W7s news,,গুৱাহাটী, ১০ জুলাই, ২০২৬: স্মাৰ্টফোনৰ সামগ্ৰীৰ পৰিসৰ আৰু অধিক সম্প্ৰসাৰণৰ দিশত নতুন পদক্ষেপ গ্ৰহণ কৰিছে লণ্ডনভিত্তিক উপভোক্তা প্ৰযুক্তি ব্ৰেণ্ড নাথিঙে। সেই ধাৰাবাহিকতাত প্ৰতিষ্ঠানটোৱে মুকলি কৰিছে তেওঁলোকৰ (বি) ছিৰিজৰ প্ৰথমটো স্মাৰ্টফোন ‘ফোন (৪বি)। নতুন এই স্মাৰ্টফোনটোৰ জৰিয়তে নাথিং ইক’চিষ্টেমত নতুন ব্যৱহাৰকাৰীসকলৰ বাবে আৰু এটা প্ৰৱেশৰ সুযোগ গঢ়ি তুলিবলৈ সাজু হৈছে প্ৰতিষ্ঠানটো। ফোন (৪এ) ছিৰিজৰ সফলতাৰ ভিত্তিত প্ৰস্তুত কৰা ‘ফোন (৪বি)’-ত নাথিং-ৰ স্বকীয় ডিজাইন, শক্তিশালী পাৰফৰমেন্স, এআই বুদ্ধিমত্তাসম্পন্ন ছফ্টৱেৰ আৰু দীৰ্ঘম্যাদী নিৰ্ভৰযোগ্যতাৰ সমন্বয় ঘটোৱা হৈছে।
‘ফোন (৪এ)’ ছিৰিজৰ সফলতাৰ ধাৰাবাহিকতাকে আৰু অধিক আগুৱাই নিবলৈ নতুন ‘ফোন (৪বি)’-ত যুক্ত কৰা হৈছে গ্লিফ ইণ্টাৰফেচ, স্ন্যাপড্ৰাগন ৬ জেন ৪ প্ৰচেছৰ, নাথিঙৰ স্মাৰ্টফোনসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ বেটাৰী, ৫০ মেগাপিক্সেলৰ অপটিকেল ইমেজ ষ্টেবিলাইজেশ্যন (অ’আইএছ) সমৃদ্ধ মুখ্য কেমেৰা, ১২০ হাৰ্টজ ছুপাৰ এম’লেড ডিচপ্লে’, নাথিং অ’এছ ৪.১ আৰু এছেনচিয়েল এআই টুলছ।
এই প্ৰযুক্তিগত বৈশিষ্ট্যৰ সমান্তৰালকৈ ডিজাইনৰ ক্ষেত্ৰতো নতুনত্বৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে নাথিঙে। ‘ফোন (৪বি)’-ত ‘ফোন (৪এ)’-ৰ গ্লিফ বাৰ আৰু ‘ফোন (৪এ) প্ৰ’ -ৰ ইউনিবডী ডিজাইনৰ সমন্বয় ঘটাই ইয়াক এতিয়ালৈকে নাথিং-ৰ আটাইতকৈ পৰিশীলিত ডিজাইন হিচাপে তুলি ধৰা হৈছে। প্ৰতিষ্ঠানটোৰ আভ্যন্তৰীণভাৱে প্ৰস্তুত কৰা ২০ টাৰো অধিক ডিজাইনৰ সংস্কৰণৰ মাজৰ পৰা বাছনি কৰা হৈছে এই ডিজাইন। এই নতুন স্মাৰ্টফোনটোত সৰলতা, ব্যৱহাৰিক সহজতা, স্থায়িত্ব আৰু স্বকীয় পৰিচয়ৰ মাজত ভাৰসাম্য বজাই ৰখা হৈছে।
