গুৱাহাটীত থেৰাপিউটিক ফুড ছাপ্লিমেণ্ট ‘আমেজ’ৰ শুভ উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 19 August 2026

গুৱাহাটীত থেৰাপিউটিক ফুড ছাপ্লিমেণ্ট ‘আমেজ’ৰ শুভ উদ্বোধন


 

W7s news,,গুৱাহাটী, 19 আগষ্ট, ২০২৬: ড° বাসন্তী বৰুৱা আৰু নিউট্ৰিলনী প্ৰাইভেট লিমিটেডৰ উদ্যোগত ১৬ আগষ্ট তাৰিখে গুৱাহাটীৰ প্ৰেছ ক্লাবত সকলো বয়সৰ আৰু বিশেষকৈ বয়স্ক সকলৰ বাবে খাদ্য পৰিপূৰক ‘আমেজ’ আনুষ্ঠানিকভাৱে মুকলি কৰে।

 আধুনিক বৈজ্ঞানিক প্ৰমাণ, আয়ুৰ্বেদ, আইচি,এম,আৰ আৰু পুষ্টিৰ নিৰ্দেশনাক অসমৰ পৰম্পৰাগত খাদ্য জ্ঞানৰ সৈতে একত্ৰিত কৰি কেৱল প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰেৰে এই সামগ্ৰী প্ৰস্তুত কৰা হৈছে। এই পৰিপূৰকত প্ৰয়োজনীয় ‘মেক্ৰ’ আৰু ‘মাইক্ৰ’ পুষ্টিকৰ উপাদান আছে, ডায়েবেটিছ বেছি হোৱা বাবে নিৰাপদ আৰু দাঁতৰ লগত জড়িত যোগ থকা লোকসকলৰ বাবে অতি সুবিধাজনক। 

খাদ্য সামগ্ৰী বিষ মুকলি কৰি অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰাক্তন অতিৰিক্ত সচিব শ্ৰীযুত প্ৰফুল্ল শইকীয়াই সভাৰ দশক গৰাকী ড° বাসন্তী বৰুৱাৰ গৱেষণা আৰু উদ্যোগক প্ৰশংসা কৰে। তেঁও কয় যে এই সামগ্ৰীয়ে অসমৰ চিকিৎসামূলক খাদ্য পৰিপূৰক বজাৰত এক শূন্যতা পূৰণ কৰিলে য’ত স্থানীয় সোৱাদ, আৰু আৰামক খাদ্য-মূল্য থকা খাদ্য পৰিপূৰকৰ অভাৱ।

এই অনুষ্ঠানত নেবাকেমৰ প্ৰাক্তন পৰিচালন সঞ্চালক শ্ৰী সুভাষ ভট্টাচাৰ্য আৰু ভাৰতীয় উদ্যোগিতা প্ৰতিষ্ঠানৰ প্ৰাক্তন জ্যেষ্ঠ অধ্যাপক শ্ৰী জিতেন কলিতাইও অংশ গ্ৰহণ কৰে। ‘আমেজ’ৰ ক্লিনিকেল ট্ৰায়েলৰ কেইবাজনো অংশগ্ৰহণকাৰীয়ে তেঁওৰ ৰক্তচাপৰ মাত্ৰা হ্ৰাস আৰু শক্তিৰ মাত্ৰা বৃদ্ধিকে ধৰি এই সামগ্ৰীৰ পৰা পোৱা সুবিধাসমূহ উপস্থাপন কৰে। 

ড° বাসন্তী বৰুৱা এগৰাকী প্ৰশংসিত শিক্ষাবিদ আৰু পুষ্টিবিদ। শিশুৰ অপুষ্টি নিৰ্মূলৰ দিশত আগবঢ়োৱা অৱদান আৰু পৰম্পৰাগত খাদ্য জ্ঞান আৰু পুষ্টি শিক্ষাৰ দিশত কৰা গৱেষণাৰ বাবে তেঁওতে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ গৃহ বিজ্ঞান মহাবিদ্যালয়ৰ খাদ্য বিজ্ঞান আৰু পুষ্টি বিভাগৰ প্ৰাক্তন অধ্যাপিকা, ড° বৰুৱাক নতুন দিল্লী চি,কিউ,এম,এছ ব দ্বাৰা ভাৰতৰ ‘খাদ্য-নায়ক’ হিচাপে সন্মানিত কৰা হৈছিল। নিউট্ৰিলনী প্ৰাইভেট লিমিটেড নামৰ গুৱাহাটীৰ ভিত্তিক এটি উদ্যোগে প্ৰতিসন্ধ্যালে এই সামগ্ৰীবিধ বজাৰত উলিয়াই দিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here