W7s .news,,গুৱাহাটী, ২৯ জুলাই: বিশ্বৰ চতুৰ্থ বৃহত্তম গহনা খুচুৰা বিক্ৰেতা মালাবাৰ গ'ল্ড এণ্ড ডায়মণ্ডছ-এ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী (এম এছ ধোনী)ক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে। এই দীৰ্ঘম্যাদী অংশীদাৰিত্বৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে নিজৰ ‘দ্য ৰেছপনচিবল জুৱেলাৰ’ (The Responsible Jeweller) দৰ্শনক অধিক শক্তিশালী কৰাৰ লক্ষ্য লৈছে।
কোম্পানীয়ে জানিবলৈ দিয়া মতে, এই পদক্ষেপে গহনাৰ সমগ্ৰ মূল্য শৃংখলাত স্বচ্ছতা, নৈতিক ব্যৱসায়িক নীতি, গ্ৰাহকৰ আস্থা আৰু দায়িত্বশীল ব্যৱসায়িক প্ৰচলনৰ প্ৰতি প্ৰতিষ্ঠানটোৰ অংগীকাৰক পুনৰ দৃঢ় কৰি তুলিব।
মালাবাৰ গ'ল্ড এণ্ড ডায়মণ্ডছৰ ‘মালাবাৰ প্ৰমিছেছ’ৰ অধীনত গ্ৰাহকসকলক ১০০ শতাংশ বিআইএছ (BIS) হলমাৰ্কযুক্ত গহনা, প্ৰতিটো প্ৰাকৃতিক হীৰাৰ বাবে ২৮টা মানদণ্ড পৰীক্ষা, স্বচ্ছ মূল্য নিৰ্ধাৰণ, নিশ্চিত বাইবেক, আজীৱন ৰক্ষণাবেক্ষণ, বিনামূলীয়া বীমা, উন্নত এক্সচেঞ্জ সুবিধা আৰু দায়িত্বশীল উৎসৰ পৰা সংগ্ৰহ কৰা সামগ্ৰীৰ নিশ্চয়তা প্ৰদান কৰা হয়।
অংশীদাৰিত্ব সন্দৰ্ভত মালাবাৰ গ্ৰুপৰ অধ্যক্ষ এম. পি. আহম্মদে কয় যে বৰ্তমানৰ গ্ৰাহকে কেৱল উন্নত মানৰ সামগ্ৰী বিচৰাই নহয়, তেওঁলোকে স্বচ্ছতা, বিশ্বাসযোগ্যতা আৰু আস্থাকো সমান গুৰুত্ব দিয়ে। তেওঁৰ মতে, সততা, শৃংখলা আৰু ধাৰাবাহিকতাৰ বাবে পৰিচিত এম এছ ধোনী মালাবাৰ গ'ল্ড এণ্ড ডায়মণ্ডছৰ মূল্যবোধৰ সৈতে সম্পূৰ্ণৰূপে খাপ খায়।
এম এছ ধোনীয়ে কয় যে স্বচ্ছতা, দায়িত্বশীলতা আৰু গ্ৰাহকৰ আস্থাক সৰ্বাধিক গুৰুত্ব দিয়াৰ বাবেই এই অংশীদাৰিত্ব তেওঁৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ। তেওঁ কয়, সচেতন আৰু আত্মবিশ্বাসেৰে গহনা ক্ৰয় কৰিবলৈ অধিক সংখ্যক গ্ৰাহকক উৎসাহিত কৰাৰ ক্ষেত্ৰত তেওঁ মালাবাৰ গ'ল্ড এণ্ড ডায়মণ্ডছৰ সৈতে কাম কৰিবলৈ আগ্ৰহী।
এই প্ৰচাৰ অভিযান টেলিভিছন, সংবাদপত্ৰ, ডিজিটেল আৰু ছ’চিয়েল মিডিয়া, ৰেডিঅ’, চিনেমা, আউটড’ৰ বিজ্ঞাপন আৰু খুচুৰা বিপণন কেন্দ্ৰকে ধৰি বিভিন্ন মাধ্যমত পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হ’ব। বিশ্বজুৰি থকা ৪৫০ৰো অধিক মালাবাৰ গ'ল্ড এণ্ড ডায়মণ্ডছৰ শাখাৰ জৰিয়তে এই অভিযান গ্ৰাহকৰ ওচৰ চাপিব ।
১৯৯৩ চনত প্ৰতিষ্ঠা লাভ কৰা মালাবাৰ গ'ল্ড এণ্ড ডায়মণ্ডছে জনায় যে এম এছ ধোনীৰ সৈতে এই দীৰ্ঘম্যাদী অংশীদাৰিত্বই দায়িত্বশীল ব্যৱসায়িক নীতি, স্বচ্ছতা আৰু গ্ৰাহকৰ আস্থাক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হ’ব।

No comments:
Post a Comment