একে সময়তে, এই স্মাৰ্টফোনটোৰ ইক’-পলি কাৰ্বনেট ইউনিবডীৰ সৈতে নিখুঁতভাৱে সংযোগ কৰা হৈছে এক স্বচ্ছ ছফ্ট পলিমাৰ কেমেৰা মডিউল। দীৰ্ঘস্থায়ী তিনিটা স্তৰৰ বিশেষ ক’টিং ব্যৱহাৰ কৰাৰ বাবে স্মাৰ্টফোনটো হাতত ল’বলৈ আৰামদায়ক হোৱাৰ লগতে ইয়াৰ বেক পেনেলত সহজে আঙুলিৰ সাঁচো বহিব নোৱাৰে। আইপি৬৪ ৰেটিঙৰ লগতে সৰ্বোচ্চ ৬০০ নিউটন পৰ্যন্ত চাপ সহ্য কৰিব পৰা ‘ফোন (৪বি)’ বজাৰত ব্লেক, হোৱাইট আৰু ব্লু - এই তিনিটা ৰঙত উপলব্ধ হ’ব।
মন কৰিবলগীয়া যে, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ (আৰচিবি) আইপিএলৰ দ্বিতীয়টো খিতাপ জয় উদযাপনৰ উপলক্ষে ‘ফোন (৪বি)’-ৰ এক বিশেষ ‘আৰচিবি এডিচন’ও বজাৰত মুকলি কৰিছে নাথিঙে। বিশেষ ৰঙা ৰং, বিশেষ আৰচিবি ব্ৰেণ্ডিং আৰু সংগ্ৰহযোগ্য বিশেষ সংস্কৰণৰ পেকেজিঙৰ সৈতে এই সংস্কৰণটো বাংগালুৰুত থকা নাথিং-ৰ ফ্লেগশ্বিপ ষ্ট’ৰত এক্সক্লুচিভ মুকলিৰ জৰিয়তে উপলব্ধ কৰোৱা হ’ব।
বিশেষ এই সংস্কৰণৰ সমান্তৰালকৈ ‘ফোন (৪বি)’-ৰ পৰিমাৰ্জিত গ্লিফ বাৰত ৪৫ টা সুকীয়াভাৱে নিয়ন্ত্ৰিত মিনি-এলইডি ৰখা হৈছে, যাৰ সৰ্বোচ্চ উজ্জ্বলতা ৩,৫০০ নিটচ। ইয়াৰ জৰিয়তে নোটিফিকেশ্বন, চাৰ্জিং প্ৰচেছ, ৰেকৰ্ডিং ইনডিকেটৰ আৰু ব্যক্তিগতকৰণ কৰা সতৰ্কবাৰ্তা আদি চাব পৰা যাব, যিয়ে স্মাৰ্টফোন ব্যৱহাৰৰ অভিজ্ঞতাক অধিক বাধাহীন কৰি তুলিব।
কোৱালকমৰ শেহতীয়া ৪ নেন’মিটাৰৰ স্ন্যাপড্ৰাগন ৬ জেন ৪ প্ৰচেছৰ আৰু ষষ্ঠ জেনেৰেচনৰ এআই ইঞ্জিনচালিত ‘ফোন (৪বি)’-এ কাৰ্যক্ষমতাৰ দিশৰ পৰা ‘ফোন (৪এ)’-ৰ দৰেই ক্ষমতা প্ৰদান কৰে। এণ্টুটু বেঞ্চমাৰ্কত স্মাৰ্টফোনটোৱে ১০ লাখতকৈও অধিক স্ক’ৰ অৰ্জন কৰিছে। ইয়াৰ উপৰি ফটোগ্ৰাফী, ভয়েচ চিনাক্তকৰণ আৰু এছেনচিয়েল এআই টুলছত অধিক দ্ৰুত অন-ডিভাইচ এআই সুবিধা পোৱা যাব।
