খাৰিফ ঋতুত ‘ক্ৰপ ইনশ্বুৰেঞ্চ মান্থ ২০২৬’; প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত সজাগতা বৃদ্ধিৰ বাবে কেইবাখনো ৰাজ্যত এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চৰ বিশেষ অভিযান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 30 July 2026

খাৰিফ ঋতুত ‘ক্ৰপ ইনশ্বুৰেঞ্চ মান্থ ২০২৬’; প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত সজাগতা বৃদ্ধিৰ বাবে কেইবাখনো ৰাজ্যত এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চৰ বিশেষ অভিযান


 


W7s news,,মুম্বাই | ২৮ জুলাই, ২০২৬: ২০২৬ বৰ্ষৰ খাৰিফ ঋতুত অধিকসংখ্যক কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ (পিএমএফবিৱাই) আওতালৈ অনাৰ উদ্দেশ্যে দেশজুৰি আৰম্ভ হৈছে ‘ক্ৰপ ইনশ্বুৰেঞ্চ মান্থ’ কাৰ্যসূচী। এই ৰাষ্ট্ৰীয় সজাগতা অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে ভাৰতৰ অন্যতম শীৰ্ষ সাধাৰণ বীমা প্ৰতিষ্ঠান আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অন্যতম ৰূপায়ণকাৰী সংস্থা এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চ। ১ জুলাইৰ পৰা ৩১ জুলাইলৈ চলা এই এমাহ জোৰা কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে ফচল বীমা সম্পৰ্কে কৃষকসকলৰ সজাগতা বৃদ্ধি কৰা আৰু সমগ্ৰ দেশতে বীমাৰ পৰিসৰ অধিক সম্প্ৰসাৰিত কৰা।


এই কাৰ্যসূচীৰ অংশস্বৰূপে মধ্যপ্ৰদেশ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, ওড়িশা, মহাৰাষ্ট্ৰ, অসম, উত্তৰাখণ্ড, তামিলনাডু আৰু ঝাৰখণ্ড- এই ৯ খন গুৰুত্বপূৰ্ণ ৰাজ্যত ব্যাপক সজাগতা আৰু জনসংযোগ অভিযান চলাব এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চে। এই পদক্ষেপৰ জৰিয়তে ফচল বীমা সম্পৰ্কে কৃষকসকলক স্পষ্ট ধাৰণা প্ৰদান কৰা হ’ব। একেদৰে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সৈতে অধিক খেতিয়কক সামৰি লোৱাৰ উপৰিও ২০২৬ বৰ্ষৰ খাৰিফ ঋতুত ফচল বীমা গ্ৰহণৰ ক্ষেত্ৰত যাতে তেওঁলোকে সঠিক সিদ্ধান্ত ল’ব পাৰে, তাৰ বাবে আৱশ্যকীয় তথ্য আৰু যাৱতীয় সহযোগিতা আগবঢ়োৱা হ’ব।


মন কৰিবলগীয়া যে, ফচল বীমা সম্পৰ্কে কৃষকসকলৰ সজাগতা বৃদ্ধি কৰিবলৈ একাধিক পথাৰ পৰ্যায়ৰ কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চে। ইয়াৰ ভিতৰত আছে ‘ফচল বীমা পাঠশালা’, বৃহৎ পৰিসৰৰ কৃষক কৰ্মশালা আৰু কিষাণ মেলা। এই কাৰ্যসূচীসমূহৰ জৰিয়তে ফচল বীমাৰ সুবিধা সম্পৰ্কে কৃষকসকলক বিস্তাৰিতভাৱে অৱগত কৰা হ’ব। ইয়াৰ উপৰিও মহিলা কৃষকসকলৰ বাবে পৃথকে বিশেষ কৰ্মশালাৰ আয়োজন কৰা হ’ব। নৱপ্ৰজন্মৰ মাজতো আৰম্ভণিৰে পৰা ফচল বীমাৰ বিষয়ে সজাগতা গঢ়ি তোলাৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত আয়োজন কৰা হ’ব বিশেষ সমাৱেশ। একেদৰে কৃষি সম্প্ৰসাৰণ কৰ্মী আৰু বেংকিং কৰেছপণ্ডেণ্টসকলৰ বাবেও প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা ৰখা হৈছে। সমান্তৰালভাৱে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত নাম পঞ্জীয়ন আৰু ক্ষতিপূৰণৰ দাবী নিষ্পত্তি প্ৰক্ৰিয়া সহজ কৰি তুলিবলৈ বিশেষ শিবিৰ অনুষ্ঠিত কৰা হ’ব, যাতে কৃষকসকলে সমগ্ৰ প্ৰক্ৰিয়াটোত সহজে আৰু স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিব পাৰে।


