বঙাইগাঁৱত মেছাৰ্ছ বিমল অটোৰ সৈতে অশোক লেলেণ্ডৰ নতুন ৩এছ কেন্দ্ৰ* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 19 July 2026

বঙাইগাঁৱত মেছাৰ্ছ বিমল অটোৰ সৈতে অশোক লেলেণ্ডৰ নতুন ৩এছ কেন্দ্ৰ*


 *


 ৪২০০০ বৰ্গফুটৰ অত্যাধুনিক কেন্দ্ৰ; বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং, বৰপেটা, নলবাৰী, গোৱালপাৰা, ধুবুৰী আৰু কামৰূপ জিলাৰ গ্ৰাহকে লাভ কৰিব বিক্ৰী, সেৱা আৰু খুচৰা যন্ত্ৰাংশৰ সুবিধা



W7s news,,বঙাইগাঁও, ১৯ জুলাই: উত্তৰ-পূৰ্বাঞ্চলত বাণিজ্যিক বাহন খণ্ডত নিজৰ উপস্থিতি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে হিন্দুজা গোটৰ অগ্ৰণী প্ৰতিষ্ঠান অশোক লেলেণ্ডে আজি মেছাৰ্ছ বিমল অটো কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড-ৰ সহযোগত বঙাইগাঁৱত এক অত্যাধুনিক সমন্বিত ৩এছ (বিক্ৰী, সেৱা আৰু খুচৰা যন্ত্ৰাংশ) ডিলাৰশ্বিপ উদ্বোধন কৰে।

প্ৰায় ৪২ হাজাৰ বৰ্গফুট এলেকাজুৰি গঢ়ি তোলা এই ডিলাৰশ্বিপত ১০টা সম্পূৰ্ণ সা-সঁজুলিৰে সজ্জিত ছাৰ্ভিচ বে' স্থাপন কৰা হৈছে। ইয়াত একেটা ছাতিৰ তলতে বাহন বিক্ৰী, মেৰামতি সেৱা আৰু প্ৰকৃত খুচৰা যন্ত্ৰাংশৰ সুবিধা উপলব্ধ হ'ব।

বিশেষকৈ বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং, বৰপেটা, নলবাৰী, গোৱালপাৰা, ধুবুৰী আৰু কামৰূপ জিলাৰ বাণিজ্যিক বাহন ব্যৱহাৰকাৰী আৰু পৰিবহণ ব্যৱসায়ীসকলক অধিক দ্ৰুত আৰু মানসম্পন্ন সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে এই ডিলাৰশ্বিপ স্থাপন কৰা হৈছে।

ডিলাৰশ্বিপটোত আধুনিক কাৰ্যশালা আন্তঃগাঁথনি, অত্যাধুনিক ডায়েগনষ্টিক সঁজুলি, হুইল এলাইনমেণ্ট সুবিধা, দুৰ্ঘটনাগ্ৰস্ত বাহন মেৰামতিৰ ব্যৱস্থা, নিউমেটিক সঁজুলি আৰু মোবাইল ছাৰ্ভিচ সুবিধা উপলব্ধ থাকিব। ইয়াৰ ফলত গ্ৰাহকে উন্নত মানৰ ৰক্ষণাবেক্ষণ সেৱা লাভ কৰাৰ লগতে বাহনৰ কাৰ্যক্ষম সময় বৃদ্ধি পাব।

উদ্বোধনী অনুষ্ঠানত অশোক লেলেণ্ডৰ ৰাষ্ট্ৰীয় বিক্ৰী বিভাগৰ মুৰব্বী মাধৱী দেশমুখে কয়, “গ্ৰাহকৰ অধিক সুবিধা নিশ্চিত কৰাৰ লক্ষ্যৰে অশোক লেলেণ্ডে দেশৰ গুৰুত্বপূৰ্ণ বজাৰসমূহত নিজৰ সেৱা নেটৱৰ্ক সম্প্ৰসাৰণ অব্যাহত ৰাখিছে। বঙাইগাঁৱৰ এই নতুন ডিলাৰশ্বিপে পশ্চিম অসমৰ গ্ৰাহকসকলৰ বাবে উন্নত বিক্ৰীৰ পিছৰ সেৱা নিশ্চিত কৰিব। মেছাৰ্ছ বিমল অটো কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে আমি বিশ্বমানৰ সামগ্ৰী আৰু সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

আনহাতে, মেছাৰ্ছ বিমল অটো কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড-ৰ  সঞ্চালক অমিত ছাৰাৱগীয়ে কয়, “বঙাইগাঁৱৰ এই নতুন ডিলাৰশ্বিপ আমাৰ আৰু অশোক লেলেণ্ডৰ দীৰ্ঘদিনীয়া অংশীদাৰিত্বৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি। আধুনিক আন্তঃগাঁথনি, দক্ষ কৰ্মীবাহিনী আৰু গ্ৰাহককেন্দ্ৰিক দৃষ্টিভংগীৰে পশ্চিম অসমৰ পৰিবহণ ব্যৱসায়ী আৰু উদ্যোগসমূহক অধিক মানসম্পন্ন সেৱা আগবঢ়াবলৈ আমি বদ্ধপৰিকৰ।”

এই নতুন ডিলাৰশ্বিপৰ জৰিয়তে অশোক লেলেণ্ডৰ ইণ্টাৰমিডিয়েট কমাৰ্চিয়েল ভেহিকল, হ'লেজ ট্ৰাক, ট্ৰেক্টৰ-ট্ৰেইলাৰ, সকলো শ্ৰেণীৰ টিপাৰ, ষ্টাফ বাছ, স্কুল বাছ আৰু ৰুট বাছসহ কোম্পানীটোৰ সম্পূৰ্ণ বাণিজ্যিক বাহনৰ পৰিসৰ উপলব্ধ হ'ব। লগতে প্ৰকৃত খুচৰা যন্ত্ৰাংশ আৰু দক্ষ বিক্ৰীৰ পিছৰ সেৱাৰ সুবিধাও গ্ৰাহকসকলে লাভ কৰিব।

এই ডিলাৰশ্বিপৰ উদ্বোধনে উত্তৰ-পূৰ্বাঞ্চলত অশোক লেলেণ্ডৰ ক্ৰমবৰ্ধমান নেটৱৰ্ক অধিক শক্তিশালী কৰাৰ লগতে পশ্চিম অসমৰ গ্ৰাহকসকলৰ ওচৰলৈ উন্নত মানৰ সামগ্ৰী আৰু সেৱা অধিক সহজলভ্য কৰি তুলিব বুলি কোম্পানীটোৱে আশা প্ৰকাশ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here