উল্লেখ্য যে, ‘ফোন (৪বি)’-ত ব্যৱহাৰ কৰা হৈছে নাথিং-ৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ ৬,০০০ এমএএইচ বেটাৰী। ‘ফোন (৪এ) প্ৰ’-ৰ তুলনাত ১১ শতাংশ ডাঙৰ এই বেটাৰী ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ প্ৰয়োজনলৈ লক্ষ্য ৰাখি অপ্টিমাইজ কৰা হৈছে। স্মাৰ্টফোনটোৱে এবাৰ সম্পূৰ্ণ চাৰ্জ কৰিলে সৰ্বোচ্চ ১৮ ঘণ্টালৈকে মিশ্ৰিত ব্যৱহাৰৰ সুবিধা প্ৰদান কৰে। লগতে, ৩৩ ৱাটৰ ফাষ্ট চাৰ্জিং ব্যৱস্থা থকা এই ফোনটোৱে ১,২০০ বাৰ চাৰ্জ সম্পন্ন হোৱাৰ পিছতো বেটাৰীৰ ৯০ শতাংশ পৰ্যন্ত ধাৰণক্ষমতা অক্ষুণ্ণ ৰাখিব পাৰে।
দীৰ্ঘসময় ব্যৱহাৰৰ ফলত হ’ব পৰা উষ্ণতা নিয়ন্ত্ৰণত ৰাখিবলৈ ‘ফোন (৪বি)’-ত ব্যৱহাৰ কৰা হৈছে বিশেষভাবে প্ৰস্তুত কৰা ৪,৪০০ বৰ্গমিলিমিটাৰৰ ভেপাৰ চেম্বাৰ। গধুৰ কাম কৰাৰ সময়ত এই প্ৰযুক্তিয়ে ডিভাইচটোৰ উষ্ণতা সৰ্বোচ্চ ২ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত কমাই ৰখাত সহায় কৰে। গেমিঙৰ ক্ষেত্ৰতো স্মাৰ্টফোনটোৱে বিজিএমআই আৰু চিঅ’ডিএম গেমত ৯০ এফপিএছ পৰ্যন্ত তথা চাবৱে চাৰ্ফাৰ্ছ আৰু লিগ অব লিজেণ্ডছঃ ৱাইল্ড ৰিফ্টৰ দৰে গেমত ১২০ এফপিএছ পৰ্যন্ত চাপ’ৰ্ট কৰে।
কেমেৰাৰ দিশৰ পৰা ‘ফোন (৪বি)’-ত ৫০ মেগাপিক্সেলৰ অ’আইএছ সমৃদ্ধ মুখ্য কেমেৰা, ১১৯ ডিগ্ৰী আল্ট্ৰাৱাইড কেমেৰা, অ’আইএছ + ইআইএছ আৰু ৩৬০ ডিগ্ৰী এম্বিয়েণ্ট লাইট চেন্সৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে অধিক স্পষ্ট ছবি আৰু মসৃণ ভিডিঅ’ ৰেকৰ্ড কৰিব পৰা যাব। ট্ৰুলেন্স ইঞ্জিন ৪-ৰ সৈতে থকা আল্ট্ৰা এক্সডিআৰ প্ৰযুক্তিয়ে ১৩ টা ৰ’-ফ্ৰেম একত্ৰিত কৰি অধিক উজ্জ্বল হাইলাইট, সমৃদ্ধ ছেড’ আৰু নিখুঁত ৰং প্ৰদৰ্শন কৰে।