আনহাতে, তৃণমূল পৰ্যায়ত এই সজাগতা ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰিবলৈ ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱাৰ লগতে কৃষকসকলৰ হাতত তথ্যসমৃদ্ধ প্ৰচাৰ পত্ৰ তুলি দিয়া হ’ব। ইয়াৰ উপৰিও বাইক ৰেলী, বাটৰ নাট, দেৱালচিত্ৰ অংকন আৰু গাঁওসভা ঘোষণা আদিৰ দৰে জনসংপৃক্ততামূলক কাৰ্যসূচীৰ জৰিয়তেও ৰাইজৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ উদ্যোগ লোৱা হৈছে। লগতে হৰ্ডিং, বেনাৰ আৰু পোষ্টাৰ আদি বহিঃপ্ৰচাৰ মাধ্যম ব্যৱহাৰ কৰি গ্ৰামাঞ্চলৰ প্ৰত্যেকজন কৃষকৰ ওচৰ পোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।


এই বিশেষ উদ্যোগ সন্দৰ্ভত এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া নবীন চন্দ্ৰ ঝাই কয়, “ভাৰতীয় অৰ্থনীতিত কৃষি খণ্ডৰ ভূমিকা সদায়েই অতি গুৰুত্বপূৰ্ণ। সেয়ে কৃষকসকলৰ বিত্তীয় সুৰক্ষা নিশ্চিত কৰাটো বৰ্তমান সময়ত অতি আৱশ্যক হৈ পৰিছে। খেতি-বাতিৰ সৈতে জড়িত লোকসকলে প্ৰতিদিনে মুখামুখি হোৱা প্ৰত্যাহ্বান আৰু অনিশ্চয়তাবোৰ আমি মৰ্মে মৰ্মে অনুধাৱন কৰোঁ। আমাৰ বিশ্বাস, ফচল বীমাই কৃষকসকলৰ সম্ভাৱ্য বিপদাশংকা হ্ৰাস কৰাৰ লগতে তেওঁলোকৰ জীৱিকা সুৰক্ষিত কৰাত বিশেষ সহায় কৰিব। ২০২৬ ৰ খাৰিফ ঋতুত অনুষ্ঠিত এই সজাগতামূলক অভিযানৰ মূল উদ্দেশ্যই হ’ল প্ৰতিজন কৃষকৰ ওচৰলৈ ফচল বীমাৰ সঠিক তথ্য লৈ যোৱা আৰু তেওঁলোকক সজাগ কৰা। আমি বিচাৰোঁ কৃষকসকলে সকলো বুজি লৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ আওতালৈ আহি সঠিক সিদ্ধান্ত লওক আৰু কৃষিৰ সম্ভাৱ্য ক্ষতিবোৰ সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হওক।”


মন কৰিবলগীয়া যে,  অন গ্ৰাউণ্ড এ‌‌নগেজমেণ্ট, ডিজিটেল প্ৰচাৰ আৰু বিভিন্ন অংশীদাৰ প্ৰতিষ্ঠানৰ সৈতে সমন্বিত উদ্যোগৰ জৰিয়তে এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চে কৃষকসকলৰ মাজত ফচল বীমা সম্পৰ্কে সজাগতা অধিক শক্তিশালী কৰি তুলিছে। এই সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ তথ্য অধিক সহজভাৱে কৃষকসকলৰ কাষলৈ লৈ যোৱা আৰু তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ সুনিশ্চিত কৰাৰ দিশত প্ৰতিষ্ঠানটোৱে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here