলক অধিক উন্নত, নিৰ্ভৰযোগ্য আৰু ভৱিষ্যমুখী সমাধান প্ৰদান কৰাৰ জৰিয়তে উদ্যোগটোৰ মানদণ্ডক অধিক উচ্চতালৈ লৈ যোৱাৰ দিশত আমাৰ প্ৰতিশ্ৰুতিক তুলি ধৰিছে। ইয়াৰ ফলত ঘৰৰ অভ্যন্তৰীণ সাজ-সজ্জা অধিক দীৰ্ঘস্থায়ী হ’ব।”

উল্লেখ্য যে, গ্ৰীনপ্লাইৰ এই নতুন প্ৰযুক্তিভিত্তিক সমাধান এতিয়া সংস্থাটোৰ সমগ্ৰ গ্ৰীন ৰেঞ্জত উপলব্ধ হ’ব। ইয়াৰ ভিতৰত আছে গ্ৰীনপ্লাই মেৰিন ৭১০, গ্ৰীনপ্লাই গোল্ড, গ্ৰীনপ্লাই প্লেটিনাম, গ্ৰীনপ্লাই ক্লাব ৫০০ আৰু গ্ৰীনপ্লাই ক্লাব ৭০০।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here