কেমেৰা আৰু ভিডিঅ’ ৰেকৰ্ডিং প্ৰক্ৰিয়া অধিক উন্নত কৰাৰ উদ্দেশ্যে ‘ফোন (৪বি)’-ত কেইবাটাও নতুন প্ৰযুক্তি সংযোগ কৰা হৈছে। অ’আইএছ, ইআইএছ আৰু এআই এণ্টি-শ্বেক প্ৰযুক্তিৰ সহায়ত এই স্মাৰ্টফোনটোৰ জৰিয়তে ৩০ এফপিএছত ৪কে ভিডিঅ’ ৰেকৰ্ড কৰিব পৰা যাব। ইয়াৰ লগতে প্ৰথমবাৰৰ বাবে সংযোজন কৰা হৈছে ডুৱেল ভিডিঅ’ কেপচাৰ সুবিধা, যাৰ জৰিয়তে সন্মুখৰ আৰু পিছফালৰ কেমেৰা একেলগে ব্যৱহাৰ কৰি ভিডিঅ’ ৰেকৰ্ড কৰিব পাৰি। ইয়াৰ উপৰি ডিভাইচটোত ডিস্ক’ আৰু ডিভি ফিল্টাৰ, চিলিং প্ৰিছেটচ তথা প্লেগ্ৰাউণ্ডৰ দৰে কেইবাটাও সৃষ্টিশীল ফীচাৰ অন্তৰ্ভুক্ত কৰা হৈছে।
দৃশ্যমান অভিজ্ঞতা অধিক নিখুঁত কৰিবলৈ ‘ফোন (৪বি)’-ত ব্যৱহাৰ কৰা হৈছে এক ৬.৭৭ ইঞ্চিৰ ছুপাৰ এম’লেড ডিচপ্লে’। এই ডিচপ্লে’ত আছে ১২০ হাৰ্টজ এডাপ্টিভ ৰিফ্ৰেছ ৰেট, এইচডিআৰ১০+ সমৰ্থন, সৰ্বোচ্চ ২,০০০ নিটচ উজ্জ্বলতা আৰু ১,০০০ হাৰ্টজ টাচ ছেম্পলিং ৰেট। ফলত ব্যৱহাৰকাৰীসকলে অধিক জীৱন্ত দৃশ্য আৰু খৰতকীয়া কাৰ্যক্ষমতাৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব।
শব্দ গ্ৰহণৰ ক্ষেত্ৰতো ‘ফোন (৪বি)’-ত বিশেষ উন্নতি সাধন কৰা হৈছে। স্মাৰ্টফোনটোত থকা ট্ৰু ডুৱেল ষ্টেৰিঅ’ স্পীকাৰে ‘ফোন (৪এ)’-ৰ তুলনাত ২০ শতাংশ অধিক ষ্টেৰিঅ’ ছেপাৰেশ্যন প্ৰদান কৰে। ইয়াৰ সৈতে যোগ দিয়া হৈছে নাথিং-ৰ বিশেষ ১৬০ টা স্তৰযুক্ত ভলিউম নিয়ন্ত্ৰণ ব্যৱস্থা।
এণ্ড্ৰইড ১৬ ভিত্তিক নাথিং অ’ছ ৪.১ চালিত এই ফোনটোত আছে অধিক পৰিশীলিত এনিমেছন, মসৃণ ব্যৱহাৰিক অভিজ্ঞতা আৰু চাউণ্ডস্কেপ উইজেট। সমান্তৰালভাৱে নিজৰ শ্ৰেণীৰ স্মাৰ্টফোনসমূহৰ ভিতৰত তিনি বছৰৰ এণ্ড্ৰইড আপডেট আৰু ছয় বছৰৰ সুৰক্ষা আপডেট প্ৰদান কৰি আটাইতকৈ দীৰ্ঘম্যাদী ছফ্টৱেৰ সেৱা আগবঢ়োৱাৰ দাবী কৰিছে নাথিঙে। ইয়াৰ উপৰি থকা পিক্সেল-স্তৰৰ মাইক্ৰ’-শ্বিফটিং প্ৰযুক্তিয়ে এম’লেড ডিচপ্লে’ত বাৰ্ন-ইনৰ আশংকা হ্ৰাস কৰাত সহায় কৰে।
একে সময়তে ‘ফোন (৪বি)’-ত প্ৰদান কৰা হৈছে নাথিং-ৰ সম্পূৰ্ণ এছেনচিয়েল এআই অভিজ্ঞতা। এই স্মাৰ্টফোনটোত ইন-বিল্ট চ্যাটজিপিটি ইন্টিগ্ৰেশ্যন, গুগল জেমিনাই, চাৰ্কল টু চাৰ্চ আৰু ‘হেই গুগল’ৰ দৰে অত্যাধুনিক সুবিধা উপলব্ধ আছে। ব্যৱহাৰকাৰীসকলে এছেনচিয়েল কি’-ৰ সহায়ত অতি দ্ৰুতগতিত এছেনচিয়েল স্পেচ, এছেনচিয়েল চাৰ্চ, এছেনচিয়েল ভয়েচ, এছেনচিয়েল এপ আৰু প্লেগ্ৰাউণ্ড ব্যৱহাৰ কৰিব পাৰিব।
এই স্মাৰ্টফোনটো প্ৰস্তুত কৰাৰ প্ৰতিটো পৰ্যায়তে গুণগত মানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে নাথিঙে। উচ্চ প্ৰযুক্তিৰ ক্লীনৰুমত প্ৰস্তুত কৰা ‘ফোন (৪বি)’-ক ৯৫ হাজাৰতকৈও অধিক পৰীক্ষাৰ জৰিয়তে ৬৮ টা গুণাগুণ নিয়ন্ত্ৰণ প্ৰট’কল অনুসৰি পৰীক্ষা কৰা হৈছে। ইয়াৰ উপৰি ডিভাইচটো নিৰ্মাণ কৰোঁতে ব্যৱহাৰ কৰা হৈছে পুনৰ ব্যৱহাৰযোগ্য সমল। স্মাৰ্টফোনটোৰ পেকেজিঙত ৯৯ শতাংশতকৈও অধিক প্লাষ্টিকমুক্ত উপাদান ৰখা হৈছে। ফোনটোৰ পৰা নিৰ্গত কাৰ্বনৰ পৰিমাণ হৈছে ৫৪.৭ কেজি কাৰ্বন ডাই-অক্সাইড সমতুল্য (CO₂e)।
বজাৰত ‘ফোন (৪বি)’ ক’লা, বগা আৰু নীলা - এই তিনিটা ৰঙত উপলব্ধ হ’ব। ৮ জিবি + ১২৮ জিবি আৰু ৮ জিবি + ২৫৬ জিবি- এই দুটা ভেৰিয়েণ্টত মুকলি কৰা হৈছে স্মাৰ্টফোনটো।
৭.৫ শতাংশ তাৎক্ষণিক বেংক ৰেহাই আৰু এক্সচেঞ্জ বোনাছৰ সৈতে ৮ জিবি + ১২৮ জিবি আৰ্হিৰ কাৰ্যকৰী প্ৰাৰম্ভিক মূল্য নিৰ্ধাৰণ কৰা হৈছে ২৯,৯৯৯ টকা। একেদৰে ৮ জিবি + ২৫৬ জিবি আৰ্হিৰ কাৰ্যকৰী প্ৰাৰম্ভিক মূল্য ৩৩,৬৯৯ টকা নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে স্মাৰ্টফোনটোৰ সৰ্বোচ্চ খুচুৰা মূল্য হ’ব ক্ৰমে ৩৪,৯৯৯ টকা আৰু ৩৮,৯৯৯ টকা।
অহা ১৪ জুলাই, ২০২৬-ৰ পৰা ফ্লিপকাৰ্ট, ক্ৰ’মা, ৰিলায়েন্স ডিজিটেল আৰু বিজয় চেলছকে ধৰি দেশৰ অগ্ৰণী খুচুৰা বিক্ৰী প্ৰতিষ্ঠানসমূহৰ জৰিয়তে ‘ফোন (৪বি)’ ক্ৰয় কৰিব পৰা যাব।

No comments:
Post a Comment